/asomiyapratidin/media/media_files/2025/11/28/whatsapp-im-2025-11-28-11-10-21.jpeg)
ডিজিটেল ডেস্ক : আকাশবাণীৰ ৯০ বছৰ সম্পূৰ্ণ। ১৯৩৬ চনৰ ৮ জুনত ভাৰতীয় ৰাজ্যিক সম্প্ৰচাৰ সেৱাৰ নাম অল ইণ্ডিয়া ৰেডিঅ' (AIR) ৰখা হৈছিল। এই উদ্দেশ্যে আকাশবাণী গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ।
ৰোমন্থন কৰিছে আকাশবাণীৰ প্ৰচাৰণ সেৱাৰ গৌৰৱোজ্জ্বল ৯০ বছৰীয়া পৰিক্ৰমাৰ। অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ মনৰ অনুভৱ জনাৰ প্ৰয়াস কৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰই। আকাশবাণীৰ স্মৃতি আৰু প্ৰাসংগিকতা সুঁৱৰি বিশিষ্ট ব্যক্তিসকলে নিজৰ নিজৰ অনুভৱ ব্যক্ত কৰিছে।
আকাশবাণী গুৱাহাটী বুলি ক'লে বহু কথাই মনলৈ আহে। ‘এয়া আকাশবাণী গুৱাহাটী’- এই শব্দকেইটাতে লুকাই আছে বহুলোকৰ আবেগ। আজিৰ পৰা কেইবাবছৰ আগেয়ে অসমৰ প্ৰায়বোৰ সম্ভ্ৰান্ত আৰু আঢ্যৱন্ত মানুহৰ ঘৰত আছিল এটি ৰেডিঅ’।
ৰেডিঅ’ত সম্প্ৰচাৰিত অনুষ্ঠানসমূহৰ সময়েৰে মানুহে দিনটোৰ সময় নিৰ্ধাৰণ কৰিছিল। আজি পুৱা, ফোন- ইন কল্পতৰু, গীতিমালিকা, চিত্ৰগীত, আঞ্চলিক বাতৰি, নাটক, আইদেউৰ বুলনি, অকণিৰ মেল, ইত্যাদি বিভিন্ন অনুষ্ঠান সম্প্ৰচাৰিত হৈছিল ৰেডিঅ’ত।
প্ৰথমাৱস্থাত এই ৰেডিঅ’ত মাত্ৰ দুটাই চেনেল আছিল। ইয়াৰে এটা আছিল বিবিধ ভাৰতী। এই চেনেলটোত হিন্দী গীত সম্প্ৰচাৰিত হৈছিল। ইয়াৰ পাছতে ৰেডিঅ’ত সংযোজন ঘটে এফ এম চেনেলৰ।
সম্প্ৰতি ৩টা চেনেল উপলব্ধ ৰেডিঅ’ত। ঐতিহ্যৰ চানেকি বহন কৰা ৰেডিঅ’ই এটা দীঘলীয়া সময়ৰ বাবে ৰাইজৰ মাজৰ পৰা সংযোগ বিচ্চিন্ন হৈ পৰাৰ উপক্ৰম ঘটিছিল। ইয়াৰ কাৰণ আছিল ছেটেলাইট চেনেলৰ আগ্ৰাসন, এই চেনেলসমূহৰ অতি ৰঞ্জিত বাতৰি পৰিৱেশন, কেবুল টিভিৰ নানান মনোৰঞ্জনধৰ্মী চেনেল, মোবাইল ইত্যাদি।
এইসমূহ ছেটেলাইট চেনেলত সম্প্ৰচাৰিত অনুষ্ঠানসমূহৰ প্ৰতি মানুহ অধিক আকৰ্ষিত হৈ ৰেডিঅ’ৰ অনুষ্ঠানসমূহলৈ পিঠি দিছিল। ফলত অল ইণ্ডিয়া ৰেডিঅ’ৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল। কিন্তু সময়ৰ সোঁতত পুনৰ মানুহে ৰেডিঅ’ৰ অনুষ্ঠানসমূহ আঁকোৱালি লোৱাৰ উপক্ৰম হৈছে।
