/asomiyapratidin/media/media_files/2026/01/29/new-ap-we-2026-01-29-13-26-47.jpeg)
ডিজিটেল ডেস্ক : গুৱাহাটীত এতিয়া অলিয়ে- গলিয়ে ঘূৰিছে ডকাইত। আনকি সদ্যব্যস্ত ৰাজপথতে ডকাইতে বিনা বাধাই গাড়ীত যোৱা মানুহ ৰখাই ডকাইতি কাণ্ড সংঘটিত কৰিবলৈয়ো ভয় নকৰা হৈছে। এই ঘটনা ২৮ জানুৱাৰী ২০২৬ৰ। স্থান- খানাপাৰা লিলি হোটেলৰ বিপৰীত দিশৰ ৰাজপথ।
গণেশগুৰিৰ বাসিন্দা তথা ব্যৱসায়ী ৰমিজ আহমেদ গৈ আছিল ন-মাইল দিশে। নিশা তেতিয়া মাত্ৰ ৯-০০ বাজিছিল। দিল্লীৰ পৰা তেওঁৰ দুজন বন্ধু আহিছিল। ব্যৱসায়ী আহমেদে গণেশগুৰিৰ ঘৰত দিল্লীৰ দুই বন্ধুক চাহেৰে আপ্যায়ন কৰাই ন-মাইলত তেওঁলোক থকা স্থানলৈ নিজৰ গাড়ীৰে থ’বলৈ গৈ আছিল।
এ এছ ০১ এফ এফ ৮৩৩৬ নম্বৰৰ ক’লা নেক্সন গাড়ীখনত চালকৰ আসনত আছিল আহমেদ। দুই বন্ধুৰ এজন সন্মুখৰ আসনত আৰু আনজন বন্ধু পিছৰ আসনত বহিছিল। লিলি হোটেল অতিক্ৰম কৰি তেওঁলোক খানাপাৰা দিশে গৈ থকাৰ সময়তে প্ৰথমে এখন স্কুটি আহি তেওঁলোকৰ বাহনখনত চাইড গ্লাছত ঢকিয়াই গাড়ী ৰাখিবলৈ নিৰ্দেশ দিয়ে। তাৰ কিছু মুহূৰ্তৰ পাছতে আন এখন স্কুটিয়ে তেওঁৰ গাড়ীৰ সন্মুখত ৰখাই দি এজন স্কুটি আৰোহী নামি আহে।
ইতিমধ্যে চাৰিখন স্কুটিৰে তেওঁৰ গাড়ীখন বেৰি ধৰে আৰু ৫জন লোক স্কুটিৰ পৰা নামি আহি গাড়ীত কি আছে বুলি প্ৰশ্ন কৰে। ব্যৱসায়ী ৰহমানে আৰক্ষীৰ লোক বুলি ভাবি কয় যে, গাড়ীত একো নাই। কিন্তু তেওঁলোকে সেই কথা মানি নলৈ জোৰ জৱৰদস্তি গাড়ীৰ ডেস্কব’ৰ্ডত টকা কঢ়িয়াই আনিছে বুলি তালাচী চলাব ধৰে।
সেই মুহূৰ্তত ব্যৱসায়ী ৰহমানে তেওঁলোকক থানালৈ লৈ যাবলৈ অনুৰোধ কৰে আৰু লক্ষ্য কৰে যে, এনেদৰে তালাচী চলোৱা লোককেইজনে মুখত হেলমেট আৰু মাস্ক পৰিধান কৰি আহিছিল। স্কুটিবোৰ তেওঁলোকে ষ্টাৰ্ট কৰিয়েই ৰখাই থৈছিল।
এখন স্কুটিৰ পৰা দুজন লোক নামি আহিছিল যদিও বাকী ৩খন স্কুটিৰ চালককেইজন স্কুটিতে বহি আছিল। মুঠ ৮জন লোকে অতি কৌশলেৰে আৰক্ষীৰ ৰূপত এই ডকাইতি কাণ্ড সংঘটিত কৰিবলৈ চেষ্টা চলাইছিল।
ডেস্কব’ৰ্ডত তেওঁলোকে একো বিচাৰি নাপাই গাড়ীৰ আন ঠাইত তালাচী চলাবলৈ উদ্যত হওতে, সেই স্থানত ৰহমানক দেখি এখন স্কৰপিঅ’ গাড়ী ৰয়হি। ৰহমানৰ যিহেতু ছয়মাইলত এটা ব্যৱসায়িক প্ৰতিষ্ঠান আছে, সেয়েহে স্থানীয় কিছু লোকে তেওঁক চিনি পায়। উক্ত স্কৰপিঅ’খনতো তেওঁক চিনি পোৱা কেইজনমান যুৱক আছিল।
“দাদা কি হৈছে বুলি“ তেওঁলোক নামি অহাত স্কুটিত অহা ৮জন লোকে দ্ৰুতগতিত সেই স্থানৰ পৰা পলায়ন কৰে। কোনো মতে ডকাইতৰ কৱলৰ পৰা ৰক্ষা পৰি ন-মাইলত বন্ধুকেইজনক থৈ ৰহমানে তহলদাৰী আৰক্ষীৰ এটা দলক এই কথা অৱগত কৰে। দলটোৱে জনাই যে, এতিয়া মহানগৰীত এনেদৰে ডকাইত পিনপিনাই ফুৰিছে।
স্কুটিৰ নম্বৰ তেওঁ মনত ৰখাইছিল নেকি জানিব বিচাৰে আৰক্ষীয়ে। আৰক্ষী বুলি ভাবি ৰহমানে স্কুটিৰ নম্বৰলৈ চাবলৈ সুযোগেই নাপালে। আৰক্ষী দলটোৰ পৰামৰ্শ মতে তেওঁ পৰৱৰ্তী সময়ত এখন এজাহাৰো দাখিল কৰে। এতিয়া প্ৰশ্ন হয়- মহানগৰীত আৰক্ষী গিজগিজাই ফুৰাৰ পাছতো ইমান সাহ কেনেদৰে কৰিছিল ডকাইতৰ দলে।
অসমীয়া প্ৰতিদিন ডিজিটেলক সমগ্ৰ ঘটনাৰ বিৱৰণ দাঙি ধৰি ৰহমানে মহানগৰবাসী যাতে সজাগ- সচেতন হয় আৰু আৰক্ষীয়ে যাতে এই ঘটনাবোৰৰ প্ৰতিৰোধৰ বাবে যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে আহ্বান জনায়। মহানগৰ আৰক্ষীৰ বাবে এতিয়া ডকাইতৰ এই নতুন নতুন কৌশলবোৰ মূৰৰ কামোৰণি হৈ পৰিছে।
চিচিটিভি কেমেৰা মহানগৰৰ বাট- পথত সংযোগ কৰা বুলি দাবী কৰা আৰক্ষীয়ে এই চক্ৰবোৰক কেতিয়া কৰায়ত্ব কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব, সেয়াও লাখটকীয়া প্ৰশ্ন হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us