কেতিয়াবা যদি এই বিষাদৰ অন্ত পৰে

অস্ত বেলিৰ শেষ পোহৰত বাঁহপাতৰ ফাঁকে ফাঁকে পাগলাদিয়াৰপাৰলৈ লৰ মৰা কুৰি বয়সীয়া প্ৰেমিকজনৰ কামাৰ্ত হাবিয়াহত থাকে জুবিন

author-image
Asomiya Pratidin
New Update
new ap web  poem

অধিৰাজ কাশ্যপ

কেতিয়াবা যদি এই বিষাদৰ অন্ত পৰে
তেনেহ’লে সকলোকে ক'ম
জুবিনদা কোন

কিন্তু কওঁ বুলিয়েনো কওঁ কেনেকৈ !
কওঁ কেনেকৈ
নিগৰি নিগৰি শুকাই যোৱা অশ্ৰুৰ অবাধ যাত্ৰাৰ গাথা
লিখোঁ বুলিয়েনো লিখোঁ কেনেকৈ
হিয়াৰ আটাইতকৈ এন্ধাৰ কোণৰ একমাত্ৰ শলিতাডাল
ক্ষণিকতে নুমাই যোৱাৰ অতুল্য ব্যথা

কওঁ কেনেকৈ যে
জুবিন মানে হ'ল
দেহৰ সিৰে সিৰে
ৰক্ততকৈও বেগাই বৈ যোৱা এষাৰ সৰ্বময় মাত
ৰ'দে বৰষুণে, ধুমুহা বজ্ৰাঘাতে
তৰবৰীয়া ঢাল হৈ থিয় দিয়া
আটাইতকৈ ওখ অদৃশ্য গছজোপাৰ অন্তৰ্হিত ছাঁ
এই মাতৰ প্ৰভাৱ কিমান সর্বাত্মক
আৰু এই বৃক্ষৰ ছাঁ কিমান বিশাল
বুজোঁতে বুজোঁতে এটা সম্পূৰ্ণ জীৱন
আৰু এটা অসহনীয় মৃত্যু লাগি গ’ল

এই ৰক্তবিহীন দেহ আৰু ছাঁবিহীন অসমখন
আজি এয়াই আমাৰ অভিশপ্ত সত্য
যি সত্যৰ লগত যুঁজাৰ শক্তি আৰু ইচ্ছা
দুয়োৰে গন্তব্য স্থান যেন ব্যৰ্থতা

প্ৰতিজন প্ৰবাসী অসমীয়াৰ ঘৰমুৱা চাৱনিৰ
আটাইতকৈ দ্ৰুতবেগী ৰে'লখন হ'ল জুবিন
ঘৰৰ স্মৃতিত ছটফটাই থকা
প্ৰতিটো উতনুৱা নিশাৰ নিচুকনী সুৰ
শ শ মাইল দূৰত জ্বলা
মেজিৰ জুইকুৰাৰ তপ্ত উম
অচিন দেশতো চিনাকি সত্তা এটা
বুকুত সগৌৰৱে কঢ়িয়াই লৈ ফুৰাৰ হেপাহকণ

টিন কপোৱা বৰদৈচিলাৰ বাৎসৰিক অভিমানখিনি জুবিন
ফাগুনৰ প্ৰথম পাহি শিমলুৰ
তিৰবিৰাই থকা তেজীৰঙা ফোঁট
সোণাৰুৰ হালধীয়া আঁচলখনিৰ জিলমিলনি
আৰু এজাৰৰ বেঙুনীয়া ৰিহাখনিৰ সৰলতাও
ভোগালীৰ মাদকতাপূৰ্ণ হৰ্ষোল্লাস
আৰু কঙালীৰ নিতালকাতৰ মিনতিও

অস্ত বেলিৰ শেষ পোহৰত বাঁহপাতৰ ফাঁকে ফাঁকে
পাগলাদিয়াৰপাৰলৈ লৰ মৰা কুৰি বয়সীয়া প্ৰেমিকজনৰ
কামাৰ্ত হাবিয়াহত থাকে জুবিন
যেনেকৈ প্ৰভাতী সূৰুযে প্ৰথম হাঁহিটি মাৰাৰ আগতেই
নিয়ৰসনা শেৱালি
নিজৰ সোণটোলৈ আঁচলত লুকাই লোৱা
প্ৰেয়সীজনীৰ আদৰতো থাকে জুবিন

