/asomiyapratidin/media/media_files/2025/11/30/new-ap-web-2-17-2025-11-30-18-39-38.jpg)
অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়া ৰাজ্যৰ গুণ্ডিটজমাৰা নামৰ আদিবাসীসকলৰ মাজত প্ৰচলিত এক আখ্যান অনুসৰিয়েই ৫০ হাজাৰ বছৰ পূৰ্বে দক্ষিণ পূব অষ্ট্ৰেলিয়াত চাৰিটা দানৱ আছিল। সেই চাৰি দানৱৰ ভিতৰত তিনিটাই মহাদেশখনৰ আন কোনো ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰিলে আৰু সেই মতেই যাত্ৰা কৰিলে। তাৰে এটা দানৱে কিন্তু একে স্থানতে বহি পৰিল। তাৰ পাছত কি হ’ল ! পঢ়িব লাগিব আপুনি এই লেখা। আজি অসমীয়া প্ৰতিদিন ডিজিটেল তেনে এক মনোৰম লোকগাঁথাৰ আধাৰত লেখা এই লেখাটো প্ৰস্তুত কৰিছে নিশিগন্ধা দত্তই।
আদিম অৱস্থাৰ পৰাই মানুহে প্ৰব্ৰজন কৰি আহিছে। হাজাৰ হাজাৰ বছৰ ধৰি মানুহৰ চলি থকা এই প্ৰব্ৰজন এতিয়াও অব্যাহত আছে। সেয়েহে আজি এটা স্থানত বাস কৰি থকা লোকসকল আজিৰ পৰা হাজাৰ বছৰ পূৰ্বে সেই স্থানতেই যে আছিল তাৰ কোনো নিশ্চয়তা নাই।
সৰ্বাধিক গ্ৰহণযোগ্য প্ৰমাণ মতে মানুহৰ বসতিৰ ইতিহাস মাথোঁ ১৩,০০০ বছৰ পুৰণি। তথাপিও ২০১৭ চনৰ এক অধ্যয়নত প্ৰকাশ পোৱা মতে অষ্ট্ৰেলিয়াৰ বহু কেইটা আদিবাসী ৫০ হাজাৰ বছৰ ধৰি একে ঠাইতে বাস কৰি আছে। এই আদিবাসীসকলৰ মাজত প্ৰচলিত আছে বহু আখ্যান। সেই আখ্যানসমূহৰ বৈজ্ঞানিক দৃষ্টি কোণেৰে চৰ্চাও হৈছে।
অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়া ৰাজ্যৰ গুণ্ডিটজমাৰা নামৰ আদিবাসীসকলৰ মাজত প্ৰচলিত তেনে এক আখ্যান অনুসৰিয়েই ৫০ হাজাৰ বছৰ পূৰ্বে দক্ষিণ পূব অষ্ট্ৰেলিয়াত চাৰিটা দানৱ আছিল। সেই চাৰি দানৱৰ ভিতৰত তিনিটাই মহাদেশখনৰ আন কোনো ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰিলে আৰু সেই মতেই যাত্ৰা কৰিলে। তাৰে এটা দানৱে কিন্তু একে স্থানতে বহি পৰিল।
তাৰ পিছত তাৰ শৰীৰটো আগ্নেয়গিৰিলৈ ৰূপান্তৰ হ’ল। আৰু সেই দানৱৰ দাঁতবোৰ আগ্নেয়গিৰিৰ পৰা ওলোৱা লাভা হৈ পৰিছিল। আজিৰ তাৰিখত তাকেই UNESCO ৰ দ্বাৰা স্বীকৃত বিশ্ব ঐতিহ্যক্ষেত্ৰত বুজ বিম (Budj Bim) বুলি কোৱা হয়।
হয়তো আগ্নেয়গিৰিৰ সন্দৰ্ভত প্ৰচলিত এয়াই হৈছে আটাইতকৈ প্ৰাচীন মতবাদ। এই লোককথাত সত্যতাও বিচাৰি পাইছে একাংশই। তথ্য অনুসৰ বুজ বিম আৰু তাৰ কাষৰ আন এটা আগ্নেয়গিৰি আজিৰ পৰা ৩৭ বছৰ পূৰ্বে দ্ৰুতগতিত একেৰাহে বিস্ফোৰিত হৈছিল।
