/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d76c994b-73d3-4312-9e4b-7206e8f15fb0/334.jpg)
ডিজিটেল ডেস্ক : চিন্ময় বাৰ্মা। অসমীয়া সাংস্কৃতিক ক্ষেত্ৰত সম্প্ৰতি এটি চিনাকি নাম। ভিৰৰ মাজত থাকিও সূক্ষ্ম চিন্তাৰ অধিকাৰী এজন প্ৰতিশ্ৰুতিসম্পন্ন সাংস্কৃতিক কৰ্মী তথা পৰিচালক।
থলুৱা বিষয়বস্তুক সমল হিচাপে লৈ কলাত্মক চিন্তাৰে চুটিছবি নিৰ্মাণ কৰি অসমীয়া চলচ্চিত্ৰজগতলৈ এক অন্য মাত্ৰা প্ৰদান কৰিছে পৰিচালক বাৰ্মাই। ইয়াৰোপৰি অসমীয়া লোকাচাৰ, লোককথাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে নিৰন্তৰ প্ৰচেষ্টা চলাই থকা এজন উদীয়মান পৰিচালক হৈছে চিন্ময় বাৰ্মা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d960e3a5-6c45-4e9f-ab56-80a09bbfa39c/67c838b9-f34e-49f0-9d03-de2b75256f13.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে তেঁওৰ দ্বাৰা পৰিচালিত ঘোঁৰাপাক, যখিনী, অহল্যা, মৰমে ৰিঙিয়াই আদি উল্লেখযোগ্য ছবি। চিন্ময় বাৰ্মা পৰিচালিত ভালেকেইখন ছবিয়ে আন্তৰ্জাতিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলিবলৈও সক্ষম হৈছে। অহল্যা নামৰ চুটিছবিখনে ইণ্ডো-ফ্ৰান্স আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৩ত উজলি উঠিবলৈ সক্ষম হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/194cb247-521d-4e96-b503-b711e5e16a38/6609c42c-850c-4849-9043-3687cc43ca53.jpg)
এইগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন পৰিচালকৰ নৱতম ছবি হৈছে নৰকাসুৰ। এই ছবিখনে চলিত বৰ্ষৰ ৩০ মে’ৰ দিনা মুক্তিলাভ কৰে। ডিজিটেল মাধ্যমত মুক্তি দিয়া ছবিখনে মুক্তিৰ পাছতে দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰা বুলি পৰিচালকগৰাকীয়ে জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/dffaf4e0-d152-42ac-9e79-42b8fd6df751/9412cfac-02fa-4b75-85d1-a5dc3e41cfb9.jpg)
নৰকাসুৰ মূলতঃ 'নৰ' আৰু 'অসুৰ' এই দুয়োটা নামৰ আধাৰতে ছবিখন নিৰ্মাণ কৰা হৈছে। প্ৰতিগৰাকী ব্যক্তিৰ অন্তৰাত্মাত নিহিত হৈ থাকে একো একোটা মানুহ অৰ্থাৎ 'নৰ' আৰু 'অসুৰ' নামৰ দুটা প্ৰকৃতি।
যোগাত্মক আৰু ঋণাত্মক প্ৰকৃতিয়ে কিদৰে এগৰাকী ব্যক্তিৰ জীৱন পৰিক্ৰমাত প্ৰভাৱ পেলাই সেই সন্দৰ্ভতে 'নৰকাসুৰ' ছবিখনৰ ভেটি নিৰ্মাণ কৰা হৈছে। নৰকাসুৰ এখন কলাত্মক ছবি।
