ডিজিটেল সংবাদ, কঠীয়াতলী : আজি ২০২৪বৰ্ষৰ ডিচেম্বৰ মাহৰ চতুৰ্থটো দেওবাৰ। দুদিনৰ পিছতেই সমগ্ৰ বিশ্ববাসীয়ে ২০২৪বৰ্ষক বিদায় দি আদৰি ল'ব ২০২৫বৰ্ষক। পুৰণি বছৰক বিদায় দি নতুনক আদৰি ল'বলৈ এতিয়া সকলোৰে যে মনত অপাৰ আনন্দ।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজস্থলীৰ সমান্তৰালকৈ নগাঁৱৰ কঠীয়াতলী- টেঙাপানী বনভোজস্থলীতো ভিৰ কৰিছেহি বনভোজকাৰী দলসমূহে। মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ টেঙাপানীত প্ৰত্যেক বছৰৰ দৰে এইবাৰো ডিচেম্বৰ মাহৰ পৰাই অসমৰ ভিন্ন প্ৰান্তৰ লোক উপস্থিত হৈ মনোমোহা দৃশ্য উপভোগ কৰাৰ লগতে একেলগে সকলোৱে এসাঁজ খাইছে।
আনহাতে সকলোৱে নাচি –বাগি, লগে- ভাগে এসাঁজ খায় এনেদৰেই এতিয়া পুৰণিক বিদায় দি নতুন বছৰক আদৰিবলৈ প্ৰয়াস কৰিছে ৷