আজি বাথৌ পূজা

সাধাৰণতে এই অনুষ্ঠান বছৰটোত দুবাৰকৈ পালন কৰা হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে। বড়ো-কছাৰীসকলৰ বিশ্বাস হয় যে শিৱ তেওঁলোকৰ পিতৃদেৱ। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্ক : আজি বাথৌ পূজা। অসমৰ অন্যতম জনজাতি বড়ো আৰু কছাৰীসকলৰ পবিত্ৰ উৎসৱ হৈছে এই বাথৌ পূজা। 

সাধাৰণতে এই অনুষ্ঠান বছৰটোত দুবাৰকৈ পালন কৰা হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে। বড়ো-কছাৰীসকলৰ বিশ্বাস হয় যে শিৱ তেওঁলোকৰ পিতৃদেৱ। 

বাথৌ পূজাৰ দিনা সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদীত শান্তি পানী ছটিওৱাৰ পাছত সেই ডাল দুটা বেদীৰ সোঁমাজতে ৰোপণ কৰা হয় আৰু বেদীত সিজুডালৰ তলতে এটা ঘূৰণীয়া শিল আৰু কুকুৰা কণী দি বাথৌ দেৱতাক পূজা কৰা হয়। পূজাত সুৰা-মাংস আদিৰে নৈবেদ্য আগবঢ়োৱা হয়।

বাথৌ পূজা