জিৰিঘাটত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ : গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰৰ সৰবৰাহকাৰী

কাছাৰৰ জিৰিঘাটত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰিছে আৰক্ষীয়ে । গোপন তথ্যৰ‌ ভিত্তিত জিৰিঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰানা কুমাৰ নাথৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই জব্দ কৰে বিদেশী চিগাৰেটখিনি।

author-image
Asomiya Pratidin
New Update
484

ডিজিটেল সংবাদ, শিলচৰ : কাছাৰৰ জিৰিঘাটত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰিছে আৰক্ষীয়ে । গোপন তথ্যৰ‌ ভিত্তিত জিৰিঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰানা কুমাৰ নাথৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই জব্দ কৰে বিদেশী চিগাৰেটখিনি।

আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে, মণিপুৰৰ পৰা কাছাৰ অভিমুখে অহা এন এল-০১-এজি-৬৩৩৪ নম্বৰৰ এখন কন্টেইনাৰ ট্ৰাকত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে ৫০ কাৰ্টুন বিদেশী চিগাৰেট।  একোটা কাৰ্টুনত ৫০ টাকৈ‌ পেকেট উদ্ধাৰ কৰা হয়।

কন্টেইনাৰখনৰ পৰা উদ্ধাৰ কৰা ৫০ কাৰ্টুনত মুঠ  ৫ লাখ বিদেশী চিগাৰেট জব্দ কৰে জিৰিঘাট থানাৰ আৰক্ষীয়ে। কন্টেইনাৰ খনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় চিগাৰেট খিনি। ইফালে,চিগাৰেট সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে কন্টেইনাৰ খনৰ চালকক গ্ৰেপ্তাৰ কৰে ।

ধৃত চালকজন‌ মহাৰাষ্ট্ৰৰ আহমেদ নগৰ জিলাৰ দিগম্বৰ ভিভাকৰ। জব্দ কৰা চিগাৰেটখিনি মণিপুৰৰ পৰা কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল ধৃত দিগম্বৰ ভিভাকৰে ।

চিগাৰেটখিনিৰ বজাৰ মুল্য কেইবা লাখ টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে। অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত কন্টেইনাৰখনৰ চালকজনক।  

শিলচৰ