অসম মালাৰ অধীনত নিৰ্মীয়মাণ এটা পথে জলাকলা খুৱাইছে কাছাৰৰ তিনিটা সমষ্টিৰ জনসাধাৰণক

'অসম মালা আঁচনি'ৰ অধীনত নিৰ্মীয়মাণ কাছাৰৰ এটা পথে জলাকলা খুৱাইছে হাজাৰ হাজাৰ লোকক।  শিলচৰ - জয়ন্তীয়া গড়কাপ্তানি পথটোৰ শোচনীয় অৱস্থাৰ বাবে যমৰ যাতনা ভোগ কৰিব লগা হৈছে যান-বাহন আৰু পথচাৰীসকল

author-image
Asomiya Pratidin
New Update
web silchar

ডিজিটেল সংবাদ, শিলচৰ : 'অসম মালা আঁচনি'ৰ অধীনত নিৰ্মীয়মাণ কাছাৰৰ এটা পথে জলাকলা খুৱাইছে হাজাৰ হাজাৰ লোকক।  শিলচৰ - জয়ন্তীয়া গড়কাপ্তানি পথটোৰ শোচনীয় অৱস্থাৰ বাবে যমৰ যাতনা ভোগ কৰিব লগা হৈছে যান-বাহন আৰু পথচাৰীসকল।

বৰাকৰ দ্বিতীয় লাইফ লাইন হিচাপে বিবেচিত শিলচৰ - জয়ন্তীয়া এই পথটো অসম মালাৰ অধীনত নিৰ্মাণ কৰি থকা হৈছে যদিও বহি: ৰাজ্যৰ নিৰ্মাণ সংস্থাৰ চূড়ান্ত গাফিলতিৰ বাবে পথটোত সৃষ্টি হৈছে পুখুৰী সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ।‌ বৰষুণ দিলে এইটো পথ নে খেতি পথাৰ সেয়া ধৰিবই নোৱাৰি। 

ইয়াৰোপৰি, পথৰ মাজত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতবোৰৰ বাবে যানবাহন চলাচলত ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা চালক সকল।‌ ফলত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয় পথছোৱাত। প্ৰতিদিনে পথটোত আৱদ্ধ হৈ পৰে যান-বাহনসমূহ।

শিলচৰ, বৰখলা আৰু কাটিগৰা তিনিটা সমষ্টিক সংযোগ কৰা এই পথটো চোৱাছিটা কৰিবলৈ যেন সময় নাই বৰাক উন্নয়ণ বিভাগৰ মন্ত্ৰী কৌশিক ৰাই, সাংসদ পৰিমল শুক্লবৈদ্য আৰু শিলচৰ, বৰখলা আৰু কাটিগৰাৰ বিধায়ক তিনিজনৰ। পথ নিৰ্মাণৰ দায়িত্বত থকা নিৰ্মাণ সংস্থা আৰু জনপ্ৰতিনিধিসকলৰ ওপৰত ক্ষুদ্ধ স্থানীয় ৰাইজ আৰু চালকসকলে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰি পথটো‌ যাতায়থৰ উপযোগী কৰিবলৈ আহ্বান জনাইছে।

শিলচৰ