নগাঁৱত "ডেন্স নৃত্যম" শীৰ্ষক অনুষ্ঠান

গীত নৃত্যৰে মুখৰিত হৈ পৰিছে নগাঁৱৰ সাংস্কৃতিক প্ৰকল্প । ৰিডম ইভেন্ট এন্ট মেনেজমেণ্টৰ উদ্যোগত আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী নিউটন হাজৰিকাৰ তত্বাৱধানত নগাঁৱৰ সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে "ডেন্স নৃত্যম" নামেৰে এক অনুষ্ঠান।

author-image
Asomiya Pratidin
New Update
363

ডিজিটেল সংবাদ, নগাঁও : গীত নৃত্যৰে মুখৰিত হৈ পৰিছে নগাঁৱৰ সাংস্কৃতিক প্ৰকল্প । ৰিডম ইভেন্ট এন্ট মেনেজমেণ্টৰ উদ্যোগত আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী নিউটন হাজৰিকাৰ তত্বাৱধানত নগাঁৱৰ সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে "ডেন্স নৃত্যম" নামেৰে এক অনুষ্ঠান।

য'ত প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ প্ৰতিভা প্ৰৰ্দশন কৰিছে। দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অনুষ্ঠানত প্ৰায় ডেৰশৰো অধিক প্ৰতিযোগীয়ে নৃত্য,গীতৰ লগতে অন্যান্য শিতানত অংশগ্ৰহণ কৰিছে ।

WhatsApp Image 2025-11-30 at 11.26.20 PM

উল্লেখ্য যে ৰিডম ইভেন্ট মেনেজমেন্টে দীৰ্ঘদিন ধৰি ছাত্ৰ-ছাত্ৰী সকলৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰো বিভিন্ন প্ৰান্তত এনে অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। মুম্বাইৰ দৰে স্থানতো এই সংস্থাটোৱে অনুষ্ঠান অনুষ্ঠিত কৰি ইতিমধ্যে সমাদৰ লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম  হৈছে।

আনপিনে নিশাৰ ভাগলৈ নগাঁৱৰ সাংস্কৃতিক প্ৰকল্পত ৰিডম ইভেন্ট এন্ট মেনেজমেণ্টৰ উদ্যোগতে অনুষ্ঠিত হ'ব সৌন্দৰ্য চৰ্চাৰ প্ৰতিযোগিতা।

নগাঁও