নগাঁৱত গাড়ৱাৰে (GARWARE) ৰ অত্যাধুনিক এপ্লিকেচন ষ্টুডিঅ' মুকলি...

মধ্য অসমবাসীৰ বাবে সুখবৰ । নগাঁৱত মুকলি হ'ল ভাৰতৰ প্ৰসিদ্ধ যান-বাহনৰ অত্যাধুনিক হাই-টেক ষ্টুডিঅ' গাড়ৱাৰে (GARWARE)ৰ এপ্লিকেচন ষ্টুডিঅ' । নগাঁও জিলাৰ ডিমৌৰ বাইপাছত ষ্টুডিঅ'টো ফিট কাটি

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ, নগাওঁঃ মধ্য অসমবাসীৰ বাবে সুখবৰ । নগাঁৱত মুকলি হ'ল ভাৰতৰ প্ৰসিদ্ধ যান-বাহনৰ অত্যাধুনিক হাই-টেক ষ্টুডিঅ' গাড়ৱাৰে (GARWARE)ৰ এপ্লিকেচন ষ্টুডিঅ' । নগাঁও জিলাৰ ডিমৌৰ বাইপাছত ষ্টুডিঅ'টো ফিটা কাটি মুকলি কৰে GARWARE ৰ চেণ্ট্ৰেল জ'নেল মেনেজাৰ ৰাকেশ কুমাৰ আৰু উত্তৰ-পূৱৰ জ'নেল মেনেজাৰ মৃণাল মিশ্ৰই ।

এই অনুষ্ঠানত নগাঁৱৰ এপ্লিকেচন ষ্টুডিঅ'টোৰ স্বত্বাধিকাৰী অমৰজিৎ শৰ্মাৰ লগতে তেওঁৰ পত্নী তথা উদ্যোগী মহিলা কবিতা শৰ্মা আদিকে ধৰি প্ৰতিষ্ঠানখনৰ বিষয়া-কৰ্মচাৰীসকলো উপস্থিত থাকে ।

এই ষ্টুডিঅ'টোত যান-বাহনৰ গ্ৰাহকসকলে উন্নত মানদণ্ডৰ পেইণ্ট প্ৰটেকচন ফিল্ম আৰু আল্ট্ৰা ভায়'লেট ৰশ্মি সুৰক্ষাযুক্ত উইনড'জ ফিল্ম লগোৱাৰ সুবিধা আৰু ৱাৰেণ্টি লাভ কৰিব । উল্লেখ্য যে, নগাঁৱৰ ডিমৌস্থিত বিজয়া'জ মটৰ্ছৰ বি, এছ, কাষ্টমৰ চৌহদত এই এপ্লিকেচন ষ্টুডিঅ'টো মধ্য অসমবাসীৰ সুবিধাৰ বাবে মুকলি কৰা হৈছে ।

নগাওঁ