ওদালগুৰিৰ বিশিষ্ট ব্যৱসায়ী দিজেন্দ্ৰনাথ শৰ্মাৰ কাইলৈ আদ্যশ্ৰাদ্ধ

তেখেতৰ মৃত্যুত ব্ৰাহ্মণ সমাজ, ওদালগুৰি এজেৱাইচিপি, বণিক সন্থা, ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ, আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা, বিপিএফ নেতা তথা বিটিচিৰ প্ৰাক্তন প্ৰধান সচিৱ ৰবিনচন মোছাহাৰীৰ লগতে বিভিন্ন জনে শোক প্ৰকাশ কৰে।

author-image
Asomiya Pratidin
New Update
131

ডিজিটেল সংবাদ, ওদালগুৰি : যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখে ওদালগুৰি চহৰৰ বিশিষ্ট ব্যৱসায়ী, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানেৰে জড়িত সামাজিক ব্যক্তি দিজেন্দ্ৰ নাথ শৰ্মাৰ ৭৯ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে। সেই উপলক্ষে সোমবাৰে ওদালগুৰিৰ পুৰণি গৰৈবাৰীস্থিত নিজ বাসগৃহত আয়োজন কৰা হৈছে আদ্যশ্ৰাদ্ধৰ অনুষ্ঠান।

১৯৪৬ চনৰ ১৯ এপ্ৰিল তাৰিখে জন্মলাভ কৰা প্ৰয়াত শৰ্মা‌ই ওদালগুৰিৰ কেইবাটাও অনুষ্ঠানৰ সৈতে জড়িত আছিল। উল্লেখ্য যে তেখেতৰ মৃত্যুৰ এসপ্তাহ পূৰ্বে ৩১ জানুৱাৰীত তেখেতৰ সহধৰ্মিনী মিনু দেৱীৰো পৰলোকপ্ৰাপ্তি ঘটে। 

তেখেতৰ মৃত্যুত ব্ৰাহ্মণ সমাজ, ওদালগুৰি এজেৱাইচিপি, বণিক সন্থা, ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰ, আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা, বিপিএফ নেতা তথা বিটিচিৰ প্ৰাক্তন প্ৰধান সচিৱ ৰবিনচন মোছাহাৰীৰ লগতে বিভিন্ন জনে শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেওঁলোকে দুই পুত্ৰ সন্তান, ভাতৃ, ভাইবোৱাৰী, ভতিজা, নাতিনীক ইহসংসাৰত এৰি থৈ যায়।

ওদালগুৰি