/asomiyapratidin/media/media_files/2026/02/08/69-2026-02-08-17-45-10.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : গৌৰৱ গগৈয়ে খিলঞ্জীয়াৰ মানুহখিনিক উত্তৰ দিয়ক বুলি কটাক্ষ কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। কংগ্ৰেছ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক কেন্দ্ৰ কৰি উত্থাপিত বিতৰ্কত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া...
শৃংখল চলিহাই এই বিষয়টোৰ সন্দৰ্ভত গৌৰৱ গগৈক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে। শৃংখল চলিহাই কয়, “দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ কৰা নহ'ব। অতি সোনকালে গৌৰৱ গগৈয়ে ৰাজহুৱাকৈ নিজৰ স্থিতি স্পষ্ট কৰিব লাগে। লগতে, গৌৰৱ গগৈয়ে খিলঞ্জীয়া মানুহ খিনিক উত্তৰ দিয়ক বুলিও ভাবুকি প্ৰদান কৰে। আনহাতে, অহা ২৪ ঘণ্টাৰ ভিতৰত গৌৰৱ গগৈয়ে নিজৰ স্থিতি স্পষ্ট নকৰিলে ৰাজ্যজুৰি ভয়ংকৰ প্ৰতিবাদ আৰম্ভ হ’ব বুলিও হুংকাৰ দিয়ে।
উল্লেখ্য যে, দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্ত পেলাই দেওবাৰে আয়োজন কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বহু প্ৰতিক্ষিত বিশেষ সংবাদমেল। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এই সংবাদমেলখনক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে।
মুখ্যমন্ত্ৰীৰ এই সংবাদমেল মূলতঃ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ কথিত পাকিস্তান সংযোগ সন্দৰ্ভত বিশেষ তদন্ত দল (SIT)ৰ তদন্তৰ ওপৰত আধাৰিত বুলি জানিবলৈ দিয়া হৈছে। ৰাজ্যজুৰি ইতিমধ্যে এই বিষয়ক লৈ ৰাজনৈতিক তাপ বৃদ্ধি পাইছে। বিভিন্ন দল-সংগঠনে স্বচ্ছ তদন্ত, স্পষ্ট ব্যাখ্যা আৰু প্ৰয়োজনত কঠোৰ সিদ্ধান্তৰ দাবী জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us