/asomiyapratidin/media/media_files/2025/08/31/224-2025-08-31-21-15-38.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় অন্তর্দেশীয় জলপথ প্ৰাধিকৰণে অহা ২ ছেপ্টেম্বৰত গুৱাহাটীত এখন আঞ্চলিক ৰোডশ্ব'ৰ আয়োজন কৰিছে। ২০২৫ চনৰ ২৭অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ মুম্বাইত অনুষ্ঠিত হ'বলগীয়া ভাৰত সামুদ্রিক সপ্তাহ (ইণ্ডিয়া মেৰিটাইম উইক) ২০২৫ৰ এয়া এক প্রাক্-কার্যক্রম।
গুৱাহাটীৰ এই ৰোডশ্ব'ই দেশৰ বিভিন্ন প্ৰান্তৰ নীতি নির্ধাৰক, ঔদ্যোগিক নেতা আৰু অংশীদাৰসকলক একত্ৰিত কৰিব। য'ত অন্তর্দেশীয় জলপথৰ ভৱিষ্যৎ, বিশেষকৈ নদী ক্রুজ পর্যটন আৰু নগৰীয়া জল পৰিবহণ ব্যৱস্থাৰ সন্দর্ভত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব।
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্রণালয় আৰু ভাৰতীয় অন্তর্দেশীয় জলপথ প্ৰাধিকৰণৰ জ্যেষ্ঠ বিষয়াসকলে এই অনুষ্ঠানত অংশগ্রহণ কৰিব। উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্য- অসম, অৰুণাচল প্রদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ প্ৰতিনিধিসকলেও এই অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে।
ইয়াৰ উপৰিও কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ আৰু মন্ত্রণালয়ৰ সচিব টি কে ৰামচন্দ্ৰনেও এই আলোচনাত অংশগ্ৰহণ কৰিব।
উল্লেখযোগ্য যে, "ইণ্ডিয়া মেৰিটাইম উইক হৈছে সামুদ্রিক আৰু অন্তর্দেশীয় জলপথ খণ্ডৰ অপাৰ সম্ভাৱনা প্ৰদৰ্শনৰ বাবে আমাৰ প্ৰধান মঞ্চ। গুৱাহাটীত এই ৰোডশ্ব'ৰ আয়োজনৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ নদী ক্রুজ পর্যটন আৰু আধুনিক নগৰীয়া ফেৰী ব্যৱস্থাৰ জৰিয়তে সংযোগ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্রত এই অঞ্চলৰ কৌশলগত ভূমিকা তৃৰান্বিত কৰাত গুৰুত্ব আৰোপ কৰিব বিচাৰিছোঁ বুলি সুনীল কুমাৰ সিঙে মন্তব্য কৰে।
অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এক সমৃদ্ধ আৰু গতিশীল জলপথৰ নেটৱৰ্ক আছে, যাক বহনক্ষম পৰ্যটনৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে সর্বোত্তমভাৱে ব্যৱহাৰ কৰা উচিত। এই ৰোডশ্ব'ত আমি সমগ্ৰ অঞ্চলৰ ঔদ্যোগিক খণ্ডৰ পেছাদাৰী নেতৃবৰ্গৰ সৈতে চিন্তা-চৰ্চা আৰু আলচ কৰি ক্রুজৰ সৈতে ফেৰী সংযোগৰ জৰিয়তে বহনক্ষম পৰ্যটনৰ এক বৃহত্তৰ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ প্ৰয়াস কৰিম" বুলি ভাৰতীয় অন্তর্দেশীয় জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ (ভাৰপ্ৰাপ্ত) সুনীল কুমাৰ সিঙে কয়।
আলোচনা-চক্রত ক্রুজ পর্যটনৰ সুযোগ আৰু নগৰীয়া জল পৰিবহণৰ নৱপ্ৰৱৰ্তনৰ সন্দৰ্ভত গুৰুত্ব দিয়া হ'ব, য'ত পর্যটন মন্ত্রণালয়, ৰাজ্যিক পর্যটন ব'ৰ্ড, ভাৰতীয় অন্তর্দেশীয় জলপথ প্রাধিকৰণ আৰু শীর্ষ ক্রুজ অপাৰেটৰৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব। এই অধিৱেশনসমূহত উত্তৰ-পূৰ্বাঞ্চলৰ জলপথসমূহক ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক বাণিজ্য তথা পর্যটন কৰিডৰৰ সৈতে সংযোগৰ বিষয়েও অগ্ৰাধিকাৰ দিয়া হ'ব।
ৰোডশ্ব'ৰ সমাপ্তিত ইণ্ডিয়া মেৰিটাইম উইক ২০২৫ৰ সন্দৰ্ভত এক প্রেজেন্টেচন অনুষ্ঠিত হ'ব, য'ত কার্যক্রমণিকা, প্রদর্শনীৰ সুযোগ-সম্ভাৱনা আৰু ঔদ্যোগিক অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰা হ'ব। গুৱাহাটীৰ এই অনুষ্ঠানটোৱে মুম্বাইত অনুষ্ঠিত হ'বলগীয়া ইণ্ডিয়া মেৰিটাইম উইক ২০২৫ৰ বাবে গতি আৰু আশাৰ সঞ্চাৰ কৰিব।