“অসমীয়া আবৃত্তি কলাৰ সংবৰ্ধন আৰু কৰণীয়” শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন

দেওবাৰে গুৱাহাটীৰ মথুৰা নগৰৰ শ্ৰীমন্ত শংকৰ কলা কৃষ্টি কেন্দ্ৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অসম আবৃত্তি মঞ্চৰ উদ্যোগত গুৱাহাটীস্থিত আবৃত্তি বিদ্যালয়সমূহৰ সহযোগত “অসমীয়া আবৃত্তি কলাৰ সংবৰ্ধন আৰু কৰণীয়” শীৰ্ষক বিষয়ত এক আলোচনা চক্ৰ সম্পন্ন হৈ যায়।

author-image
Asomiya Pratidin
New Update
 আবৃত্তি কলাৰ সংবৰ্ধন আৰু কৰণীয় শীৰ্ষক আলোচনা চক্ৰ

আবৃত্তি কলাৰ সংবৰ্ধন আৰু কৰণীয় শীৰ্ষক আলোচনা চক্ৰ

ডিজিটেল ডেস্ক: দেওবাৰে গুৱাহাটীৰ মথুৰা নগৰৰ শ্ৰীমন্ত শংকৰ কলা কৃষ্টি কেন্দ্ৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অসম আবৃত্তি মঞ্চৰ উদ্যোগত গুৱাহাটীস্থিত আবৃত্তি বিদ্যালয়সমূহৰ সহযোগত “অসমীয়া আবৃত্তি কলাৰ সংবৰ্ধন আৰু কৰণীয়” শীৰ্ষক বিষয়ত এক আলোচনা চক্ৰ সম্পন্ন হৈ যায়। আহ্বায়ক অৰুন্ধতী পদ্মপতিয়ে বন্তি প্ৰজ্বলন কৰা আলোচনা চক্ৰখনিত সভাপতিত্ব কৰে অসম আবৃত্তি মঞ্চৰ সভাপতি যোগানন্দ বৰাই ৷ অসম আবৃত্তি মঞ্চৰ প্ৰাক্তন সম্পাদক প্ৰণৱ কুমাৰ বৰপাত্ৰগোহাঞিয়ে উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছতে সঞ্চালকৰ আসন গ্ৰহণ কৰে বিশিষ্ট আবৃত্তিকাৰ ,সুসাহিত্যিক তথা অৰ্থনীতিবিদ শ্ৰীযুত গৌতম প্ৰসাদ বৰুৱাই ৷ জ্ঞানম কাব্য কানন , গুৱাহাটী কাব্য কানন আৰু কাহিলীপাৰা কাব্য কাননৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা দলীয় আবৃত্তিৰ পাছতে আলোচনা চক্ৰলৈ আমন্ত্ৰিত অসমৰ এগৰাকী সন্মানীয় আবৃত্তিকাৰ ড° অমৰজ্যোতি চৌধুৰীয়ে “অসমীয়া আবৃত্তি শৈলী সংৰচনা আৰু প্ৰেক্ষাপট”শীৰ্ষক বিষয়ত এক তথ্যসমৃদ্ধ গঠনমূলক আলোচনা আগবঢ়ায় ৷ 

Advertisment

অনুষ্ঠানত অসমৰ আবৃত্তি আন্দোলনৰ এগৰাকী অন্যতম বাটকটীয়া তথা সাধক  ভূপেন চক্ৰৱৰ্ত্তীয়ে “অসমত আবৃত্তি চৰ্চাঃ প্ৰসাৰ, প্ৰচাৰ আৰু পৰিবৰ্ধন” বিষয়ত মননশীল ব্যাখ্যা আৰু উদাহৰণসহ পৰ্যালোচনা আগবঢ়ায় বক্তব্য প্ৰদান কৰে ৷ ইয়াৰ পাছতে গুৱাহাটীৰ এগৰাকী বিশিষ্ট প্ৰবীণ আবৃত্তিকাৰ, জ্যেষ্ঠ নাগৰিক শ্ৰীযুতা অৰুনিমা শইকীয়াই সংস্কৃত শ্লোক আবৃত্তিৰে এক মনোজ্ঞ পৰিৱেশৰ সূচনা কৰে ৷ ইয়াৰ লগে লগে “অসমীয়া আবৃত্তিৰ বিদ্যায়তনিক দিশত গুৰুত্ব” শীৰ্ষক বিষয়ত অতীত বৰ্তমানৰ ইতিবৃত্ত সামৰি সাম্প্ৰতিক সময়ত আবৃত্তিৰ ক্ষেত্ৰত ল'ব লগা পদক্ষেপ সম্পৰ্কে  আলোচনা আগবঢ়ায় অসমত আবৃত্তিৰ এক বিদ্যায়তনিক পৰিৱেশ সূচনাৰ দিশত চেষ্টা অব্যাহত ৰখা বিশিষ্ট আবৃত্তিকাৰ উপম শইকীয়াই ৷ অসম আবৃত্তি মঞ্চৰ হৈ শান্তিছায়া শইকীয়া আৰু অৰুন্ধতী পদ্মপতিয়ে আহ্বান কৰা অনুষ্ঠানটিৰ আঁত ধৰে অসম আবৃত্তি মঞ্চৰ সম্পাদক জিতুমণি শইকীয়াই ৷।অসম আবৃত্তি মঞ্চৰ নিৰলস কৰ্মী নীহাৰিকা সোণোৱাল, ড° গীতিমণি হাটীমূৰীয়া,  মীনাক্ষী দেৱীকে প্ৰমুখ্যে কৰি আবৃত্তিকাৰসকলে পৰিৱেশন কৰা ৰাম গগৈৰ “আমি গৈ থাকোঁ ” শীৰ্ষক কবিতাৰ আবৃত্তিৰ অন্তত শলাগ জ্ঞাপন কৰে অসম আবৃত্তি মঞ্চৰ প্ৰাক্তন সম্পাদক ৰাজীৱ বল্লভ গোস্বামীয়ে

আবৃত্তি