সংস্কৃত পণ্ডিত বানেশ্বৰ দেৱ শৰ্মাৰ সোঁৱৰণত বিশেষ ৰাজ্যিক বঁটা প্রদান অনুষ্ঠানৰ আয়োজন

সাহিত্য, সংস্কৃতি, বিজ্ঞান, সংবাদসেৱা আৰু খেল আদি ক্ষেত্রত স্বকীয় প্রতিভাৰে উজলি উঠা ব্যাক্তি সকলক আন্তৰিকতাৰে বঁটা প্ৰদান কৰি অহা হৈছে।

author-image
Asomiya Pratidin
New Update
11

ডিজিটেল ডেস্কঃ ৰঙিয়াৰ এগৰাকী বিদগ্ধ সংস্কৃত পণ্ডিত কোঠাৰা প্রাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক, লেখক জ্যোতিষী প্রয়াত বানেশ্বৰ দেৱ শৰ্মা । তেওঁৰ সোঁৱৰণত বিগত ৫ বছৰে বিশেষ ৰাজ্যিক বঁটা প্রদান অনুষ্ঠানৰ আয়োজন কৰি অহা হৈছে।  এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সাহিত্য, সংস্কৃতি, বিজ্ঞান, সংবাদসেৱা আৰু খেল আদি ক্ষেত্রত স্বকীয় প্রতিভাৰে উজলি উঠা ব্যাক্তি সকলক আন্তৰিকতাৰে বঁটা প্ৰদান কৰি অহা হৈছে।  

WhatsApp Image 2025-11-22 at 5.42.39 PM

উল্লেখ্য যে অহা ৩০ নৱেম্বৰ দেওবাৰে ৰঙিয়াত বিশেষ বঁটা প্ৰদান কৰা হ'ব। ইপিনে কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্রয়াত সুৰেশ চন্দ্র শর্মা আৰু আৰিমত্ত প্রাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্রধান শিক্ষয়িত্রী প্রয়াত অনিমা দেৱীৰ সোঁৱৰণত প্রদান কৰি অহা সু-অনি বঁটা গ্রহণ কৰিব বুলি জানিব পৰা গৈছে। 

ৰঙিয়া