/asomiyapratidin/media/media_files/2025/11/30/351-2025-11-30-17-31-26.jpg)
ডিজিটেল ডেস্ক : নম্বৰ লাগে অখিলক। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বিচাৰিছে নম্বৰ। সামাজিক মাধ্যমত এই সন্দৰ্ভত এটা পোষ্ট প্ৰেৰণ কৰি অখিল গগৈয়ে লিখিছে- ‘বিধান সভাত মোৰ ভূমিকা সম্পৰ্কে আপোনালোকৰ মতামত জনাবনে? ১০ৰ ভিতৰত কিমান নম্বৰ দিব মোক?’
ৰাইজেও অখিল গগৈক প্ৰদান কৰিছে নম্বৰ কমেণ্ট বক্সত। কোনোবাই তেওঁক ১০ৰ ভিতৰত ১০য়েই প্ৰদান কৰিছে। কোনো কোনোৱে অখিল গগৈয়ে বিধানসভাত লোৱা ভূমিকাক প্ৰশংসা কৰি মন্তব্য দিছে। একাংশই আকৌ অখিল গগৈৰ ভূমিকাক লৈ সন্তুষ্ট নহয়। ১০ৰ ভিতৰত সেয়েহে ০ দিয়া মানুহো ওলাইছে।
এজনে অখিল গগৈক তেওঁ নম্বৰ দিব নোৱাৰে, তেওঁৰ নম্বৰ ড০ হিমন্ত বিশ্ব শৰ্মাইহে দিব বুলি কটাক্ষ কৰিছে। এনেকৈয়ে অখিল গগৈক এতিয়া ৰাইজে সামাজিক মাধ্যমত তেওঁৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি নম্বৰ দিয়া দেখা গৈছে। অৱশ্যে সামাজিক মাধ্যমৰ বিপৰীতে শাসকীয় পক্ষই অখিল গগৈয়ে অসম বিধানসভাত লোৱা ভূমিকাক সমালোচনা কৰা দেখা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us