/asomiyapratidin/media/media_files/2026/01/03/1-2026-01-03-19-31-31.jpg)
ডিজিটেল ডেস্কঃ চানডুবি বিলৰ জৈৱ-বৈচিত্র্য তথা অপৰূপ সৌন্দৰ্যই ৰাইজক মোহিত কৰিছে। চানডুবি অঞ্চলটোৰ লোক কলা কৃষ্টিয়ে ৰাইজক অনাবিল আনন্দ দিয়াই নহয়,এই বিলখনি ৰাইজৰ এক যোগসূত্ৰৰ স্থলী হৈ পৰিছে। এইদৰে কয়- অসমৰ প্ৰাক্তন ডিআইজি অপূৰ্ব জীৱন বৰুৱাই।
আজি চানডুবি উৎসৱৰ তৃতীয়টো দিন। চানডুবি বিলৰ নগৰ বাকৰিত লোক সংস্কৃতিৰ গৱেষক ভূবিন ৰাভাৰ সঞ্চালনাত 'জনজাতীয় গ্রাম্য সমাজত প্রচলিত ৰীতি-নীতি, পৰম্পৰা আৰু ইয়াৰ অলিখিত বৈজ্ঞানিক ভিত্তি' শীৰ্ষক আলোচনাচক্ৰত উপস্থিত হৈ অপূৰ্ব জীৱন বৰুৱাই চানডুবি উৎসৱৰ আৰম্ভণিৰ পৰাই চানডুবিলৈ আহি থকা বুলি উল্লেখ কৰে। পাছত তেওঁ পত্নী ৰাজলক্ষ্মী বৰুৱাসহ চানডুবি বিল পৰিদৰ্শন কৰে। এই আলোচনাচক্ৰত লগতে সাংস্কৃতিক কৰ্মী জোতিপ্ৰসাদ দাসে এই চানডুবি উৎসৱ অকল উৎসৱ নহয়,প্ৰকৃতি ৰক্ষাৰ এক আন্দোলন বুলি উল্লেখ কৰে। এই আলোচনা চক্ৰৰ পাছত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে। এই অনুষ্ঠানত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ আৰছু ইউনিটৰ ৰাভা নৃত্য পৰিৱেশন,লোক বাদ্যৰ গৱেষক অমূল্য ৰাভাৰ বীণ আৰু চেৰেণ্ডাৰ বাদ্য পৰিৱেশন, ছয়গাঁও কালচাৰেল বিহু হুচৰি দলৰ বিহু পৰিৱেশন, অনাতাৰ শিল্পী,বিশিষ্ট বাঁহী বাদক পৱন ৰাভাৰ কন্যা সন্তান মনজিৰি প্ৰভাচিনিৰ বাঁহী বাদনকে ধৰি চাথাৰ নৃত্য,হানাঘোৰা নৃত্য,ৰাভা নৃত্য আদি পৰিৱেশন কৰা হয়। বিয়লি চানডুবিত আবেলিৰ গান শীৰ্ষক এটি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-image-2026-01-03-19-31-48.jpeg)
জোতিপ্ৰসাদ ৰাভা আৰু জোতিষ ৰাভাৰ পৰিচালনাত অনুষ্ঠিত অনুষ্ঠানত অসমৰ বিশিষ্ট সংগীতকাৰ দ্বীপ ৰাজবংশীকে ধৰি প্ৰীতিশা ৰাভা,ইশা ৰাভা,দিপাংকৰ ৰাভা,বিজয় সাগৰ,সবিতা লহকৰ,পল্লৱী ৰাভা,মণিকংকনা দাস,ত্ৰিদীপ ৰাভা,সুৰভী ৰাভা,প্ৰত্যাশা দাস,মেঘনা প্ৰিয় ৰাভা,কনিকা ৰাভা,দিপালী ৰাভা,নিলোভ নিবিড় ৰাভা,সীমা ৰেখা দাসসহ বহুকেইজন বিশিষ্ট লোক,ছাত্ৰ-ছাত্ৰী,সংগীতকাৰ,কণ্ঠশিল্পীয়ে গীত মাত পৰিৱেশন কৰে। আনহাতে ৪ জানুৱাৰীৰ পুৱা লেৱাটনা খেল প্রতিযোগিতাৰ পাছত ১০-৩০ বজাত অনুষ্ঠিত হ'ব সম্বৰ্ধনা সভা। এই সভাত গ্রীন অস্কাৰ বঁটাপ্ৰাপ্ত জীৱবিজ্ঞানী ড° পূর্ণিমা দেবী বর্মন, আদি সাথি বঁটাপ্রাপক, আঞ্চলিক পঞ্চায়তৰ সদস্য জিতুল ৰাভাক সম্বৰ্দ্ধনা জনোৱা হ'ব। