পুৰাণ, বিজ্ঞান আৰু প্ৰাণী জগতৰ সৈতে প্ৰকৃতি...

পুৰাণৰ পৰা প্ৰকৃতিলৈ বহু ঘটনাক্ৰম। একৈশ শতিকাৰ বিজ্ঞান অথবা প্ৰযুক্তিৰ জয়জয় দিনতো কিয় উজুতি খাব লগা হয় ? বাৰ্মুডা ট্ৰাইংগলৰ ৰহস্য আজিলৈকে উদঘাটন নহ’ল, সৌ সিদিনা উদগীৰণ হোৱা ৱেইৰুটৰ আগ্নেয়গিৰি অথবা পৃথিৱীৰ বিভিন্ন স্থানত হোৱা সৰু- বৰ ভূঁইকঁপৰ আগলি বতৰা দিয়াত বাৰে বাৰে ব্যৰ্থ হৈছে বিজ্ঞান প্ৰযুক্তি।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-28 at 11.48.00 AM

পুৰাণৰ পৰা প্ৰকৃতিলৈ বহু ঘটনাক্ৰম। একৈশ শতিকাৰ বিজ্ঞান অথবা প্ৰযুক্তিৰ জয়জয় দিনতো কিয় উজুতি খাব লগা হয় ? বাৰ্মুডা ট্ৰাইংগলৰ ৰহস্য আজিলৈকে উদঘাটন নহ’ল, সৌ সিদিনা উদগীৰণ হোৱা ৱেইৰুটৰ আগ্নেয়গিৰি অথবা পৃথিৱীৰ বিভিন্ন স্থানত হোৱা সৰু- বৰ ভূঁইকঁপৰ আগলি বতৰা দিয়াত বাৰে বাৰে ব্যৰ্থ হৈছে বিজ্ঞান প্ৰযুক্তি। অথচ এই ভূঁইকঁপৰ প্ৰাকক্ষণত প্ৰকৃতিৰ চৰাচৰ প্ৰাণ অথবা নদী- মহাসাগৰৰ শান্ত- সমাহিত জলৰাশিয়ে সদায় আগমুহূৰ্তত ইয়াৰ ইংগিত দি আহিছে। যাৰ অৰ্থই হ’ল- কেতিয়াবা কেতিয়াবা বিজ্ঞান- প্ৰযুক্তিৰ দ্ৰুত উত্তৰণ ঘটা বুলি দাবী কৰা হ’লেও প্ৰকৃতি বা সৃষ্টি খেয়ালৰ ওচৰত যেন এই বিজ্ঞানে আজিও হাৰ মানিব লগাত পৰে। 

ওপৰুৱাকৈ চালে ইয়াত সাংঘাটিত অস্বাভাৱিকতাৰ অৱস্থিতি সকলোৱে ধৰা পেলাব নোৱাৰিলেও মানুহৰ অন্তৰে অন্তৰে কিন্তু এই প্ৰশ্ন পূৰ্বেও আছিল, আজিও আছে। ইয়াকে আধাৰ কৰি ৰূপজ্যোতিয়ে লিখিছে আৱেগ আৰু বিবেকৰ সংমিশ্ৰণেৰে এক ব্যতিক্ৰমী লেখা। এই লেখাকে আমি নতুন বিষয় ৰূপে দৰ্শক- পাঠকৰ চৰ্চা অথবা গৱেষণাৰ উদ্দেশ্যে আজি অসমীয়া প্ৰতিদিন ডিজিটেলত হুবহু তুলি ধৰিছো। ইয়াৰ ভিত্তি অথবা যুক্তিৰ বিচাৰৰ দায়িত্ব পঢ়ুৱৈৰ হাতত। 

২০২৩ চনত মুক্তি পাইছিল এখন হাস্যৰসিক ছবি। ‘ভগৱান ভৰ’ছে’ শীৰ্ষক এই ছবিখনৰ এটা চৰিত্ৰৰ নাম ভোলা।নাম আৰু কাম একেই। ভোলাৰ মতে সমুদ্ৰমন্থনৰ সময়ত ৰাহু-কেতুৱে দেৱতাৰ বেশ ধৰি অমৃত পাণ কৰিছিল। সেই কথা সূৰ্য আৰু চন্দ্ৰ দেৱতাই ধৰা পেলোৱাত বিষ্ণু দেৱতাই তেওঁৰ ৰাহু-কেতুৰ ডিঙি দেহৰ পৰা পৃথক কৰি দিয়ে। সেই বাবেই চন্দ্ৰ গ্ৰহণ আৰু সূৰ্য গ্ৰহণ হয়। 

