আকাশ মাৰ্গত প্ৰাণ গ’ল এবছৰীয়া শিশুৰ...

উৰন্ত বিমানত সংঘটিত হৈছে এক কৰুণ ঘটনা। মাজ আকাশতে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হৈছে এটি এবছৰীয়া শিশুই। জানিব পৰা মতে জয়পুৰৰ পৰা বেংগালুৰু অভিমুখী এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানত সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। 

author-image
Asomiya Pratidin
New Update
599

কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সংগ্ৰহীত ফটো Photograph: (কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সংগ্ৰহীত ফটো)

ডিজিটেল ডেস্ক : উৰন্ত বিমানত সংঘটিত হৈছে এক কৰুণ ঘটনা। মাজ আকাশতে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হৈছে এটি এবছৰীয়া শিশুই। জানিব পৰা মতে জয়পুৰৰ পৰা বেংগালুৰু অভিমুখী এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানত সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। 

মাকৰ কোলাত থকা শিশুটিৰ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত মৃত্যুমুখত পৰে। বিমানখনে ইন্দোৰ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই শিশুটিৰ মৃত্যু হয়। শিশুটিৰ নাম হৈছে মহম্মদ আব্ৰাৰ। 

উল্লেখযোগ্য যে, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান IX1240 জয়পুৰৰ পৰা মঙলবাৰে ৫- ৩০ বজাত ৰাওনা হৈছিল। ৮- ১০ বজাত বেংগালুৰুত উপস্থিত হোৱাৰ কথা আছিল। পিতৃ মহম্মদ আজলান, মাতৃ ফিৰোজা আৰু জ্যেষ্ঠ ভাতৃৰ সৈতে যাত্ৰা কৰি থকাৰ সময়তে অকাল বিয়োগ ঘটে এবছৰীয়া শিশু আব্ৰাৰ। 

মৃত্যুৰ সঠিক কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই যদিও উৰণৰ সময়ত শিশুটিয়ে হঠাৎ উশাহ-নিশাহৰ তীব্ৰ সমস্যাৰ সন্মুখীন হৈছিল। শিশুটিৰ স্বাস্থ্যৰ অৱস্থা দ্ৰুতগতিত অৱনমিত হোৱা দেখি পৰিয়াল তথা মাতৃয়ে লগে লগে কেবিন ক্ৰুক খবৰ দিয়ে আৰু লগে লগে এয়াৰ হোষ্টেছে সতৰ্ক কৰি দিয়ে পাইলটক।

পাইলটে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি ওচৰৰ বিমানবন্দৰ ইন্দোৰৰ সৈতে যোগাযোগ কৰে। প্ৰায় ৭-২০ বজাত ইন্দোৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰল (এটিচি)ক চিকিৎসা জৰুৰীকালীন অৱস্থাৰ বিষয়ে অৱগত কৰে বিমান পৰিচালকে। 

ইয়াৰ পাছতে এটিচিয়ে বিমানখনৰ পৰিচালকৰ আহ্বানক অগ্ৰাধিকাৰ প্ৰদান কৰি জৰুৰীকালীন অৱতৰণৰ অনুমতি প্ৰদান কৰে আৰু সমগ্ৰ বিমানবন্দৰতে চিকিৎসাজনিত জৰুৰীকালীন পৰিস্থিতি ঘোষণা কৰে। লগে লগে বিমানবন্দৰ কৰ্তৃপক্ষই প্ৰস্তুতি আৰম্ভ কৰে।

জয়পুৰ