গোলাঘাটৰ ফৰকাটিং ৰে'লৱে ষ্টেচনত চাঞ্চল্যকৰ ঘটনা...

ঝাৰখণ্ডৰ আচিফ আনচাৰী আৰু গোলাঘাটৰ উদয় নগৰৰ অভিজিৎ নামৰ দুজন যুৱকে চলাহী কথাৰে তিনিগৰাকী কিশোৰীক ঝাৰখণ্ডলৈ সৰবৰাহৰ চেষ্টা চলাওতে আৰক্ষীয়ে কৰায়ত্ব

author-image
Asomiya Pratidin
New Update
190

ডিজিটেল সংবাদ, গোলাঘাট : সোমবাৰে নিশা গোলাঘাট জিলাৰ ফৰকাটিং ৰে'লৱে ষ্টেচনত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা অনুসৰি তিনিগৰাকী কিশোৰীৰ সৈতে দুজন যুৱকক আটক কৰে আৰক্ষীয়ে।

Advertisment

উল্লেখযোগ্য যে, তিনিগৰাকী কিশোৰীক কৌশলৰে ট্ৰেইনযোগে বহিঃৰাজ্যলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল দুই যুৱকে। ঝাৰখণ্ডৰ আচিফ আনচাৰী আৰু গোলাঘাটৰ উদয় নগৰৰ অভিজিৎ নামৰ দুজন যুৱকে চলাহী কথাৰে তিনিগৰাকী কিশোৰীক ঝাৰখণ্ডলৈ সৰবৰাহৰ চেষ্টা চলাওতে আৰক্ষীয়ে কৰায়ত্ব কৰে।

সম্প্ৰতি আটাইকেইগৰাকীক আৰক্ষী সোধাপোছা অব্যাহত ৰাখিছে। এইয়া লাভ জেহাদ নে মানৱ সৰবৰাহ চক্ৰ সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব।

গোলাঘাট