আগ্নেয়গিৰিক লৈ এনে বহু প্ৰাচীন লোককথা প্ৰচলিত হৈ আহিছে। বহু কালজয়ী সাহিত্যত আগ্নেয়গিৰিৰ সন্দৰ্ভত আছে নাটকীয় উপস্থাপন। অৱশ্যে যিবোৰ দেশত আগ্নেয়গিৰি অৱস্থিতি বেছি সেইবোৰ দেশৰ সাহিত্য, সংস্কৃতিত তাৰ প্ৰভাৱ বেছি দেখিবলৈ পোৱা যায়।
আগ্নেয়গিৰিৰ ইংৰাজী প্ৰতিশব্দ volcano। এই শব্দটো আহিছে আকৌ লেটিন শব্দ Volcanus বা Vulcan ৰ পৰা। Vulcan আকৌ প্ৰাচীন ৰোমানসকলৰ অগ্নিদেৱতাৰ নাম।
নিউজিলেণ্ডৰ এটা প্ৰাচীন জনগোষ্ঠীৰ নাম মাওৰী। এই জনগোষ্ঠীৰ পৰম্পৰাত ৰুয়াউমোকো (Rūaumoko) নামৰ এজন দেৱতাৰ উপস্থিতি আছে। প্ৰশান্ত মহাসাগৰীয় অগ্নি বলয়ত অৱস্থিত দেশখনৰ এই জনগোষ্ঠীয় লোকসকলে ৰুয়াউমোকোক আগ্নেয়গিৰি আৰু ভূমিকম্পৰ দেৱতা হিচাপে জ্ঞান কৰে।
হাৱাইত আকৌ অগ্নি আৰু আগ্নেয়গিৰিৰ দেৱী হৈছে পেলে। নৰ্ছে(Norse) পৌৰাণিক সাহিত্যত মুছপেলহেইম(Muspelheim) নামৰ এখন উত্তপ্ত, জ্বলন্ত ভূমি আছে। ইয়াৰ ৰক্ষক অগ্নি দানৱ ছুৰ্ট(Surt)।
ডাণ্টেৰ The Divine Comedyত নৰকক এটা উলটি থকা শংকু হিচাপে বৰ্ণনা কৰিছে। ইয়াৰ ভিতত বৃত্তটোক এটা জ্বলন্ত হ্ৰদ বুলি কোৱা হৈছে। যি আগ্নেয়গিৰিৰ গহ্বৰৰ প্ৰতীক। জুল ভেৰ্নৰ A Journey to the Centre of the Earth উপন্যাসতো নায়কে আইচলেণ্ডৰ স্নেফেলসয়োকুল আগ্নেয়গিৰিৰ পৰা পৃথিৱীৰ কেন্দ্ৰলৈ যাত্ৰা আৰম্ভ কৰে আৰু মেডিটেৰিয়ান সাগৰৰ ষ্ট্ৰম্বলি আগ্নেয়গিৰিৰ বিস্ফোৰণৰ জৰিয়তে পৃষ্ঠলৈ ঘূৰি আহে।
ভেৰ্নৰ The Mysterious Island উপন্যাসতো আছে আগ্নেয়গিৰি উপস্থাপন। এই উপন্যাসত বৰ্ণনা কৰা দ্বীপ এটা আগ্নেয়গিৰিত অৱস্থিত। শেষত সেই আগ্নেয়গিৰিৰ বিস্ফোৰণ হয় আৰু দ্বীপটো সম্পূৰ্ণৰূপে ধ্বংস হয়।
১৮১৫ চনত ইণ্ডোনেচিয়াৰ মাউণ্ট টাম্বোৰা আগ্নেয়গিৰিৰ বিস্ফোৰণ আছিল ইতিহাসৰ সৰ্ববৃহৎ বিস্ফোৰণ। এই বিস্ফোৰণে বিশ্বৰ জলবায়ুৰ ওপৰতো অভূতপূৰ্ব প্ৰভাৱ পেলাইছিল। এই বিস্ফোৰণৰ সময়ত প্ৰায় ১৫০ ঘন কিলোমিটাৰ ছাই, পিউমিচ আৰু অন্যান্য শিলৰ টুকুৰা আৰু বায়ুমণ্ডললৈ এৰ’ছল নিক্ষেপ কৰিছিল।
এইবোৰে সূৰ্যৰ পোহৰ পৃথিৱীত পৰাত বাধা দিছিল। ফলত বিশ্বৰ গড় উষ্ণতা প্ৰায় ৩° চেলছিয়াছ (৫.৪° ফাৰেনহাইট) হ্ৰাস পাইছিল। এনে প্ৰভাৱৰ বাবেই ১৮১৬ বছৰটোক “গ্ৰীষ্মহীন বছৰ” বুলি কোৱা হৈছিল। এই অন্ধকাৰময় সময়তে জেনেভাত মেৰী শ্বেলী আৰু তেওঁৰ সতীৰ্থসকল ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছিল।
