/asomiyapratidin/media/media_files/2025/10/12/494-2025-10-12-16-56-33.jpg)
ডিজিটেল সংবাদ,ধেমাজি : ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাৰ অধীনত দেওবাৰে বীমা সম্পৰ্কীয় আৰু বেংকৰ গ্ৰাহক সকলৰ দ্বাৰা বেংকত সময়ে- সময়ে প্ৰয়োজনীয় নথিপত্ৰ পুনৰ নিৰীক্ষণ সম্পৰ্কত জন সুৰক্ষা শিবিৰ তথা এখনি মহিলা সকলৰ সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ ধেমাজি গোহাঁই গাওঁ পঞ্চায়তৰ অন্তৰ্গত চৌখামগাঁৱৰ বোৱা-কটা সমবায় সমিতি লিমিটেডৰ কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে বীমা সখী নিতালী লাহন বৰুৱাই ৷
সভাখনত ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাৰ অধীনৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ অপাৰেটৰদ্বয় মিনাৱতী বুঢ়াগোঁহাই দুৱৰা আৰু যোগানন্দ ভূঞাই উপস্থিত থাকি প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা,অটল পেঞ্চন যোজনা আৰু বেংকত প্ৰয়োজনীয় নথি-পত্ৰ পুনৰ নিৰীক্ষণ সম্পৰ্কত বক্তব্য প্ৰদান কৰি গ্ৰাহকসকলক অৱগত কৰে ৷ কেইবাখনো গাঁৱৰ অৰ্ধশতাধিক মহিলা গ্ৰাহকসকলৰ উপস্থিতত অনুষ্ঠিত হোৱা সজাগতা সভাখনত বহু কেইগৰাকী
গ্ৰাহকে বক্তব্য প্ৰদান কৰে ৷