ভোলাই পণ্ডিতজীৰ পৰা শুনিছিল এনে কিছু কাহিনী। পৃথিৱীয়ে হেনো চন্দ্ৰৰ প্ৰদক্ষিণ নকৰে। ভোলাৰ মতে পৃথিৱী এডাল সাপৰ শিৰত বহি আছে। সাপদালে লৰচৰ কৰিলেই ভূমিকম্প আহে। ভোলাক পণ্ডিতজীয়ে কোৱা কথা এইবোৰ। 

ভোলাক পণ্ডিতজীয়ে কোৱাৰ দৰেই দেশভেদে, স্থানভেদে, সমাজভেদে ভূমিকম্পৰ দৰে প্ৰাকৃতিক পৰিঘটনাক লৈ প্ৰচলিত আছে এনে কিছু কাহিনী বা মতবাদ। তাৰোপৰি আছে ভূমিকম্প সম্পৰ্কীয় কেতবোৰ আমোদজনক তথ্যও। 
 
হিন্দু পৌৰাণিক কাহিনীত ভূমিকম্প সম্পৰ্কীয় এটা বহুল প্ৰচলিত মতবাদ অনুসৰি পৃথিৱীখন ৭ টা হাতীৰ মূৰত আছে। হাতীবোৰ আকৌ কাছৰ পিঠিত থিয় হৈ আছে। কাছটো আছে আকৌ এডাল সাপৰ ওপৰত। সাপ, কাছ অথবা হাতী ইয়াৰে যিকোনো এটা জীৱই লৰচৰ কৰিলেই আহে ভূমিকম্প। 

জনজাতীয় সমাজখন প্ৰচলিত এক মতবাদ অনুসৰিও পৃথিৱীখন এটা বৃহৎ আঁকাৰৰ কাছৰ পিঠিত থিয় হৈ আছে। কেঁচুৱে সেই কাছৰ পিঠিত মাটি তোলে আৰু পৃথিৱীখন সমতল কৰে। সেইবাবেই পৃথিৱীখন কোনো কোনো ঠাইত সমতল আৰু কোনো কোনো ঠাই হেনো পাহাৰীয়া। সেই কাছই যাতে লৰচৰ কৰিব নোৱাৰে তাৰ বাবে কাছৰ সন্মুখত এডাল প্ৰকাণ্ড সাপে ফেঁট তুলি থাকে। তাৰ মাজতো কাছই লৰচৰ কৰে আৰু সেয়ে ভূমিকম্প আহে। 

ভূমিকম্পৰ বিষয়ে যিবোৰ লোককথা প্ৰচলিত আছে প্ৰতিবোৰেই হাস্যৰসৰ সোৱাদ দিয়ে। গ্ৰীকসকলৰ মাজত ভূমিকম্প সম্পৰ্কে প্ৰচলিত মতবাদ অনুসৰি আকৌ ভূমিকম্পৰ বাবে দায়ী তেওঁলোকৰ দেৱতা পছিডন। পছিডনৰ মেজাজ বেয়া হ’লেই তেওঁ ত্ৰিশূলেৰে মাটিত খুব জোৰেৰে খুন্দা মাৰে। ফলত ভূমিকম্প আহে। মানুহৰ মাজত পাপ বৃদ্ধি পালেও পছিডনৰ খং উঠে। তেতিয়াও তেওঁ এই কামেই কৰে। 

পশ্চিম আফ্ৰিকাত আকৌ ভূমিকম্প সম্পৰ্কে প্ৰচলিত মতবাদ আৰু আমোদজনক। পশ্চিম আফ্ৰিকান লোকসকলৰ বিশ্বাস অনুসৰি পৃথিৱীখন এটা দৈত্যৰ মূৰৰ ভিতৰত আছে। এই দৈত্যটোৰ চুলিবোৰ হৈছে পৃথিৱীৰ গছ-গছনিবোৰ। মানুহ আৰু অন্যান্য জীৱ-জন্তুবোৰে এই দৈত্যৰ মূৰৰ ছালত খোজ কাঢ়ি ফুৰে। ঠিক ওকণিৰ দৰেই। কেতিয়াবা এই দৈত্যটোৱে তাৰ মূৰটো ইফালৰ পৰা সিফাললৈ ঘূৰাই দিয়ে। তেতিয়াই ভূমিকম্প আহে। 

Norse Mythology অনুসৰি আকৌ সৌন্দৰ্যৰ দেৱতা বাল্ডাৰক হত্যা কৰিছিল আন এজন দেৱতা লোকিয়ে। সেয়ে লোকিক তেওঁৰ মূৰত এডাল বিষাক্ত সাপে মেৰিয়াই ধৰে। তাৰ পিছত সাপদালে দেৱতা লোকিৰ মূৰত বিষ ঢালি দিয়ে। 