পালী-পহৰীয়া এজনে যেতিয়া নিশাৰ পাল সামৰি
আন টোপাললৈ ঢাপলি মেলিবৰ হয়
তাৰ মাজৰ সেই দুইঘণ্টাৰ নিশ্চল স্বস্তিখিনিত থাকে জুবিন
ফুটপাথে ফুটপাথে মৃতদেহৰ দৰে পৰি থকা ভিখাৰী এজনৰ
যাক মানুহৰ শাৰীত গণিবলৈ সমাজে লাজ পায়
সেই ভিখাৰীৰ তিনি ৰাতিৰ ভোকৰ অন্তত
হাতত আহি পৰা তৃপ্তিৰ এসাঁজত থাকে জুবিন

জুবিন থাকে
বিপ্লৱৰ নামত দুই পুত্ৰক হেৰুৱা
পিতৃৰ নিশা জোৰা হিয়াঢাকুৰা ক্রন্দনত
আৰু সেই বেদনা সামৰি
পুৱা সোণোৱালী শইচৰ আশাত
নাঙলখন দুনাই তুলি লোৱাৰ সাহসখিনিতো থাকে জুবিন
জুবিন থাকে
এফালে আলফাৰ মুক্তি আৰু আনফালে সেনাৰ শাসনৰ
নাটকখনত জহি-খহি যোৱা
গাৱঁৰ প্ৰতিটো সজাৰ শেষ নিশ্বাসত
নব্বৈৰ দশকৰ কাৰ্ফিউৰ
প্ৰতিটো বাকৰুদ্ধ গলিৰ নিস্তব্ধতাত
আৰু সেই নিস্তব্ধতা ফালি ওলাই অহা
গুজৰি গুমৰি থকা বিদ্ৰোহী চিঞৰটোত থাকে জুবিন
যি চিঞৰত প্ৰতিজন ডেকা-গাভৰুৰ
সাতোৰঙী ৰামধেনুৰ সোণৰ অসমখনৰ দিবাস্বপ্নই নাচি উঠে

মেঘৰ চকুত চুমা সিঁচি দিব খোজা
আমাৰ সমূহীয়া মৌন সপোনবোৰ
লুইতৰ পলসত ৰৈ যোৱা প্ৰতিটো দমিত সংঘাত
দূবৰি পাতত লুকাই থকা প্ৰতিটো কুণ্ঠিত বাসনা
পদুলিৰ পৰা জুমি জুমি চোৱা
দৈনন্দিন জীৱনৰ সৰু সৰু ৰণবোৰক
শব্দ আৰু সুৰৰ লুকা-ভাকুৰে
আবেগ-অনুভূতিপূৰ্ণ জীৱন্ত চেহেৰা দিব পৰা
মানুহজন হ'ল জুবিন

সেই লোকাতীত সত্তা
আজি নিমিষতে হেৰাই গ’ল বুলি ক’লে মানিনো লওঁ কেনেকৈ !
মানি লওঁ কেনেকৈ
যে তেওঁ নিজৰ লগত লৈ গ’ল সকলোখিনি
আৰু আমাক দি গ’ল বিষাদভৰা এক অৰ্থহীন জীৱন

“কেতিয়াবা যদি এই বিষাদৰ অন্ত পৰে
তেনেহ’লে সকলোকে ক'ম
জুবিনদা কোন” বুলি কোৱা মইটোৱে জানো নাজানো
যে এই বিষাদৰ কোনো অন্ত নাই !
এই বিষাদ সময়ৰ সোঁতে ধুৱাব পৰা বিধৰ নহয়
যেনেকৈ জুবিনদা, সময়ৰ সোঁতে ধুৱাব পৰা বিধৰ নহয়

সময়ৰ সীমাৰেখাই আবদ্ধ কৰি ৰাখিব নোৱাৰা
আমাৰ হিয়াৰ আমঠুজন... অসীম
জুবিনদা... অসীম !

zubeen garg