/asomiyapratidin/media/media_files/2026/03/09/new-ap-web-orunodoy-2026-03-09-15-56-39.jpg)
ডিজিটেল ডেস্ক : মহিলাৰ মুখত হাঁহি বিৰিঙাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ। আসন্ন বিধানসভা নিৰ্বাচনৰ আগেয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ। অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, ১০ মাৰ্চত হঁহুৱাব অসমৰ ৪০ লাখ মহিলাক। ২০২০ৰ ২ অক্টোবৰতে ৰাজ্য চৰকাৰে মহিলাসকলৰ বাবে গ্ৰহণ কৰা অৰুণোদয় আঁচনিৰ জৰিয়তে হিতাধিকাৰী মহিলাসকলক প্ৰদান কৰি আহিছে ১২৫০ টকাকৈ।
পিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১০ মাৰ্চত এই অনুদানৰ পৰিমাণ বৃদ্ধি কৰি একাকালীনভাৱে প্ৰদান কৰিব ১০হাজাৰকৈ টকা। নিৰ্বাচনৰ পূৰ্বে শাসকীয় দলৰ বাবে ই হ’ব এক অভিলেখ। ১০ মাৰ্চৰ দিনটোত একে সময়ত বিশাল পৰিমাণৰ ৰাজকোষৰ ধন ডিবিডিযোগে বিতৰণ কৰিব মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৷
এই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়- অহা ১০ মাৰ্চৰ পুৱা ১০.৩০ বজাত অসমৰ ৪০ লাখ অৰুণোদয় পৰিয়াললৈ আমি ৯ হাজাৰ টকাকৈ আগবঢ়াম ৷ এই উপলক্ষ্যে অসমৰ প্ৰতিখন পঞ্চায়তত, কাৰ্বি আংলং আৰু ডিমা হাচাওৰ এম এ চি অঞ্চলত, বি টি চিৰ ভি চি ডি চি অঞ্চলত আৰু নগৰ সমূহৰ ৱাৰ্ডত আমি একোখনকৈ সভাৰ আয়োজন কৰা হৈছে ৷ পুৱা ১০.৩০ বজাত এই সভা অনুষ্ঠিত হ'ব আৰু সভা চলি থাকোতেই প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে ৯ হাজাৰ টকাকৈ লাভ কৰিব ৷"
তেওঁ আৰু কয়- মই সকলো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক সভাত উপস্থিত থকাৰ বাবে বিনম্ৰতাৰে নিমন্ত্রন জনাইছো ৷ অসমত মুঠ ৪০ লাখ অৰুণোদয় পৰিয়াল আছে ৷ আমি ৯ হাজাৰ টকা তেওঁলোকলৈ সন্মান হিচাপে আগবঢ়াম আৰু তাৰ বাবে ৩৬০০ কোটি টকা লাগিব ৷ একেদিনাই একেলগে ৩৬০০ কোটি টকা এনেদৰে হস্তান্তৰ কৰাটো একপ্ৰকাৰ অভিলেখত পৰিণত হ'ব ৷ আপোনালোকৰ সাহস আৰু প্ৰেৰণাৰ বাবে আমি এনেধৰণৰ সাহসী কাম কৰিবলৈ সক্ষম হৈছো ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us