নোখোৱা সকলেও খাব খাৰ! যদিহে জানে ইয়াৰ উপকাৰ...

নোখোৱা সকলেও খাব খাৰ! যদিহে জানে ইয়াৰ উপকাৰ...

তাহানিৰ দিনত নানান ব্যঞ্জনৰ পৰা আৰম্ভ কৰি,গা-মূৰ ধোৱা,ঔষধ-পাতি বনোৱা, কাপোৰ পৰিষ্কাৰ কৰা আদি সকলোবোৰতে কলখাৰৰ ব্যৱহাৰৰ অনিবাৰ্য।মা-আইতাই কোৱা শুনিছিলো যে ৭ বিহুৰ ভিতৰত সাতশাকীৰ লগতে তিতা, টেঙা আৰু খাৰ খোৱাটো অসমীয়াৰ এটা নিয়ম। অসমীয়া সমাজত সকলো ক্ষেত্ৰতে খাৰৰ ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা যায় কিন্তু এই খাৰৰ উপকাৰিতাৰ বিষয়ে জানেনে খাৰখোৱা অসমীয়াই? এই সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...

"খাৰ খোৱা অসমীয়া" বুলি কোনোৱে যদি উপলুঙা কৰে কাৰোবাৰ বাবে আকৌ খাৰ হৈছে আৱেগ। শৈশৱত গৰম ভাতত অলপ কলাখাৰ সানি মায়ে লাডু বনাই খোৱাই স্কুললৈ পঠিওৱা দিনবোৰ হৈছে আৱেগ। মাছৰ মূৰ দি ৰন্ধা খাৰৰ ব্যঞ্জনখনো অসমীয়াৰ আৱেগ। দৰাচলতে খাৰখোৱা বুলিলে নিৰ্দিষ্টকৈ অসমীয়া জাতিটোকে বুজায়৷ সেয়ে অসমীয়া খাদ্য সম্ভাৰত খাৰ অনিবাৰ্য্য।

কলখাৰ ভীমকল, আঠিয়াকল, চেনিচম্পা আদি কলগছৰ পৰা উৎপাদন কৰিব পাৰি যদিও ভীমকলৰ পৰা তৈয়াৰ কৰা খাৰকে সৰ্বোৎকৃষ্ট কলখাৰ বুলি ক’ব পাৰি। কলৰ বাকলি বা মূঢ়া শুকুৱাই পুৰি পেলোৱা পিছত যিখিনি ছাই ওলাই তাত পানী দি থৈ পিছত তাৰ পৰা নিগৰি ওলোৱা পানীয়েই হৈছে খাৰ৷ কেতিয়াবা কল গছৰ অংশ যেনে পাত,পটুৱা আৰু কলগছৰ মাজৰ ডিলা অংশও ৰ’দত শুকুৱাই পুৰি কলাখাৰ প্ৰস্তুত কৰা হয়৷

প্ৰয়োজন উদ্ভাৱনৰ মূল।অতীতত অসমীয়া সকলৰ নিমখৰ বিকল্প আছিল খাৰ।যিহেতু অসমত নিমখৰ আমদানী বহু দেৰিকৈ হৈছিল,শৰীৰত প্ৰয়োজন হোৱা সাধাৰণ লৱণৰ পৰিপূৰক হিচাপে আমাৰ পূৰ্ব পৰুষ সকলে আঞ্জাত খাৰ ব্যৱহাৰ কৰিছিল।কেৱল মুখৰ জুতিয়ে নহয় কলাখাৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী।

খাৰ খোৱা অসমীয়াই বাৰু জানেনে খাৰৰ উপকাৰিতাৰ বিষয়ে?

গৱেষণাৰ মতে কলৰ প্ৰতি ১০০ গ্ৰাম ছাইত নিম্ন লিখিত উপাদানসমূহ থাকে- পটেছিয়াম ২৫৫ মিলিগ্ৰাম,

মেগনেছিয়াম ২৭ মিলিগ্ৰাম,

ফচফৰাচ ৩৩ মিলিগ্ৰাম,

ছ’ডিয়াম ৫১ মিলিগ্ৰাম আৰু

কেলছিয়াম ৬.৬ মিলিগ্ৰাম৷

কলাখাৰত থকা প’টাছিয়ামে শৰীৰক উচ্চ ৰক্তচাপ আৰু ষ্ট্ৰ’কৰ দৰে সমস্যাৰ পৰা সুৰক্ষা প্ৰদান কৰে৷

খাৰে কিডনিৰ পাথৰ হোৱা প্ৰতিৰোধ কৰে।

ভেনাডিয়ামে হৃদপিন্দৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে বুলি এক বিশ্বাস আছে । যিবোৰ ঠাইত হৃদপিন্দৰ ৰোগীৰ সংখ্যা বেছি সেই ঠাইবোৰৰ পানীত ভেনাডিয়ামৰ মাত্ৰা কম।কলাখাৰত ভেনাডিয়ামৰ উপস্থিতিয়ে হৃদপিন্দৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।

কলা খাৰে হাড়ৰ ঘনত্ব বজাই ৰখাত সহায় কৰে৷ লগতে খাৰে পেটৰ এচিডিটিৰ সমস্যা দূৰ কৰে।

মাতৃদুগ্ধৰ পৰিমাণ বৃদ্ধি কৰিবলৈও খাৰ খাব লাগে। খাৰে খাদ্যৰ প্ৰতি ৰুচি বঢ়োৱাৰ লগতে আভোক ভাৱ আঁতৰ কৰে।

কৌষ্ঠকাঠিন্যৰ সমস্যাত ভূগি থকা সকলে খাদ্যত খাৰ ব্যৱহাৰ কৰিব লাগে। ই শৌচ খোলোচা কৰে।

ভীমকলৰ বাকলি পুৰি ছাইখিনি এৰাতিৰ কাৰণে পানীত তিয়াই থৈ পুৱা পানীখিনি ছেকি (কলাখাৰ) ইয়াক এনটাছিড (antacid) ব্যৱহাৰ কৰা হয় ।

চীন, জাপান আৰু আমেৰিকাৰ দৰে উন্নত দেশত হোৱা গৱেষণা অনুসৰি মাতৃৰ গৰ্ভাৱস্থাত খাৰ বা খাৰুৱা পানীৰ প্ৰয়োজনীয়তা আছে।

চৰ্ডি,কাহঁৰ পৰা উপশম পাবলৈও খাদ্যত খাৰৰ ব্যৱহাৰ কৰিব লাগে।

কলৰ ছাইৰ পৰা চাবোন নিৰ্মাণ কৰা হয় আৰু কলৰ ছাইৰ পৰা উৎকৃষ্ট অ’ৰ্গেনিক বা জৈৱিক সাৰ উৎপাদন কৰা হয়৷

অতীজৰে পৰা কলাখাৰে অসমীয়াৰ জীৱনত বিশেষ স্থান অধিকাৰ কৰি আহিছে। কিন্তু এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে প্ৰতিটো বস্তুৰে অতিমাত্ৰা ব্যৱহাৰ শৰীৰৰ বাবে হানিকাৰক হয়। সীমিত পৰিমাণত ব্যৱহাৰ কৰিলে কলাখাৰৰ পৰা অধিক সুফল পাব পাৰি ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in