/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
ডিজিটেল সংবাদ,কামৰূপঃ কামৰূপ জিলাৰ বংশৰৰ সানপাৰাত শুকুৰবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই শোকাৱহ দুৰ্ঘটনাটোত এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। নিহত ব্যক্তিগৰাকী সানপাৰা গ্ৰান্টৰ বাসিন্দা বিকাশ দাসবুলি চিনাক্ত কৰা হৈছে। পেচাত তেওঁ এজন বাদাম ব্যৱসায়ী আছিল।
ঘটনাৰ বিৱৰণী অনুসৰি, সানপাৰা দুলু ষ্টেচন পেট্ৰল ডিপোৰ সন্মুখত এখন দ্ৰুতবেগী ডাম্পাৰে বিকাশ দাসক মহতিয়াই লৈ যায়। ডাম্পাৰখনৰ খুন্দাত বিকাশ দাসৰ শৰীৰটো চিন্ন-বিচিন্ন হৈ ৰাজপথত ছেদেলি-ভেদেলি হৈ পৰে। পথৰ ওপৰত থকা টায়াৰৰ দাগ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে সন্দেহ কৰে যে, ডাম্পাৰখনে তেওঁক বহু দূৰলৈ চোঁচৰাই লৈ গৈছিল।
পুৱা পথৰ ওপৰত মৃতদেহৰ অংশ প্ৰত্যক্ষ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। খবৰ পোৱা মাত্ৰকে শুৱালকুছি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহৰ অৱশেষ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত এক তদন্ত আৰম্ভ কৰিছে যদিও দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ সন্ধান এতিয়ালৈকে পোৱা হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us