ৰাহুলে নলয় দায়িত্ব, গৌৰৱে ল’ব লাগিব মিত্ৰতাৰ সিদ্ধান্ত…

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ মিত্ৰতাৰ সিদ্ধান্ত এতিয়াও ওলমি আছে। মঙলবাৰে নতুন দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ বিষয়ববীয়াৰ এক বৈঠক অনুষ্ঠিত হৈছিল যদিও এই বৈঠকত মিত্ৰতাৰ সন্দৰ্ভত কোনো কথাই আলোচনা নহ’ল। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-03 at 4.10.54 PM

ডিজিটেল ডেস্ক : ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ মিত্ৰতাৰ সিদ্ধান্ত এতিয়াও ওলমি আছে। মঙলবাৰে নতুন দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ বিষয়ববীয়াৰ এক বৈঠক অনুষ্ঠিত হৈছিল যদিও এই বৈঠকত মিত্ৰতাৰ সন্দৰ্ভত কোনো কথাই আলোচনা নহ’ল। 

ৰাহুল গান্ধীৰ উপস্থিতিত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় নেতৃত্বই মিত্ৰতাৰ সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ গৌৰৱ গগৈক দায়িত্ব দিয়ে। সেই প্ৰস্তাৱ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই বিবেচনা কৰিব বুলি ৰাহুল গান্ধীয়ে স্পষ্টভাৱে জনাই গৌৰৱ গগৈক। 

বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি গৌৰৱ গগৈ, প্ৰাক্তন সভাপতি ভূপেন বৰা, দুই সাংসদ ক্ৰমে- ৰকিবুল হুছেইন আৰু প্ৰদ্যুত বৰদলৈৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকত ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গেৰ উপৰিও কে চি বেণুগোপালকে ধৰি শীৰ্ষ নেতৃত্ব উপস্থিত আছিল। 

ইফালে ৰাজ্যখনত বিৰোধী মিত্ৰতাৰ বিষয়টোৰ সন্দৰ্ভত এতিয়াও কোনো স্পষ্ট মন্তব্য কৰা নাই গৌৰৱ গগৈয়ে। সন্মুখত নিৰ্বাচনলৈ ৩মাহ থকাৰ অৱস্থাত আন বিৰোধী দলবোৰৰ সৈতে কংগ্ৰেছে কি নীতিৰে মিত্ৰতা কৰিলে, নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাত নামিব তেনে কোনো ৰূপৰেখাও তৈয়াৰ কৰা নাই। 

যি সময়ত শাসকীয় বিজেপিয়ে প্ৰতিটো বুথত নিৰ্বাচনী সক্ৰিয়তা জোৰদাৰ কৰি তুলিছে, সেই সময়ত কংগ্ৰেছে সহযোগি দলবোৰৰ সৈতে মিত্ৰতা কৰিব নে নাই সেই সিদ্ধান্তই গ্ৰহণ কৰিব পৰা নাই। মিত্ৰতা কৰিলে সমষ্টি ভাগ-বাটোৱাৰা কেনেদৰে হ’ব তাক লৈও এতিয়া অনিশ্চিয়তাৰ সৃষ্টি হৈছে। 

এনে প্ৰেক্ষাপটত ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত বিৰোধী মিত্ৰতা যে এক বিড়ম্বনাহে হ’বগৈ তাৰ ইংগিত ইতিমধ্যে পোৱা গৈছে। আনহাতে কংগ্ৰেছৰ এনে মিত্ৰতাক লৈ গ্ৰহণ কৰা স্থিতি সন্দৰ্ভত এ আই ইউ ডি এফে তীব্ৰ কটাক্ষ কৰিছে দলটোক। অখিল গগৈ সেই মিত্ৰতাত আছে নে নাই বুলি এ আই ইউ ডি এফে মন্তব্য কৰিছে।

ৰাহুল গান্ধী কংগ্ৰেছ গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