/asomiyapratidin/media/media_files/2025/08/13/87-2025-08-13-18-01-46.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰৰ মাজমজিয়াত সংঘটিত হৈছে এক ৰহস্যজনক মৃত্যুৰ ঘটনা । চহৰখনৰ কৃষ্ণাই হলৰ সমীপত থকা “দেশী স্বাদ” নামৰ ৰেষ্টুৰেণ্টখনত সোমবাৰে সংঘটিত হয় এই ঘটনা।
ৰেষ্টুৰেণ্টখনত কৰ্মৰত অৱস্থাত ধীৰাজ কুমাৰ নামৰ বিহাৰৰ যুৱকজনে ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লয় ৷ ৰেষ্টুৰেণ্টখনৰ কৰ্তৃপক্ষই সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰে যদিও পলমকৈ হ’লেও পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনাটো ৷
জানিব পৰা মতে, প্ৰথম অৱস্থাত আৰক্ষীকো এই ঘটনাৰ বিষয়ে জনোৱা নাছিল ৰেষ্টুৰেণ্টখনৰ কৰ্তৃপক্ষই । যুৱকজনক ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰৰ পাছত চিকিৎসকে মৃত ঘোষণা কৰে আৰু তাৰ পাছত চিকিৎসালয়ত থকা আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে নগাঁও ইটাচালী আৰক্ষীক খবৰ দিয়ে ৷
আৰক্ষীয়ে যুৱকজনৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰে ৷ ঘটনাৰ ২৪ ঘণ্টা পাৰ হোৱাৰ পাচতহে ইটাচালী আৰক্ষী চকীত ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই এক এজাহাৰ দাখিল কৰে ৷
পিছে বৰ্তমানেও ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা ৷ কি পৰিস্থিতিত আৰু কেনেকৈ বিহাৰৰ ধীৰাজ কুমাৰ মৃত্যু মুখত পৰিল ? সেয়া মৰণোত্তৰ প্ৰতিবেদনৰ পাছতহে আহিব পোহৰলৈ ৷ উল্লেখ্য যে হয়বৰগাঁৱৰ জনৈক সুশীল জৈন নামৰ ব্যক্তিগৰাকীৰ পত্নীৰ মালীকাধীন এই খন “দেশী স্বাদ” নামৰ ৰেষ্টুৰেণ্ট ৷