/asomiyapratidin/media/media_files/2026/03/06/whatsapp-i-2026-03-06-13-07-46.jpeg)
ডিজিটেল ডেস্ক : অৱশেষত বিজেপিৰ স্বৰূপ ৰাজ্যসভাৰ নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ পাছত পোহৰলৈ অহাৰ পাছত ভীষণ অস্বস্তিত পৰিছে বিজেপি। এন ডি এৰ সহযোগী দল ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ মনোনয়ন দাখিলৰ সময়ত বিজেপিৰ মুখ্যমন্ত্ৰীক বাদ দি বাকী জ্যেষ্ঠ নেতা- মন্ত্ৰীসকলে সংগদান কৰিছিল।
লক্ষ্যণীয়ভাৱে, প্ৰমোদ বড়োৰ মনোনয়নত প্ৰয়োজন হোৱা বিধায়কৰ স্বাক্ষৰ কৰিছিল ৩জনকৈ এ আই ইউ ডি এফৰ বিধায়কে। সেই বিধায়ককেইজন আছিল কৰিমউদ্দিন বৰভূঞা, নিজামুদ্দিন চৌধুৰী আৰু জাকিৰ হুছেইন লস্কৰ।
এগৰাকী এন ডি এৰ সমৰ্থিত প্ৰাৰ্থীক সংখ্যালঘু ৩বিধায়কে সমৰ্থন জনোৱাত স্বাভাৱিকতে বিষয়টোক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈছে। সততে সংখ্যালঘু লোকক অচিনাকি লোকৰ আখ্যাৰে তেনে অচিনাকি লোকৰ ভোটো নালাগে বুলি ঠাট্টা-মস্কৰা কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাবে এই ৩সংখ্যালঘু বিধায়কৰ সমৰ্থন গ্ৰহণ কৰাতো লজ্জাজনক আখ্যা দিছিল বিৰোধীয়ে।
অখিল গগৈয়ে বিজেপি আৰু এ আই ডি ইউ এফৰ মাজত কোনো পাৰ্থক্য নাই আৰু দুয়োটা সাম্প্ৰদায়িক দলৰ মিতিৰালিৰ এনে ঘটনাই উদঙাই দিয়ে বুলি দুয়োটা দলকে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। সাধাৰণ লোকৰ মাজতো বিজেপি সমৰ্থিত এন ডি এ প্ৰাৰ্থীজনৰ বাবে এ আই ইউ ডি এফৰ সমৰ্থন গ্ৰহণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
সেই প্ৰতিক্ৰিয়াৰ পাছত প্ৰমোদ বড়োৱে শুকুৰবাৰে মন্তব্য কৰে যে, তেওঁ ৰাজ্যসভা নিৰ্বাচনত এন ডি এৰ হৈ মনোনয়নপত্ৰ দাখিল কৰা নাই। ইউ পি পি এলৰ হৈহে এই মনোনয়নপত্ৰ দাখিল কৰা বুলি বড়োৱে কৰা মন্তব্য অত্যন্ত হাস্যকৰ। প্ৰমোদ বড়ো যি সময়ত মনোনয়নপত্ৰ দাখিল কৰিছিল, সেই সময়ত সৰ্বানন্দ সোণোৱালকে ধৰি বিজেপিৰ কেইবাজনো নেতা-মন্ত্ৰীয়ে তেওঁক বেৰি আছিল। আনকি প্ৰমোদ বড়োৰ মনোনয়নপত্ৰখনো বিজেপিৰ শীৰ্ষ নেতৃত্বই পৰীক্ষা কৰি দিছিল।
তেনেস্থলত প্ৰমোদ বড়োৰ এই মন্তব্য হাস্যকৰ আৰু ৰাজনীতিৰ নামত এ আই ডি ইউ এফৰ সৈতে বিজেপিৰ কি ধৰণৰ মিতিৰালি আছে, সেই কথা বুজিবলৈ সহজ হৈ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us