ভাষা আইন প্ৰয়োগ কৰি অসমীয়াত বিজ্ঞপ্তি প্রকাশ নকৰাত ডঃ শ্যামা প্ৰসাদ মূখাৰ্জী মেমোৰিয়েল স্বাৰ্থ সুৰক্ষা পৰিষদৰ উদ্বেগ প্ৰকাশ

ৰাজ্য মন্ত্ৰীসভাই যোৱা এপ্ৰিলত এটা সিদ্ধান্ত লৈছিল যে, চৰকাৰী ভাষা আইন মানি ব্ৰহ্মপুত্ৰ উপত্যকাত চৰকাৰী কাৰ্যালয়সমূহত আদেশ /বিজ্ঞপ্তি  আদি ১লা ব'হাগ ( ১৫ এপ্ৰিল )ৰ পৰা ইংৰাজী ভাষাৰৰ লগতে অসমীয়া ভাষাত প্ৰকাশ বাধ্যতামূলক হ'ব।

author-image
Asomiya Pratidin
New Update
AP FOR WEB cm

ডিজিচেল সংবাদ,শিলচৰ : ৰাজ্য মন্ত্ৰীসভাই যোৱা এপ্ৰিলত এটা সিদ্ধান্ত লৈছিল যে, চৰকাৰী ভাষা আইন মানি ব্ৰহ্মপুত্ৰ উপত্যকাত চৰকাৰী কাৰ্যালয়সমূহত আদেশ /বিজ্ঞপ্তি  আদি ১লা ব'হাগ ( ১৫ এপ্ৰিল )ৰ পৰা ইংৰাজী ভাষাৰৰ লগতে অসমীয়া ভাষাত প্ৰকাশ বাধ্যতামূলক হ'ব। কিন্তু  এই নিৰ্দেশ বেচিভাগ বিভাগে বিশেষকৈ সচিবালয়ৰ কৰ্মচাৰী বিভাগ আৰু গৃহ বিভাগে প্ৰয়োগ নকৰাত উত্তৰ পূব ভিত্তিক সামাজিক সংগঠন ডঃ শ্যামা প্ৰসাদ মূখাৰ্জী মেমোৰিয়েল স্বাৰ্থ সুৰক্ষা পৰিষদে উদ্বেগ প্ৰকাশ কৰিছে।

পৰিষদৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক ড০ হাৰাণ দেই এই মৰ্মে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ই-মেইল পঠাই ভাষা আইন অনুসৰি চৰকাৰৰ এই নিৰ্দেশ অনতিপলমে কাৰ্যকৰী কৰাৰ বাবে আবেদন জনাইছে। ই-মেইলত তেওঁ আৰু কয় যে পৰিষদৰ ফালৰ পৰা বিষয়টো সম্প্ৰতি ৰাজ্যৰ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে।

ইয়াত উল্লেখ কৰিব পাৰি অতিৰিক্ত মুখ্য সচিব অজয় শঙ্কৰ তিওয়াৰীয়ে ১৪ এপ্ৰিলত পিএলবি ৫৬০২১৫/ ৭৮ চিঠিৰ নম্বৰত নিৰ্দেশিকা দি চৰকাৰী বিভাগ সমূহক ভাষা আইন মানি ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া, বৰাক উপত্যকাত বাংলা আৰু বড়ো লেনড এলেকাত বড়ো ভাষা প্ৰয়োগৰ চৰকাৰৰ  এই সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ আদেশ দিছিল । এই  আদেশত কোৱা হৈছিল যে অসমীয়া, বাংলা আৰু বড়ো ভাষালৈ অনুবাদৰ বাবে "অনুবাদ ভাষিনী" এপ ব্যবহাৰ  কৰিব পাৰিব।

ৰাজ্য ভাষা আইন