পাটাছাৰকুছিত প্ৰাগজ্যোতি বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন

পাটাছাৰকুছিৰ অন্যতম স্বেচ্চাসেৱী সামাজিক অনুষ্ঠান প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত তথা পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগিতাত শনিবাৰে নিৰ্মল হালৈ মহাবিদ্যালয়ত অনুষ্ঠিত ৪ সংখ্যক প্ৰাগজ্যোতি বিশেষ বক্তৃতানুষ্ঠানৰ "নৱপ্ৰজন্ম আৰু মূল্যবোধ" শীৰ্ষক বক্তৃতা

author-image
Asomiya Pratidin
New Update
187

ডিজিটেল সংবাদ, পাটাছাৰকুছি : "মূল্যবোধ নথকা এখন সমাজ মৰুভূমিৰ দৰে আৰু মূল্যবোধ থকা সমাজ মৰুদ্যানৰ দৰে - এই মন্তব্য অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষীকেশ গোস্বামীৰ ৷ পাটাছাৰকুছিৰ অন্যতম স্বেচ্চাসেৱী সামাজিক অনুষ্ঠান প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত তথা পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগিতাত শনিবাৰে নিৰ্মল হালৈ মহাবিদ্যালয়ত অনুষ্ঠিত ৪ সংখ্যক প্ৰাগজ্যোতি বিশেষ বক্তৃতানুষ্ঠানৰ "নৱপ্ৰজন্ম আৰু মূল্যবোধ" শীৰ্ষক বক্তৃতা প্ৰদান কৰে।

তেখেতে আৰু কয় যে, আমি ডাঙৰ মানুহ বুলি ভবা বহু মানুহেই বিশেষকৈ ৰাজনীতিৰ মানুহে নীতি আদৰ্শৰ কথা বহুত কয় আৰু নিজৰ জীৱনত অনুশীলন বা পালন নকৰে ৷ মৌলিক পদাৰ্থৰ সৃষ্টি কৰিব নোৱাৰি কিন্তু মূল্যবোধ সৃষ্টি কৰিব পাৰি ৷ 

মূল্যবোধে আমাক পোহৰ আনি দিয়ে ৷ মানৱীয় প্ৰমূল্যবোধ যদি আমাৰ অন্তৰত নাথাকে তেতিয়া সচা অৰ্থত মানুহ হ'ব নোৱাৰো মানুহৰ অৱয়ব হ'লেই মানুহ হ'ব নোৱাৰে ৷ প্ৰকৃত জ্ঞানে মানুহৰ এক বিদ্বেষমুক্ত মনৰ সৃষ্টি কৰিব পাৰে আৰু বিদ্বেষমুক্ত মনে মানুহৰ মনত মূল্যবোধৰ সৃষ্টি কৰিব পাৰে ৷

পল ৰবছন, ভূপেন হাজৰিকাৰ লগতে জুবিন গাৰ্গৰ গানৰ কলি গুনগুনাই তেখেতে বহু বিশ্ববিখ্যাত দাৰ্শনিকৰ উদাহৰণেৰে ভাষণটো অধিক মনোগ্ৰাহী কৰি তোলে ৷ এলেন মাক্সে ল'ৰা-ছোৱালীক মোবাইল চাব নিদিয়ে বুলিও কয় ৷ ফেচবুকৰ আবিস্কৃত জুকাৰবাৰ্গৰ ঘৰত টিভয়েই নাই বুলি উল্লেখ কৰে, এপল ফোনৰ আবিষ্কাৰক ষ্টিভ জবছৰ প্ৰসংগ টানি আনি তেওঁলোককৰ সফলতা আৰত থকা সংগ্ৰামখনৰ কথাবোৰ বিশ্লেষণ কৰে আৰু "ইনষ্টেন্ট মানি আৰু ইনষ্টেন্ট চাকচেচ"ৰ  চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ ছাত্ৰছাত্ৰীসকলক উদ্দেশ্যি আহবান জনায় ৷

সদায় ইতিবাচক চিন্তাৰে আগবাঢ়িলেহে আগবাঢ়িব পাৰি বুলি ইলেকট্ৰিক বাল্ব আবিস্কাৰ কৰা টমাচ আলভা এডিছনৰ জীৱনৰ সংগ্ৰামৰ বৰ্ণনা কৰে আৰু ইতিবাচক চিন্তাৰ ফলত কেনেকৈ সফলতা বুটলিবলৈ সক্ষম হৈছিল সেয়া বৰ্ণনা কৰে। লগতে ছাত্ৰাৱস্থাতে জীৱনটো ইতিবাচক চিন্তাৰে কৰ্ম ব্ৰতী হৈ জীৱনটো গঢ় দিবলৈ আহবান জনায় ৷

বক্তৃতানুষ্ঠানটোৰ যুটীয়া তত্বাবধায়ক নিতুল শৰ্মাই আঁত ধৰা তথা  দীননাথ শৰ্মাৰ জীৱনৰ ওপৰত আলাকপাত কৰা এই অনুষ্ঠানত  নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকাই আদৰণি ভাষণ, বক্তৃতানুষ্ঠানটোৰ যুটীয়া তত্বাবধায়ক আমিনুল হকে আৰম্ভনি অনুষ্ঠান আৰু মহাবিদ্যালয়খনৰ হৈ অসমীয়া বিভাগৰ মুৰব্বী নৱনীতা কলিতাই  দুষাৰ কয় ৷ এইবেলি পাটাছাৰকুছি অঞ্চলৰ বামুণকুছিৰ সন্তান আৱাহন যুগৰ স্রষ্টা প্রয়াত দীননাথ শৰ্মাৰ নামত উৎসৰ্গিত এই বক্তৃতানুষ্ঠানটিৰ আৰম্ভণিতে প্রয়াত দীননাথ শৰ্মাৰ প্ৰতিকৃতিত স্মৃতি তৰ্পন কৰে বিশিষ্ট সমাজকর্মী তথা অৱসৰী অধ্যাপক মুনীন্দ্র নাৰায়ণ গোস্বামীসহ ক্লাবৰ সভাপতি ৰফিকুল হক, সম্পাদক ৰাজীৱ কুমাৰ শৰ্মা আৰু অতিথিসকলে।  

ক্লাবৰ শীৰ্ষক সংগীত পৰিবেশনৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানত ছাত্ৰ- ছাত্ৰীকে ধৰি দুই শতাধিক লোক উপস্থিত থকা এই অনুষ্ঠানত বহু সংখ্যক গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে।

পাটাছাৰকুছি