ভাৰতৰ প্ৰথমটো 'সংগীতময়' পথঃ নিৰ্দিষ্ট গতি গাড়ী চলিলেই বাজিব ‘জয় হো’

উপ-মুখ্যমন্ত্ৰী একনাথ শিন্দে মুম্বাইবাসীক নিৰ্দিষ্ট গতি বজাই এই সংগীতময় পথৰ অভিজ্ঞতা ল’বলৈ আহ্বান জনায়। লগতে চৰকাৰে সমৃদ্ধি এক্সপ্ৰেছৱেতো পাইলট প্ৰকল্প হিচাপে একেধৰণৰ ব্যৱস্থা ৰূপায়ণ কৰাৰ বিষয়টো বিবেচনা কৰিব বুলি উল্লেখ কৰে।

author-image
Asomiya Pratidin
New Update
FGDRFEDSDSD

ডিজিটেল ডেস্কঃ মায়ানগৰী মুম্বাইৰ কোষ্টল ৰ’ডত আৰম্ভ হ’ল দেশৰ প্ৰথমটো ‘সংগীতময়’ বা ‘মেল’ডি’ পথ। এই বিশেষ পথাংশত নিৰ্দিষ্ট গতি বজাই গাড়ী চলালে পথত স্থাপন কৰা বিশেষ ব্যৱস্থাৰ ফলত গাড়ীৰ ভিতৰত শুনা যাব বলিউডৰ অস্কাৰজয়ী জনপ্ৰিয় সংগীত ‘জয় হো’। এই অভিনৱ পদক্ষেপে দেশত পথ নিৰ্মাণ ক্ষেত্ৰত এক নতুন দিশ উন্মোচন কৰিছে।

বুধবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়ণাবিছে ৫০০ মিটাৰ দীঘলীয়া এই সংগীতময় পথাংশৰ আনুষ্ঠানিভাৱে উদ্বোধন কৰে। অনুষ্ঠানত উপ-মুখ্যমন্ত্ৰী একনাথ শিন্দে, এই ধাৰণাৰ মূল প্ৰস্তাৱক প্ৰাক্তন শিৱসেনা সাংসদ ৰাহুল শেৱালে, বিএমচিৰ অতিৰিক্ত পৌৰ আয়ুক্ত ডাঃ অবিনাশ ঢাকনে আৰু অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

ইফালে, উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কোষ্টল ৰ’ডত ৰূপায়ণ কৰা এই সংগীতময় পথধাৰণাই চালকসকলক এক অনন্য আৰু মনোৰম অভিজ্ঞতা প্ৰদান কৰিব। প্ৰথম পৰ্যায়ত ৫০০ মিটাৰ অংশত এই ব্যৱস্থা আৰম্ভ কৰা হৈছে আৰু আগন্তুক সময়ত ইয়াৰ পৰিসৰ অধিক বিস্তাৰ কৰাৰ পৰিকল্পনা আছে বুলি তেওঁ জানিবলৈ দিয়ে।

একেদৰে, উপ-মুখ্যমন্ত্ৰী একনাথ শিন্দে মুম্বাইবাসীক নিৰ্দিষ্ট গতি বজাই এই সংগীতময় পথৰ অভিজ্ঞতা ল’বলৈ আহ্বান জনায়। লগতে চৰকাৰে সমৃদ্ধি এক্সপ্ৰেছৱেতো পাইলট প্ৰকল্প হিচাপে একেধৰণৰ ব্যৱস্থা ৰূপায়ণ কৰাৰ বিষয়টো বিবেচনা কৰিব বুলি উল্লেখ কৰে। তেওঁ কয়, “মুম্বাই কোষ্টাল ৰ’ডৰ এই সংগীতময় পথ মুম্বাইবাসীৰ মাজত দেশপ্ৰেমৰ অনুভূতি অধিক দৃঢ় কৰিব।”

মুম্বাই