লোকিৰ পত্নী চেজিনে তেওঁক ৰক্ষা কৰিবলৈ সাপদালৰ বিষ যাতে মূৰৰ ওপৰত নপৰে তাৰ বাবে এটা পাত্ৰ ৰাখি দিয়ে। সেই পাত্ৰটো সাপদালৰ বিষেৰে ভৰ্তি হলেই চেজিনে পেলাই দিবলৈ আঁতৰাই নিয়ে আৰু সেই সময়তে সাপদালে ঢালি থকা বিষৰ পৰা ৰক্ষা পাবলৈ লোকিয়ে ভূমিকম্পৰ সৃষ্টি কৰে। 

আমাৰ চুবুৰীয়া বাংলাদেশৰ গ্ৰামাঞ্চলত আকৌ ভূমিকম্পক লৈ নানান কাহিনী শুনিবলৈ পোৱা যায়। তেওঁলোকৰ এটা অংশৰ মাজত প্ৰচলিত মতবাদ অনুসৰি পৃথিৱীখন গৰুৰ শিঙৰ ওপৰত থাকে। সেই গৰুৱে পৃথিৱীখন বহু সময় নিজৰ এটা শিঙৰ ওপৰত লৈ থকাৰ বাবে বিষ অনুভৱ কৰে। সেয়ে আনটো শিঙত পৃথিৱীখন দাঙি লয়। সেই সময়তে ভূমিকম্প হয়। 

ভূমিকম্পৰ দেশ হিচাপে পৰিচিত জাপান। ভূমিকম্পই বাৰে বাৰে আঘাত কৰে এই দেশখনক। বাৰে বাৰে প্ৰকৃতিক প্ৰত্যাহ্বান জনাই দেশখনে প্ৰযুক্তিৰে পুনৰ সকলো নিজৰ মতে, নিজৰ সুবিধা হোৱাকৈ গঢ়ি লয়। ভূমিকম্পৰ সৈতে একপ্ৰকাৰে সহৱস্থান কৰিছে এই দেশখনে। 

জাপানত ভূমিকম্প সন্দৰ্ভত প্ৰচলিত এক মতবাদ অনুসৰি জাপানৰ এটা দ্বীপত মাটিৰ তলত নমাজু নামৰ এটা মাগুৰ জাতীয় বিশাল ‘কেটফিছ’ আছে। এই মাছটোৱে সঘনে লৰচৰ কৰে আৰু সেয়ে ভূমিকম্প আহে। 

চলিত বছৰত ভাৰতৰ উপৰিও কাষৰীয়া বাংলাদেশ, ম্যানমাৰ, নেপালক বহু কেইটা ভূমিকম্পই জোকাৰি গৈছে। থাইলেণ্ড, ভিয়েটনাম, ফিলিপাইনছ, জাপান, তুৰ্কীকে ধৰি আন বহু কেইখন দেশ ভূমিকম্পৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। বহুতৰে প্ৰাণহানী হৈছে। 

অসমতো ভূমিকম্পৰ জোকাৰণি অনুভৱ হোৱাৰ সময়ত ‘হৰিবোল’ বুলি চিঞঁৰাৰ এক পৰম্পৰা আছে। এতিয়াও বহুতেই ভূমিকম্প আহিলে ‘হৰিবোল’ বুলি চিঞঁৰে। বহুতৰ মতে মুকলি ঠাইলৈ ওলাই আহিবৰ বাবে হৰিবোল ধ্বনি দি সকলোকে সচেতন কৰি তোলা হয়। 

ভূমিকম্পই সাহিত্যতো স্থান লাভ কৰিছে। অসমৰ উপৰিও বাংলা সাহিত্যতো ভূমিকম্পৰ প্ৰচুৰ উল্লেখ আছে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰেও লিখিছিল ‘ভূমিকম্প’ শীৰ্ষক এটা কবিতা। সাহিত্য, প্ৰচলিত লোককথাত ভূমিকম্পক লৈ যিয়েই নাথাকক কিয় ভূমিকম্পৰ আছে বৈজ্ঞানিক দৃষ্টিভংগী। 

একেবাৰে সহজ আৰু সৰল সেই দৃষ্টিভংগী অনুসৰি ভূমিকম্পৰ মূল কাৰণ হ'ল ভূগৰ্ভৰ টেকটোনিক প্লে’টৰ সঞ্চালন। এই প্লেটবোৰৰ ঘৰ্ষণৰ ফলতে শক্তিৰ সৃষ্টি হয় আৰু যেতিয়াই এই শক্তিৰ চাপ বাঢ়ি যায়, তেতিয়াই ভূমিকম্প হয়।

ভূমিকম্প সম্পৰ্কে আছে কেতবোৰ আমোদজনক আৰু চিন্তাকৰ্ষক তথ্যও। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি প্ৰতি বছৰে গড়ে ৭ বা তাতকৈ অধিক প্ৰাবল্যৰ ১৭ টা ভূমিকম্প আহে পৃথিৱীত। ৮ প্ৰাবল্যৰ ভূমিকম্প আহে এটা। 

