/asomiyapratidin/media/media_files/2025/08/27/helem-27-2025-08-27-20-53-40.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: হেলেম আৰক্ষী থানাৰ অন্তৰ্গত টকৌবাৰীৰ ৰঙাজান গাঁৱৰ এগৰাকী ১৬ বছৰ বয়সীয়া কিশোৰী মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। ৰঙাজান কমাৰ গাঁও নিবাসী,শ্ৰমিক ধনেশ্বৰ কমাৰ আৰু বাসন্তী কমাৰৰ জীয়ৰী মনিকা কমাৰ স্থানীয় বুৰৈ গুৰী নিম্ম বুনিয়াদী বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী।
আন দিনাৰ দৰে মঙলবাৰেও তেওঁ বিদ্যালয়লৈ বুলি ওলাই আহিছিল যদিও ঘৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা স্কুলীয়া ইউনিফৰ্ম,কিতাপ-বহীসহ অতি ৰহস্যজনক ভাবে নিৰুদ্দেশ হয়।ইয়াৰ পিছত সন্ধিয়া তেওঁৰ মাতৃয়ে হেলেম আৰক্ষী থানাত নিৰুদ্দেশ সংক্ৰান্তীয় এখন এজাহাৰ দাখিল কৰে।
ইফালে নাবালিকা ছাত্ৰীগৰাকীক উক্ত আৰক্ষী থানাৰ অন্তৰ্গত গানুগাঁৱৰ বিশ্বনাথ খাড়ীয়াৰ পুত্ৰ ৰাজু খাড়ীয়া(১৬) নামৰ এজন কিশোৰে ফুচুলাই লৈ যোৱা বুলি সন্দেহ কৰা হৈছে। কাৰণ মঙলবাৰৰ পৰা ৰাজু খাড়ীয়াও নিৰুদ্দেশ হৈ থকাৰ লগতে তেওঁৰ মোবাইল ফোনটোৰ ছুইচ অফ হৈ আছে।
নাবালিকা ছাত্ৰীগৰাকী নিৰুদ্দেশ হৈ থকাত চিন্তিত হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃ।স্থানীয় ৰাইজে সন্দেহ কৰাৰ ধৰণে যদি সঁচাকৈয়ে কিশোৰ ৰাজু খাড়ীয়াই নাবালিকা মণিকা কমাৰক ফুচুলাই নি দুয়োৱে আত্মগোপন কৰি আছে তেন্তে এই বিষয়টো অতি চিন্তনীয় বুলি মন্তব্য কৰিছে সচেতন ৰাইজে।