ব্যক্তিগতখণ্ডৰ ছেটেলাইট চেনেল, বৈদ্যুতিন মাধ্যমৰ সংবাদ সংস্থাৰ হৈ চৈ লগা টক শ্ব’, অত্যধিক ৰহণসনা বাতৰি পৰিৱেশন আদিয়ে মানুহক এটা সময়ত বিৰক্ত কৰি তুলিলে। বাতৰি কাকতৰ অৱস্থাৰ দৰে পুনৰ মানুহে ঘৰত নতুনকৈ কিনিবলৈ ল’লে ৰেডিঅ’।
প্ৰধানমন্ত্ৰীৰ মন কি বাতৰ পৰা আৰম্ভ কৰি এতিয়া ৰেডিঅ’ত সকলো অনুষ্ঠানেই উপলব্ধ। ৰেডিঅ’ৰ যি মাৰ্জিত, গাম্ভীৰ্যতা, সাৱলীলতা আদি দিশসমূহে পুনৰ আকৰ্ষিত কৰিছে শ্ৰোতাক। পূৰ্বৰ দৰে আজিকালিও ৰেডিঅ’ত সম্প্ৰচাৰিত হয় গহীন- গম্ভীৰ অনুষ্ঠান।
সময়ৰ সতে খোজ মিলাই ৰেডিঅ’ আজিকালি মোবাইলতো উপলব্ধ। সামাজিক মাধ্যমৰ পেজসমূহতো উপলব্ধ হয় ৰেডিঅ’ৰ অনুষ্ঠান। লগত ৰেডিঅ’টো নাথাকিলেও মানুহে আজিকালি হাতত থকা মোবাইলটোৰ দ্বাৰাই ৰেডিঅ’ৰ অনুষ্ঠানসমূহ শ্ৰৱণ কৰিব পাৰে।
একেদৰে বৰমূৰীয়াৰ পৰা গাঁৱৰ কৃষকজনৰ কামত অহাকৈ ৰেডিঅ’ত সম্প্ৰচাৰিত হয় অনুষ্ঠানসমূহ। পথাৰৰ পৰা কাম সামৰি খন্তেকৰ বাবে জিৰণি লোৱা কৃষকজনেও ৰেডিঅ’ নাইবা মোবাইলত শুনিব পাৰে ৰেডিঅ’ৰ অনুষ্ঠানসমূহ। যাৰ দ্বাৰা তেওঁলোক যথেষ্ট উপকৃত হয়।
ৰেডিঅ’ৰ উন্নতমানৰ প্ৰযুক্তিৰ সহায়ত চৰকাৰে ঘোষণা কৰা আঁচনিসমূহৰ বিষয়েও পলকতে শ্ৰোতাৰ ওচৰলৈ লৈ যাব পৰা ব্যৱস্থা হৈছে। যাৰ বাবে কৃষক ৰাইজ, তথা গ্ৰাম্যঞ্চলৰ ৰাইজৰ মাজত পুনৰ ৰেডিঅ’ই লাভ কৰিছে এক গতি।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতে স্বাধীনতা লাভ কৰাৰ এঘাৰ মাহৰ পাছত ১৯৪৮ চনৰ ১ জুলাইত তেতিয়াৰ অবিভক্ত অসমৰ শ্বিলঙত প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হৈছিল। আৰম্ভণিতে অল ইণ্ডিয়া ৰেডিঅ’ শ্বিলং-গুৱাহাটী নাম দিয়া কেন্দ্ৰটোক ১৯৫৩ চনত আকাশবাণী গুৱাহাটী হিচাপে নামকৰণ কৰা হয়। প্রথমাৱস্থাত আছিল শ্বিলং অসমৰ ৰাজধানী আৰু গুৱাহাটী আছিল সাহিত্য-সংস্কৃতিৰ প্রাণকেন্দ্র।
গুৱাহাটী অনাতাঁৰ কেন্দ্র উদ্বোধন কৰিছিল মৌলানা মহম্মদ তৈয়বুল্লাই। একেদৰে শ্বিলং কেন্দ্র উদ্বোধন কৰিছিল তদানীন্তন মুখ্যমন্ত্রী গাোপীনাথ বৰদলৈয়ে। আব্দুল মালিক, ভূপেন হাজৰিকা, বীৰেন্দ্ৰ ৰাম ফুকন, ফণী তালুকদাৰ, সত্য প্ৰসাদ বৰুৱা, কুলদা কুমাৰ ভট্টাচাৰ্য, খগেন মহন্ত আদি স্বনামধন্য লোকসকলৰ তত্বাৱধান তথা পৰিচালনাত গুৱাহাটী কেন্দ্ৰটি ঠন ধৰি উঠিছিল। এতিয়াও সেই ধাৰা অৱ্যাহত ৰাখি বহুকেইজন বিজ্ঞ ব্যক্তিৰ তত্বাৱধানত আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us