কিন্তু প্ৰতিদিনেই পৃথিৱীত হয় ভূমিকম্প। প্ৰতি বছৰে সৰু সৰু লাখৰ ঘৰত ভূমিকম্প আহে। উল্লেখনীয় যে, বিশ্বৰ ভূমিকম্পৰ ৯০ শতাংশই হয় প্ৰশান্ত মহাসাগৰৰ এটা অঞ্চল ৰিং অৱ ফায়াৰৰ কাষত।

ভূমিকম্পৰ ফলত দিন-ৰাতিৰ ওপৰতো প্ৰভাৱ পৰাৰ উদাহৰণ আছে। ২০০৯ চনৰ ১১ মাৰ্চত উত্তৰ পূব জাপানত ৮.৯ প্ৰাবল্যৰ এটা ভূমিকম্পই ধ্বংসলীলা চলাইছিল। আমোদজনকভাৱে সেইদিনা পৃথিৱীৰ ভৰৰ ওপৰতো প্ৰভাৱ পৰিছিল। সেইদিনা হেনো ভূমিকম্পৰ পিছতেই পৃথিৱীখন অলপ বেগেৰে ঘূৰিবলৈ ধৰিছিল। ফলত দিনটোৰ ১.৮ মাইক্ৰ’ছেকেণ্ড চুটি হৈছিল। 

আমেৰিকাৰ ছান ফ্ৰান্সিস্কো চহৰখন প্ৰতি বছৰে গড়ে দুই ইঞ্চিকৈ লছ এঞ্জেলছৰ দিশে আগবাঢ়িছে। আমাৰ আঙুলিৰ নখবোৰ যি হাৰত বৃদ্ধি পায়,  ঠিক সেই একেই হাৰতে। চহৰখনৰ অৱস্থানৰ এই পৰিৱৰ্তনৰ কাৰণ হ’ল ছান আন্দ্ৰেয়াছ ফল্টৰ দুয়োফাল ক্ৰমান্বয়ে ইটোৱে সিটোৰ কাষেৰে পাৰ হৈ গৈ আছে।

অন্যহাতে ২০১০ চনৰ ২৭ ফেব্ৰুৱাৰীত চিলিত হোৱা ৮.৮ প্ৰাবল্যৰ ভূমিকম্পৰ বাবেই কনচেপচন চহৰখন ১০ ফুট পশ্চিম দিশলৈ গতি কৰিলে। বিজ্ঞানীসকলৰ মতে ২০১৫ চনৰ ২৫ এপ্ৰিলত নেপালত হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ বাবেই হিমালয় পৰ্বতৰ বহু কেইটা শৃংগৰ উচ্চতা হ্ৰাস পালে। মাউণ্ট এভাৰেষ্টৰো উচ্চতা প্ৰায় এক ইঞ্চি হ্ৰাস পাইছে।

বিজ্ঞানীসকলৰ মতে ভূমিকম্প অহাৰ পূৰ্বে পুখুৰী, খাল, হ্ৰদ, জলাশয়ৰ আৱদ্ধ পানীৰ পৰা দুৰ্গন্ধ ওলায়। মাটিৰ পৰা নিৰ্গত হোৱা গেছৰ ফলত আনকি পানীও অলপ গৰমো হ’ব পাৰে। ইয়াৰ ফলত অঞ্চলটোৰ বন্যপ্ৰাণীৰ আচৰণো সলনি হয়। 

ভূমিকম্পৰ পৰা পৰিত্ৰাণ পাবলৈ শ শ বছৰ পূৰ্বৰে পৰা মানুহে বিভিন্ন কৌশল অৱলম্বন কৰি আহিছে। ৫০০ বছৰ পূৰ্বে ইনকা স্থপতিবিদসকলে যেতিয়া মাচু পিচু চহৰখন নিৰ্মাণ কৰিছিল, তেতিয়াও ভূমিকম্পৰ পৰা যাতে ৰক্ষা পাব পাৰি সেই কথাৰ ওপৰত অধিক গুৰুত্ব দিছিল। 

অসমত ব্ৰিটিছসকলে অট্টালিকাৰ পৰিবৰ্তে নিৰ্মাণ কৰিছিল অসম আৰ্হিৰ ঘৰ। ব্ৰিটিছে নিৰ্মাণ কৰা বাংলোবোৰোৰ নিৰ্মাণশৈলীয়েই বহু কথা কয়। তাৰো কাৰণ আছিল ভূমিকম্পৰ পৰা পৰিত্ৰাণ পোৱা। ভূমিকম্পৰ এনে প্ৰচলিত মতবাদৰ শেষ নাই। ভূমিকম্পৰ ভয়ৱহতা যিমানেই বেছি সিমানেই বেছি ভূমিকম্প কেন্দ্ৰিক আমোদজনক কাহিনী।

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