/asomiyapratidin/media/media_files/2025/10/20/15-2025-10-20-07-54-03.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : জুবিন গাৰ্গৰ মৃত্যু হোৱা ঘটনাই দেওবাৰে এমাহ পূৰ্ণ কৰাত কোকৰাঝাৰত জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰা হয়। কোকৰাঝাৰবাসী জুবিন অনুৰাগীৰ উদ্যোগত কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী খেলপথাৰত জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়।
৫০০০ গছি বন্তি প্ৰজ্বলেনেৰে শ্ৰদ্ধাঞ্জলি প্ৰদান কৰাৰ লগতে জুবিন অনুৰাগীসকলে #JusticeForZubeenGargৰ দাবীৰেও বন্তি প্ৰজ্বলন কৰে। তদুপৰি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত হস্তাক্ষৰো সংগ্ৰহ কৰা হয় ।
ইয়াৰ লগতে আকাশবন্তি প্ৰজ্বলন কৰা হয়। তদুপৰি অনুষ্ঠানত নাগাৰা নাম পৰিবেশন কৰা হয়। ইপিনে অনুষ্ঠানত উপস্থিত থকা একাংশ অনুৰাগীয়ে এমাহ অতিক্ৰম কৰাৰ পিছতো জুবিন গাৰ্গে ন্যায় নোপোৱাত আক্ষেপ প্ৰকাশ কৰে ।
জুবিন অনুৰাগীয়ে কয় যে ক'ৰবাত যেন জুবিনৰ বিষয়টোক লৈ ৰাজনীতিকৰণ কৰা হৈছে । তদন্ত লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন কৰি জুবিন অনুৰাগীয়ে অতি শীঘ্ৰে জুবিনক ন্যায় প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ।