/asomiyapratidin/media/media_files/2025/09/24/421-2025-09-24-19-12-50.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানত প্ৰতিষ্ঠা কৰা হ’ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ৷ লগতে মহান শিল্পীগৰাকীৰ নামত নিৰ্মাণ কৰা হ’ব সংগ্ৰহালয় ৷ এই কথা সদৰী কৰিছে কাজিৰঙা জাতীয় অৰ্কিড উদ্যান পৰিচালনা সমিতিৰ সভাপতি অখিল গগৈয়ে ৷
মহান শিল্পীগৰাকীৰ স্মৃতি সুঁৱৰি অখিল গগৈয়ে প্ৰকাশ কৰে যে জুবিন গাৰ্গৰ অন্যতম প্ৰিয় স্থান আছিল কাজিৰঙা জাতীয় অৰ্কিড উদ্যান ৷ অৰ্কিড পাৰ্কখনলৈ আহি অতি শান্তি পাই বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় যে অৰ্কিড উদ্যানখনৰ ভাত সাজ তেঁওৰ আছিল অতি প্ৰিয় ৷ সেয়েহে উজনিলৈ আহ-যাহ কৰোতে জুবিন গাৰ্গে প্ৰায়ে অৰ্কিড পাৰ্কখনত আহাৰ গ্ৰহন কৰে ৷
নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলক চৰকাৰে আৰু পুঁজি যোগান নধৰাৰ লগতে অসমত পাতিবলৈ অনুমতি দিয়া নহ’ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা এক প্ৰসহন বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ৷ অখিল গগৈয়ে লগতে মন্তব্য কৰে যে অসমৰ ৰাইজে এই অনুষ্ঠানটো কেতিয়াও হ’ব নিদিয়ে ৷
আনহাতে মুখ্যমন্ত্ৰীলৈ অখিল গগৈৰ প্ৰশ্ন যে বাৰে বাৰে দাবী জনাই অহাৰ পাছত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই কিয় ৷ লগতে অখিল গগৈৰ দাবী জুবিন গাৰ্গক পানীত নামিবলৈ বাধ্য কৰা সকলক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে ৷ লগতে ঘটনাটোৰ তদন্ত চিবিআইক অৰ্পনৰ দাবী তোলে অখিল গগৈয়ে ৷
আনহাতে যিহেতু সাগৰ বা ডাঙৰ জলৰাশিত ফ্ৰি ড্ৰাইভিং বা স্কুবা ড্ৰাইভিং কৰাৰ আগতে কিছুমান অসুখত ভুগি থকা লোকৰ ফ্ৰম ফিলাপ ককি চিকিৎসকৰ প্ৰমান পত্ৰ লোৱাতো নিয়ম ৷ কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত সেয়া কৰা হৈছিলনে বুলি প্ৰশ্ন কৰে অখিল গগৈয়ে ৷
এনে এটা ঘটনাৰ তদন্ত চিবিআইয়ে যিহেতু ছিংগাপুৰত কৰিবগৈ নোৱাৰে ৷ গতিকে উচিত তদন্তৰ বাবে চিবিআইৰ তদন্ত দিব লাগে বুলি দাবি কৰে অখিল গগৈয়ে ৷ এই সন্দৰ্ভত কাইলৈ ৰাজ্যপালক সাক্ষাত কৰিব অখিল গগৈয়ে ৷
জুবিন গাৰ্গৰ আদৰ্শৰে শিৱসাগৰত দুখীয়া ছাত্ৰ-ছাত্ৰী আৰু ৰুগীয়া লোকক সহায়ৰ বাবে এটি পুঁজি গঠন কৰা হ’ব শিৱসাগৰত ৷ এই কথা প্ৰকাশ কৰি শিৱসাগৰৰ বিধায়ক অফিল গগৈয়ে সদৰী কৰে যে শিৱসাগৰত জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব।