/asomiyapratidin/media/media_files/2026/01/07/591-2026-01-07-19-57-51.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : গণতন্ত্ৰৰ প্ৰকৃত মূলাধাৰৰ সন্ধান আৰু ইন্ধন বিষয়ক কাহিনীৰে ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ দিলীপ বৰাৰ এখন বিশেষ উপন্যাস ‘যাত্ৰা’। দেশৰ শিক্ষা ব্যৱস্থাত ৰাজনীতিৰ চিলনীয়ে কঢ়িয়াই অনা বিভীষিকাৰ আপোচবিহীন চিত্ৰায়ন এই উপন্যাস।
ছাত্ৰ সমাজ, অসমৰ জাতি-ভূমিপুত্ৰৰ বিৰল আধাৰ, সামাজিক প্ৰেক্ষাপটত ব্যক্তিমুখী সংঘাত আদিৰ বৰ্ণনা যাত্ৰাত কৰা হৈছে। তাৰেই অন্য এক ৰূপ প্ৰতিস্থাৰ মানসেৰে গুৱাহাটীৰ জে ডি এণ্ড কে পি প্ৰডাকচনে নিৰ্মাণ কৰা হৈছে অসমীয়া চিনেমা ‘প্ৰস্তাৱনা the preamble’, ছবিখনৰ পৰিচালনা দিলীপ বৰা আৰু মানিক ৰয়ৰ।
৭ জানুৱাৰী ২০২৬ত গুৱাহাটীৰ অনুৰাধা চিনেপ্লেক্সত প্ৰস্তাৱনাৰ প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠিত হয়। এই প্ৰিমায়াৰ শ্ব’ উদ্বোধন কৰে ছট্টিচগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই।
ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে যশস্বী গল্পকাৰ, অভিনেতা তপন দাসে। পাৰ্ভি বৰুৱাই ছবিখনৰ নায়িকা হিচাপে অভিনয় কৰাৰ লগতে হিল্লোল কুমাৰ পাঠক, অশ্বিনী ভূঞা, অন্তৰা জি.জি.চৌধুৰী, কৌশিক নাথ, কল্পনা বৰুৱা, ৰশ্মিৰেখা শৰ্মা, উত্তম ডেকা আদি প্ৰবীন-নবীন অভিনয় শিল্পীয়ে বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিছে।
চিনেমাখনৰ দৃশ্যগ্ৰহণ বিতুল দাসৰ, সম্পাদনা এ.শ্ৰীকৰ প্ৰসাদ আৰু ঝুলনকৃষ্ণ মহন্তৰ। চিনেমাখনত ব্যৱহৃত জেংবিহুৰ কণ্ঠ মনোজ্যোতস্না মহন্তৰ। অন্য দুটি গীতৰ কথা,সুৰ আৰু কণ্ঠ ক্ৰমে হিতেশ্বৰ ৰয় আৰু সত্যৰঞ্জন ভূঞাৰ। চিনেমাখন উপভোগ কৰি উঠি উপস্থিত দৰ্শকে ভূয়সী প্ৰশংসা কৰে। অহা ১৬ জানুৱাৰীত সৰ্বসাধাৰণ দৰ্শকৰ বাবে অসমৰ সকলো ছবিগৃহতে মুক্তি দিয়া হ’ব বহুচৰ্চিত চিনেমা প্ৰস্তাৱনা the preamble’।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us