সেই সময়তেই তেওঁৰ সৃষ্টি কৰিছিল অমৰ কৃতি Frankenstein (১৮১৮)। এই কাল্পনিক উপন্যাসখনৰ বিশ্ব সাহিত্যত আছে যথেষ্ট সমাদৰ। ১৮৮৩ চনত ইণ্ডোনেচিয়াৰ ক্ৰাকাটোয়া আগ্নেয়গিৰি বিস্ফোৰণৰ ফলত আকাশ ৰঙা হৈ পৰিছিল। ভয়াৱহতাৰ মাজতো প্ৰকৃতিত দেখিবলৈ পোৱা গৈছিল এক নান্দনিক দৃশ্য। সেই দৃশ্য দেখিয়েই পৰৱৰ্তী সময়ত নৰৱেৰ চিত্ৰশিল্পী এডভাৰ্ড মুংখে The Scream নামৰ বিখ্যাত চিত্ৰ অংকন কৰিছিল।
চলচ্চিত্ৰতো আগ্নেয়গিৰিৰ বিস্ফোৰণে গুৰুত্ব লাভ কৰিছে। ১৯৬৬ চনৰ One Million Years B.C. ত উপজাতিৰ যুদ্ধৰ অন্ত পেলোৱা বিস্ফোৰণৰ পৰা আৰম্ভ কৰি জেমছ বণ্ডৰ You Only Live Twice (১৯৬৭) ত ভিলেইন ব্ল’ফেল্ডৰ আগ্নেয়গিৰি ঘাঁটি, Volcano (১৯৯৭) নামৰ ছবিখনত টমী লী জ’ন্স আৰু এন্ন হেচে লছ এঞ্জেলছত লাভাৰ বিৰুদ্ধে যুঁজ দিয়াৰ দৃশ্য বিশ্ববাসীয়ে দেখিছে।
শেহতীয়াকৈ ২৩ নৱেম্বৰ, ২০২৫ দেওবাৰে উত্তৰ ইথিওপিয়াৰ হাইলি গুব্বি আগ্নেয়গিৰিৰ বিস্ফোৰণ ঘটিল। প্ৰায় ১২ হাজাৰ বছৰ পিছত এই বিস্ফোৰণ। ইয়াৰ পৰা নিৰ্গত হোৱা ছাইৰ ডাৱৰ লোহিত সাগৰ পাৰ হৈ য়েমেন আৰু ওমান পালেগৈ। ভাৰতৰো কিছু অংশত ইয়াৰ প্ৰভাৱ পৰিল। সেই দৃশ্য দেখি সকলো বিস্মিত হ’ল।
পৰিৱেশবিদসকলৰ মতে এই বিস্ফোৰণ “অতি অস্বাভাৱিক”। তেওঁলোকে এইটোও কৈছে যে, ইথিওপিয়াৰ এই অঞ্চলটোৰ আগ্নেয়গিৰিৰ কাৰ্যকলাপৰ ওপৰত গৱেষণা হোৱা নাই। নৰ্থ কেৰ’লিনা ষ্টেট ইউনিভাৰ্চিটিৰ আগ্নেয়গিৰি বিজ্ঞানী আৰিয়ানা ছ’লডাটিয়ে চাইন্টিফিক আমেৰিকান আলোচনীক জনোৱা মতে মেগমা গঠনৰ পৰিস্থিতি থাকিব তেতিয়ালৈকে ১০০০ বছৰ বা ১০ হাজাৰ বছৰ ধৰি বিস্ফোৰণ নোহোৱা আগ্নেয়গিৰি যিকোনো সময়তে হঠাতে বিস্ফোৰণ ঘটিব পাৰে।
হেলি গুবি হৈছে এটা ঢাল আগ্নেয়গিৰি। ই ইষ্ট আফ্ৰিকান ৰিফ্ট জ’নত অৱস্থিত। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই অঞ্চলৰ আফ্ৰিকান আৰু আৰবীয় টেকটনিক প্লেটবোৰ বছৰি প্ৰায় ০.৪ৰ পৰা ০.৬ ইঞ্চি হাৰত লাহে লাহে ইটোৱে সিটোৰ পৰা আঁতৰি গৈ আছে।
অৱশ্যে বিজ্ঞানীসকলে ইতিমধ্যে হেলি গুবি বিস্ফোৰণ হ'ব পাৰে বুলি ইংগিত পাইছিল। কাৰণ জুলাই মাহত তাৰ কাষৰে এৰটা আলে আগ্নেয়গিৰিৰ বিস্ফোৰণ ঘটিছিল।যিটো আগ্নেয়গিৰি হেলি গুবিৰ তলৰ পৃষ্ঠত গতিৰ সৃষ্টি কৰিছিল।
লক্ষ্যণীয় বিষয় যে, আগ্নেয়গিৰি বিস্ফোৰণ কেৱল পৃথিৱীতে সীমাবদ্ধ নহয়। বৃহস্পতি, মঙল গ্ৰহতো আগ্নেয়গিৰি অৱস্থিতি পোৱা গৈছে। অলিম্পাছ মন্স হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ পৰিচিত আগ্নেয়গিৰি। মঙল গ্ৰহৰ আগ্নেয়গিৰিসমূহ হৈছে ঢাল-আগ্নেয়গিৰি, যাৰ ৰূপৰেখা তুলনামূলকভাৱে সমতল। ইয়াৰ কাৰণ মঙল গ্ৰহৰ কম মাধ্যাকর্ষণ শক্তি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us