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাভা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভা,আৰছুৰ সভাপতি মতিলাল ৰাভা,নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা,ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি দশানন ৰাভাকে ধৰি বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-image-2026-01-03-19-32-11.jpeg)
শুক্ৰবাৰে সন্ধিয়াৰ ভাগত চানডুবিত আবেলিৰ গান শীৰ্ষক এখনি সংগীতানুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত আঁত ধৰে সাংস্কৃতিককৰ্মী জ্যোতিপ্ৰসাদ দাস আৰু জ্যোতিষ ৰাভাই। তেওঁলোকে এই চানডুবি বিলৰ নগৰ বাকৰিত অনুষ্ঠিত এই উৎসৱ এক বিপ্লৱ,প্ৰকৃতি সুৰক্ষাৰ এক আন্দোলন বুলি উল্লেখ কৰে। আবেলিৰ গান অনুষ্ঠানত ক্ৰমে লেখক তথা শিক্ষক উত্তম চন্দ্ৰ দাসৰ কথাৰে সমবেত সংগীত পৰিৱেশন কৰে পি এম চি লোহাৰঘাট চৰকাৰী এম ভি স্কুলৰ ছাত্ৰ ছাত্ৰীৰ দলে,একক কণ্ঠত ক্ৰমে মানসপ্ৰতীম ৰাভা,আলিচা ৰাভা,টাইচন ৰাভা,শ্যামন্ত চব্বৰ,দিকনীল,পংকজ ৰাভা,বিমল কলিতা,ডেপুটি চি অ কামৰূপ জিলা পৰিষদৰ ধনজিত দত্ত,ভবান্ত ৰাভা,খনিন্দ্ৰ বড়োকে ধৰি কেইবা গৰাকী লোকে গীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰে। এই অনুষ্ঠানতে ভূপেন হাজৰিকা,জুবিন গাৰ্গ,জয়ন্ত হাজৰিকাকে ধৰি ৰাভা ভাষাৰ গীত পৰিৱেশন কৰা হয়।
আজিৰ এই অনুষ্ঠানৰ পূৰ্বে হানাঘোৰা নৃত্য,বড়ো, ৰাভা, গাৰো নৃত্যকে ধৰি বিহু পৰিৱেশন কৰা হয়। আনহাতে চানডুবি উৎসৱৰ বাণিজ্য মেলাৰ দৰ্শকৰ উপস্থিতি পৰিলক্ষিত হয় যদিও বিক্ৰীৰ পৰিমাণ বিশেষ হোৱা নাই বুলি একাংশ ব্যৱসায়ীয়ে ইতিমধ্যেই উৎসৱস্থলী ত্যাগ কৰে। বহু দৰ্শনাৰ্থীয়ে চানডুবি বিলত নৌকা বিহাৰ কৰে। বহু দৰ্শনাৰ্থীয়ে চানডুবিৰ উপৰি অসম মেঘালয় সীমান্তৱৰ্তী বাখালাপাৰা,জিমিৰিগাঁও, ৰাণী খামাৰ বাৰেগাঁও আদি ঠাইলৈ বনভোজ খাবলৈ যায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-image-20-2026-01-03-19-32-28.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us