ধুবুৰীত ভাৰত বিকাশ পৰিষদৰ উদ্যোগত প্ৰশ্নোত্তৰ প্ৰতিযোগিতাৰ আয়োজন

দেওবাৰে ধুবুৰী আৰক্ষী ছাউনিৰ  প্ৰেক্ষাগৃহত ভাৰত বিকাশ পৰিষদৰ ধুবুৰী শাখাৰ উদ্যোগত ২৪ সংখ্যক শাখাভিত্তিক প্ৰশ্নোত্তৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
csasdfdf

ডিজিটেল সংবাদ, ধুবুৰীঃ দেওবাৰে ধুবুৰী আৰক্ষী ছাউনিৰ  প্ৰেক্ষাগৃহত ভাৰত বিকাশ পৰিষদৰ ধুবুৰী শাখাৰ উদ্যোগত ২৪ সংখ্যক শাখাভিত্তিক প্ৰশ্নোত্তৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে ভাৰত বিকাশ পৰিষদৰ পৰম্পৰা অনুসৰি ভাৰত মাতা আৰু স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিত বৈদিকমন্ত্ৰ উচ্চাৰণৰে পুষ্পাঞ্জলি অর্পণ কৰা হয়। অনুষ্ঠানত শিল্পী  জুবিন গাৰ্গৰ প্ৰতিচ্ছবিতো  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। জাতীয় গীত "বন্দে মাতৰম" পৰিৱেশনেৰে এই অনুষ্ঠানৰ শুভ আৰম্ভণি কৰা হয়।

পৰিষদৰ জ্যেষ্ঠ সদস্য বিমল ওছৱালে  'ভাৰত বিকাশ পৰিষদ' বিষয়ক প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে। আজিৰ এই প্ৰতিযোগিতাত কুইজ মাষ্টাৰ হিচাবে কুইজ পৰিচালনা কৰেগোলকগঞ্জৰ চিলাৰায় কলেজr প্ৰবক্তা  যুগল কিশোৰ ভট্টাচাৰ্য  আৰু তেওঁ‌ক সহযোগ কৰে ড° উমেশ দাস আৰু ড° সন্দীপ ঠাকুৰে। আজিৰ এই প্ৰতিযোগিতা দুটা শাখাত বিভক্ত কৰা হয়। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ কণিষ্ঠ শাখা আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ জ্যেষ্ঠ শাখাত ভাগ কৰা হয়। কণিষ্ঠ শাখাত ৩৪ টা দলৰ পৰা ৬৮ জন আৰু জ্যেষ্ঠ শাখাত ২৪ টা দলৰ পৰা ৪৮ জন অংশগ্ৰহণ কাৰীয়ে অংশগ্ৰহণ কৰে। প্ৰাৰম্ভিক লিখিত পৰীক্ষা ৰ অন্তত প্ৰতিটো শাখাৰ পৰা শ্ৰেষ্ঠ ছ'টা কৈ দলে চূড়ান্ত প্ৰতিযো গিতাৰ বাবে মঞ্চত স্থান লাভ কৰে।

চূড়ান্ত ফলাফল অনুসৰি কণিষ্ঠ শাখাৰ পৰা হেপি কনভেণ্ট স্কুল, ধুবুৰীৰ আৰিয়ান কুতুব আৰু ৰজত ছেঠিয়াৰ দলে আৰু ছিনিয়ৰ শাখাৰ পৰা এপ’ল’ ইংৰাজী মিডিয়াম স্কুল, ধুবুৰীৰ বেনজিৰ চৌধুৰী আৰু আখী আখতাৰ বেগমৰ দলে প্ৰথম স্থান লাভ কৰে। আজিৰ অনুষ্ঠানটো সুন্দৰভাৱে পৰিচালনা কৰে আহ্বায়ক অসীম ভট্টাচাৰ্যই। পৰিষদৰ সম্পাদক  অমিয়া সুন্দৰ সাহাই জনায় যে এই দুটা বিজয়ী দলে অহা ২ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাত ধুবুৰী শাখাক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে।

ধুবুৰী