/asomiyapratidin/media/media_files/2025/09/30/453-2025-09-30-21-51-27.jpg)
ডিজিটেল সংবাদ, বঙাইগাঁও : বঙাইগাঁও জিলাৰ মানিকপুৰ মহকুমাৰ অন্তৰ্গত মৌখোৱা চানেকি সংঘৰ উদ্যোগত, মৌখোৱা চানেকি সংঘৰ প্ৰাঙ্গণত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি লাভ কৰাৰ উদ্দেশ্যে ৰাজহুৱা দোৱাৰ আয়োজন কৰে। এই দোৱা অনুষ্ঠানত গাঁৱৰ সৰু লৰাৰ পৰা আৰম্ভ কৰি যুৱচামৰ লগতে বহুতো জ্যেষ্ঠ ব্যক্তি উপস্থিত থাকি জুবিনৰ আত্মাৰ চিৰশান্তি কামনা কৰি দোৱা কৰে।
আনহাতে জুবিন গাৰ্গে ভালপোৱা নাহৰ গছৰ পুলি ৰোপন কৰি তেওঁৰ স্মৃতি জীয়াই ৰাখিবলৈ প্ৰয়াস কৰে । জুবিন গাৰ্গে সাধাৰণ মানুহক ভাল পাইছিল সেই সূত্ৰে ৰিক্সাৱালা আৰু ঠেলাৱালাৰ দ্বাৰা নাহৰ পুলি ৰোপন কৰায়। এই ৰাজহুৱা দোৱাত ৰাইজ শোকাকুল হৈ পৰে।