তেজপুৰৰ বিহাগুৰিত এনচিচিৰ কেম্পত মহিলা আত্মৰক্ষা প্ৰশিক্ষণ শিবিৰ

তেজপুৰৰ বিহাগুৰিত চলি থকা ৫ অসম বেটেলিয়ন এনচিচিৰ কম্বাইণ্ড এনুৱেল ট্ৰেইনিং কেম্প (CATC)ৰ অন্তৰ্গতভাৱে মহিলা কেডেটসকলৰ বাবে বিশেষভাৱে এক আত্মৰক্ষা প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হয়।

author-image
Asomiya Pratidin
New Update
HFIHDDKD

ডিজিটেল সংবাদ, তেজপুৰঃ তেজপুৰৰ বিহাগুৰিত চলি থকা ৫ অসম বেটেলিয়ন এনচিচিৰ কম্বাইণ্ড এনুৱেল ট্ৰেইনিং কেম্প (CATC)ৰ অন্তৰ্গতভাৱে মহিলা কেডেটসকলৰ বাবে বিশেষভাৱে এক আত্মৰক্ষা প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হয়। মহিলা কেডেটসকলক ব্যক্তিগত সুৰক্ষাৰ ব্যৱহাৰিক কৌশলৰে শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে এই প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়।

WhatsApp Image 2026-01-30 at 10.24.42 AM

এই আত্মৰক্ষা প্ৰশিক্ষণ অনুষ্ঠানটিৰ পৰিচালনা কৰে তেজপুৰস্থিত ৱাৰিয়ৰ্ছ এমএমএ জিমৰ শ্ৰী ৰিদিপ বৰুৱা আৰু তেওঁৰ অভিজ্ঞ দলে। প্ৰশিক্ষণকালত কেডেটসকলক পৰিস্থিতিগত সচেতনতা, সম্ভাব্য বিপদ চিনাক্তকৰণ আৰু বিপদজনক পৰিস্থিতিত আত্মবিশ্বাসেৰে প্ৰতিক্ৰিয়া জনাব পৰাকৈ সহজ কিন্তু ফলপ্ৰসূ শাৰীৰিক কৌশলসমূহ শিকোৱা হয়।

WhatsApp Image 2026-01-30 at 10.24.42 AM (1)

ইন্টাৰেক্টিভ প্ৰদৰ্শন আৰু ব্যৱহাৰিক অনুশীলনৰ জৰিয়তে কেডেটসকলক বাস্তৱ জীৱনৰ বিভিন্ন পৰিস্থিতিৰ সৈতে পৰিচিত কৰোৱা হয়। প্ৰশিক্ষকসকলে আত্মৰক্ষাৰ ক্ষেত্ৰত প্ৰতিৰোধ, মানসিক প্ৰস্তুতি আৰু আত্মবিশ্বাসক গুৰুত্বপূৰ্ণ উপাদান হিচাপে উল্লেখ কৰে। লগতে সজাগ হৈ থাকি দ্ৰুত সিদ্ধান্ত লোৱা আৰু সহজ আত্মৰক্ষামূলক কৌশল ব্যৱহাৰৰ ওপৰত বিশেষ জোৰ দিয়া হয়।

WhatsApp Image 2026-01-30 at 10.24.43 AM

এই প্ৰশিক্ষণ অধিৱেশনটো অত্যন্ত আকৰ্ষণীয় আৰু তথ্যসমৃদ্ধ আছিল বুলি কেডেটসকলে মত প্ৰকাশ কৰে। ই মহিলা কেডেটসকলৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে ব্যক্তিগত সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টি কৰে।

WhatsApp Image 2026-01-30 at 10.24.43 AM (1)

এই উদ্যোগে এনচিচিৰ সামগ্ৰিক বিকাশ আৰু নাৰী সৱলীকৰণৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে বুলি মন্তব্য কৰে বিষয়াসকলে। সামৰিক প্ৰশিক্ষণৰ লগতে জীৱনৰ বাবে প্ৰয়োজনীয় কৌশল প্ৰদান কৰাই এই কেম্পৰ মূল লক্ষ্য বুলি উল্লেখ কৰা হয়।

তেজপুৰ