/asomiyapratidin/media/media_files/2025/11/21/sarba-2025-11-21-18-41-16.jpg)
ডিজিটেল ডেস্ক : কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে অসমৰ অন্তৰ্দেশীয় জল পৰিবহণ নেটৱৰ্ক আৰু ঔদ্যোগিক লজিষ্টিক শক্তিশালী কৰিবলৈ দুখন গুৰুত্বপূর্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। অসম পেট্র'-কেমিকেলছ লিমিটেড আৰু অসম চৰকাৰৰ সৈতে স্বাক্ষৰিত এই চুক্তিয়ে ৰাজ্যৰ বিস্তৃত নদী ব্যৱস্থাৰ জৰিয়তে পণ্য আৰু যাত্ৰী পৰিবহণক উৎসাহিত কৰাৰ লক্ষ্য ৰাখিছে, যাৰ ফলত স্থায়ী সংযোগ আৰু অঞ্চলভিত্তিক বিকাশৰ লক্ষ্য ত্বৰান্বিত হ'ব।
উত্তৰ-পূৰ্বাঞ্চলৰ একাধিক প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰালয় আৰু ভাৰতীয় অভ্যন্তৰীণ জলপথ প্রাধিকৰণৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে শুকুৰবাৰে গুৱাহাটীত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। লগতে অসম, মিজোৰাম, অৰুণাচল প্রদেশ, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ সকলো প্ৰকল্পৰ বিস্তৃত পর্যালোচনা কৰে।
শেহতীয়াকৈ ভাৰত সামুদ্রিক সপ্তাহ ২০২৫ত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ আধাৰত ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু অসম পেট্র'-কেমিকেলছ লিমিটেডে ভাৰত-বাংলাদেশ প্রট'কল জলপথ আৰু ৰাষ্ট্ৰীয় জলপথৰ জৰিয়তে মিথানল আৰু ফমেলিন পৰিবহণৰ বাবে সহযোগিতা বৃদ্ধি কৰিব। এই পদক্ষেপে বগীবিল, পাণ্ডু আৰু যোগীঘোপাৰ ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ জেটিৰ পৰা বাংলাদেশ আৰু দক্ষিণ-পূর্ব এছিয়ালৈ ৰপ্তানি সহজ কৰিব। একেদৰে ৰাষ্ট্ৰীয় জলপথ-১ অর্থাৎ গংগা আৰু ২ অর্থাৎ মহাবাহু ব্ৰহ্মপুত্ৰৰ জৰিয়তে ঘৰুৱা যোগান শৃংখলা শক্তিশালী কৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/21/whatsapp-im-2025-11-21-18-41-29.jpeg)
এই প্রকল্প প্রধানমন্ত্রী গতিশক্তি বহুমুখী সংযোগৰ ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ সৈতে সংগতিপূৰ্ণ আৰু ই অসমৰ ৰপ্তানি আৰু ঔদ্যোগিক সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এই নতুন ব্যৱস্থাই উক্ত সামগ্ৰীসমূহৰ বৃহৎ পৰিমাণৰ, কম খৰচী আৰু পৰিৱেশ-অনুকূল পৰিবহণ সক্ষম কৰিব। এই পদক্ষেপৰ বাবে মুঠ বিনিয়োগ ৪০০ কোটি টকা নির্ধাৰণ কৰা হৈছে।
দ্বিতীয়খন বুজাবুজিৰ চুক্তিৰ জৰিয়তে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু অসম চৰকাৰে তেজপুৰ, গুৱাহাটী আৰু ডিব্ৰুগড়ত নগৰীয়া জল পৰিবহণ ব্যৱস্থা (ৱাটাৰ মেট্ৰ') গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। এই প্রকল্পই ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি নিৰৱচ্ছিন্ন আৰু স্থায়ী জল-ভিত্তিক গতিশীলতাপূর্ণ নেটৱৰ্ক গঢ়ি তুলিব, যি স্থলপথ, ৰে'ল আৰু বাছ ব্যৱস্থাৰ সৈতে একত্ৰিত হ'ব।
এই অনুষ্ঠানত সর্বানন্দ সোণোৱালে কয়, "এই বুজাবুজিৰ চুক্তিসমূহ হৈছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত এক বৃহৎ পদক্ষেপ। তেখেতৰ সবল নেতৃত্বই উত্তৰ-পূৰ্বাঞ্চলক অন্তর্দেশীয় জলপথ সংযোগ আৰু ঔদ্যোগিক সুযোগ-সম্ভাৱনাৰ প্ৰাণকেন্দ্ৰলৈ ৰূপান্তৰিত কৰি আছে। আমি সমগ্র অঞ্চলটোত অন্তর্দেশীয় জলপথ ব্যৱস্থাৰ সৰ্বোচ্চ ব্যৱহাৰৰ বাবে দৃঢ় প্রতিজ্ঞ।”