ইয়াৰ মাধ্যমেৰে পৰিচালকে দৰ্শকক কিছু চিন্তাৰ খোৰাক যোগোৱাৰ বাবে চেষ্টা কৰিছে। অৱশ্যে এইক্ষেত্ৰত পৰিচালক বাৰ্মা প্ৰায় সফল বুলিয়েই ক’ব লাগিব।
কিয়নো আদিতে জীৱৰ সৃষ্টি সন্দৰ্ভত এগৰাকী শিক্ষকৰ চৰিত্ৰৰ মাজেৰে সুন্দৰকৈ ফুটাই তুলিছে। ভগৱান বিষ্ণুৰ দশৱতাৰ সম্পৰ্কে বিশ্লেষণ কৰাত পৰিচালক ধন্যবাদৰ পাত্ৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0e6f4a9b-be14-4c30-a0a4-0fd9fa124aac/dc9d35c8-578b-43b3-a459-d73f82b0489f.jpg)
পৌৰাণিক ভাৰতীয় সাহিত্যত উল্লেখ থকা অনুসৰি জীৱৰ সৃষ্টিৰ আদিতে যে মৎস অৱতাৰ সেই তত্ব চিত্ৰনাট্য আৰু সংলাপৰ মাজেৰে সুন্দৰকৈ ফুটাই তুলিবলৈ সক্ষম হৈছে। এই দৃশ্য উপস্থাপন কৰোতে মুখা শিল্পৰ ব্যৱহাৰ কৰা হৈছে। এই প্ৰচেষ্টাত পৰিচালক সফলো হৈছে। এইখিনিতে উল্লেখ কৰিব লাগিব যে ছবিখনত ব্যৱহৃত মুখা প্ৰস্তুত কৰিছে জয়শ্ৰী বৰ্মনে।
জৈৱ বিৱৰ্তনৰ প্ৰক্ৰিয়া ছবিখনৰ জৰিয়তে দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। ভ্ৰমণ, উৰণ, বুৰণ আৰু গজন এই চাৰিমুঠি জীৱ বিশ্লেষণ কৰাৰ ক্ষেত্ৰতো ছবিখন প্ৰশংসাৰযোগ্য।
ইফালে শিক্ষকৰ চৰিত্ৰত অভিনয় কৰা মৃণাল ৰিংকু শৰ্মাৰ অভিনয় শলাগ ল’বলগীয়া। প্ৰতিটো দৃশ্যতে অভিনেতাগৰাকীয়ে নিজৰ অভিনয় দক্ষতা দাঙি ধৰিবলৈ সক্ষম হৈছে।
ইয়াৰোপৰি সাজসজ্জা নিৰ্বাচনৰ দিশটোও উল্লেখনীয়। তাৰোপৰি ছবিখনৰ আবাহ সংগীতে দৰ্শকক বান্ধি ৰাখিবলৈ সক্ষম হৈছে। ছবিখনৰ সংগীত পৰিচালনা বিদ্যুৎ বিকাশ বৰুৱা আৰু প্ৰীতমৰ। ইফালে দৃশ্যগ্ৰহনৰ ক্ষেত্ৰত পৰিচালক তথা চিত্ৰগ্ৰহণকাৰীয়ে প্ৰতিভাৰ উমান দিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/cd2f3a2e-c872-4f8f-8c79-ee99304a6f58/5485fc2b-2eee-40a2-b274-64ba135effbf.jpg)
ছবিখনৰ মাছ আৰু বান্দৰ ওলোৱা দৃশ্য দুটিৰ চিত্ৰগ্ৰহন কাৰ্যই দৰ্শকৰ দৃষ্টি কাঢ়িব পাৰিব বুলি দাবী কৰিব পাৰি। সামগ্ৰীকভাৱে ছবিখনৰ সকলো দিশেই উন্নতমানৰ।
অৱশ্যে ছবিখন উপভোগ কৰাৰ ক্ষেত্ৰত সৰ্বসাধাৰণ দৰ্শক প্ৰথমাৱস্থাত দোমোজাত পৰিব বুলি বোধ হয়। এইক্ষেত্ৰত পৰিচালকে বিষয়বস্তুৰ উপস্থাপন কিছু সৰলভাৱে কৰিলে সৰ্বসাধাৰণ দৰ্শকে সহজে ছবিখনৰ আভাস পাব !
Also Read: যুৱ পৰিচালক চিন্ময় বাৰ্মাৰ আৰ্ট ফিল্ম 'নৰকাসুৰ'...