/asomiyapratidin/media/media_files/2025/11/17/246-2025-11-17-09-47-07.jpg)
ডিজিটেল সংবাদ, শিলচৰ : ৰাষ্ট্ৰপতিৰ শাসন চলি থকা চুবুৰীয়া ৰাজ্য মণিপুৰৰত উগ্ৰপন্থী আৰু অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিছে নিৰাপত্তা বাহিনীয়ে। মণিপুৰ আৰক্ষী, চি আৰ পি আৰু অসম ৰাইফলছৰ যুটীয়া দল এটাই পশ্চিম ইম্ফল জিলাৰ চাগোলব্যাণ্ড এলেকাৰ এটা ভাড়াঘৰত তালাচী চলাই কৈজাম ইবোচৌবা ওৰফে ইনাও ওৰফে চুমো নামৰ PLA উগ্ৰপন্থী সংগঠনৰ এজন দুধৰ্ষ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে।
মণিপুৰ আৰক্ষীৰ মোষ্ট ৱাণ্টেড PLAৰ স্বয়ম্ভূ মেজৰ এই উগ্ৰপন্থীজন ২০১৭ চনৰ চাজিক টাম্পাকত অসম ৰাইফলছৰ ওপৰত এম্বুছৰ ঘটনাত জড়িত । উগ্ৰপন্থীৰজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে কাকছিং জিলাৰ খাৰুংপাটত অভিযান চলাই মাটিৰ তলত পুতি থোৱা মাৰণাস্ত্ৰভৰ্তি এটা ড্ৰাম উদ্ধাৰ কৰে।
ড্ৰামটোৰ পৰা নিৰাপত্তা বাহিনীয়ে বুজণ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ কৰে। অভিযানকালত ১টা এম- ছিক্সটিন ৰাইফল, ৮টা SLR ৰাইফল,১টা .303 LMG ২টা .303 ৰাইফলৰ, ১৯০ টা Amogh Carbine, ৩০ টা SLRৰ সক্ৰিয় গুলি, ৩২টা SLRৰ মেগজিন, ৪টা 7.62 LMG ৰ মেগজিন, ৩টা .303 ৰাইফলৰ মেগজিন, ৩টা M-16ৰ মেগজিন, ২টা IED, ৩টা মৰ্টাৰসহ বিভিন্ন অস্ত্ৰ শস্ত্ৰৰ কেইবাশ সক্ৰিয় গুলি আৰু অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us