ৱাটাৰ মেট্ৰ' প্ৰকল্পৰ অধীনত ফেয়াৰৱে, নৌ-চালনা সহায়ক আৰু যাত্রী টার্মিনেল গঢ়ি তোলা হ'ব, যি ইলেক্ট্রিক-হাইব্রিড যাত্রীবাহী নাৱৰে সমর্থিত হ'ব। কোচি মেট্র' ৰে'ল লিমিটেডে (KMRL) ৰাজ্য চৰকাৰৰ পৰামৰ্শত ৱাটাৰ মেট্ৰ' প্ৰকল্পৰ সম্ভাব্যতা অধ্যয়ন চলাই আছে। প্ৰকল্পৰ অনুমানিক খৰচ ১,০০০ কোটি টকা (ভূমি খৰচ বাদে)।
অন্যান্য গুৰুত্বপূৰ্ণ চুক্তিসমূহ হৈছে- হেৰিটেজ ৰিভাৰ জার্নিজ প্রাইভেট লিমিটেডৰ সৈতে ৫০০ কোটি টকাৰ ক্রুজ পর্যটন প্ৰকল্পৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত, ডিব্ৰুগড়ত আঞ্চলিক উৎকৃষ্টতাৰ কেন্দ্ৰ (১৮৮ কোটি) আৰু গুৱাহাটীত ভূমি উন্নয়ন (৫৫ কোটি) ইত্যাদি।মিজোৰাম, নাগালেণ্ড, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা আৰু অৰুণাচল প্রদেশতো একাধিক প্ৰকল্পৰ কাম চলি আছে, যেনে গোমতী-মেঘনা সংযোগ, ডুম্বুৰ হ্ৰদত ক্রুজ জাহাজৰ জৰিয়তে পর্যটন উন্নয়ন, চিয়াং নদীত জল পৰিবহণ ব্যৱস্থা আদি।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/21/wha-2025-11-21-18-43-17.jpeg)
কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে আৰু কয়, "মোদী চৰকাৰৰ সদিচ্ছা আৰু দায়বদ্ধতাৰ ফলত উত্তৰ-পূবৰ নদীসমূহ পুনৰুজ্জীৱিত হৈ অর্থনৈতিক বৃদ্ধিৰ চালিকাশক্তি হৈ পৰিছে। নতুন সহযোগিতাৰ জৰিয়তে আমি নদী পৰিবহণ, পর্যটন আৰু সীমান্ত বাণিজ্যক জীৱনৰেখালৈ ৰূপান্তৰিত কৰিছোঁ।
আজি গুৱাহাটীত জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত উত্তৰ-পূৰ্বাঞ্চলত ৰূপায়ণ হৈ থকা কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বিস্তৃত পর্যালোচনা কৰিলোঁ আৰু সকলো কাম তৎপৰতাৰে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নির্দেশ দিলোঁ। প্রধানমন্ত্রী মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডৰ অভূতপূৰ্ব ৰূপান্তৰ সাধন হৈছে।
ইতিমধ্যে এই খণ্ডত ১,০০০ কোটি টকাতকৈও অধিক বিনিয়োগ কৰা হৈছে আৰু আগন্তুক বছৰসমূহৰ বাবে আমাৰ লক্ষ্য ৫,০০০ কোটি টকাতকৈও অধিক। ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোৰ পৰিবহণ, সংযোগ আবু আন্তঃগাঁথনিয়ে এক নতুন গতি লাভ কৰিব।
এই সবল প্রচেষ্টাসমূহে অঞ্চলটোক দক্ষিণ-পূব এছিয়াৰ এক গুৰুত্বপূর্ণ প্রাণকেন্দ্র হিচাপে গঢ় দিছে আৰু অভূতপূর্ব সমৃদ্ধিৰ দুৱাৰ মুকলি কৰিছে। শেহতীয়াকৈ অনুষ্ঠিত ভাৰত সামুদ্রিক সপ্তাহ ২০২৫-ত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডৰ ব্যাপক উন্নয়নৰ বাবে প্রায় ৩,০০০ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছে, যাৰ ভিতৰত অত্যাধুনিক নগৰীয়া জল পৰিবহণ ব্যৱস্থাও অন্তর্ভুক্ত। সকলো বিষয়াক টীম ইণ্ডিয়াৰ মনোভাৱেৰে কাম কৰি এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ আমাৰ সামূহিক সংকল্পক অধিক শক্তিশালী কৰিবলৈ আহ্বান জনাইছোঁ।"
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us