/asomiyapratidin/media/media_files/2026/01/17/646-2026-01-17-18-11-12.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰ : কলিয়াবৰৰ নিজ চিলাবন্ধাৰ মৌচন্দা পথাৰত ১৮ জানুৱাৰী ২০২৬ৰ দেওবাৰে অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশাল জনসভাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ব্যাপক প্ৰস্তুতি আৰু নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হ'বলগীয়া এই জনসভাখনক কেন্দ্ৰ কৰি নগাঁও জিলা প্ৰশাসনে তৎপৰতা চলাই থকা পৰিলক্ষিত হৈছে।
ইতিমধ্যে ৫ হাজাৰৰ অধিক আৰক্ষী বিষয়া কৰ্মচাৰীক নিয়োজিত কৰাৰ লগতে সভালৈ সৰ্বসাধাৰণ ৰাইজৰ অহা যোৱাৰ বাবে ৪৫০০খন যাত্ৰীবাহী বাহন অধিগ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে। উল্লেখযোগ্য যে- কালিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিভেটেড কৰিড'ৰ নিৰ্মাণ কাৰ্যৰ ভূমি পুজন,৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৮৬ কিলোমিটাৰ কলিয়াবৰ-নুমলিগড়লৈকে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ আধাৰশিলা আৰু দুখন ৰেলৰ আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
থোৰতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিভেটেড কৰিডৰ:
- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিভেটেড কৰিডৰটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে নিৰ্মাণ হ'ব।
- এলিভেটেড কৰিডৰৰ নিৰ্মাণ ব্যয় ২৬৬৫ কোটি টকা।
- ডেৰাডুনৰ Wild Life Institution of India ৰ লগত অসম চৰকাৰে আলোচনা কৰি হাতত লৈছে এই প্ৰকল্পটো।
- ৭০ হেক্টৰ ভূমিৰ ওপৰত নিৰ্মাণ হ'ব এই এলিভেটেড কৰিডৰটো।
- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯ টা এনিমেল কৰিডৰক সামৰি নিৰ্মাণ হ'ব এনিমেটেড কৰিডৰটো।
- তিনিটা ভাগত নিৰ্মাণ হ'ব এলিডেটেড কৰিডৰটো।
- এলিভেটেড কৰিডৰৰ প্ৰথমটো অংশ নিৰ্মাণ হ'ব কলিয়াবৰৰ ৰাঙলুৰ পৰা দেওপানীলৈকে। ইয়াৰ দৈঘ্য হ'ব ১৮ দশমিক ৮১ কিলোমিটাৰ।
- দ্বিতীয়টো এলিভেটেড কৰিডৰ নিৰ্মাণ হ'ব হাৰমতিৰ পৰা হাতীখুলীলৈকে। ইয়াৰ দৈঘ্য হ'ব ১১ দশমিক ৪৭৬ কিলোমিটাৰ।
- তৃতীয়টো এলিভেটেড কৰিডৰ নিৰ্মাণ হ'ব পানবাৰীৰ পৰা বৰজুৰি লৈকে। ইয়াৰ দৈঘ্য হ'ব ৪ দশমিক ৯১ কিলোমিটাৰ।
- এলিভেটেড কৰিডৰটো চাৰি লেনযুক্ত হ'ব।
- কৰিডৰটোত থাকিব ১১ মিটাৰ বহল কেৰিজ ৱে। লগতে থাকিব ২ মিটাৰ বহল চাইকেল চলাচল কৰিব পৰা পথ।
- কৰিডৰত থাকিব ১০০ মিটাৰ দীঘল দুটা ভিউ পইণ্ট।
- লগতে থাকিব ডেৰ মিটাৰ দৈৰ্ঘ্যৰ ফুট পাত।
- মাটিৰ পৰা ৯ মিটাৰ উচ্চতাত নিৰ্মাণ হ'ব এলিভেটেড কৰিডৰটো।
- কপিকুল অৰ্থাৎ বান্দৰৰ বাবে থাকিব দুখন ৰছীৰ দলং।
- এলিভেটেড কৰিডৰৰ লগতে থাকিব তিনিটা সুৰংগ।
- প্ৰথমটো সুৰংগৰ দৈঘ্য ২০০ মিটাৰ।
- দ্বিতীয়টো সুৰংগৰ দৈঘ্য ১৪০ মিটাৰ।
- তৃতীয়টো সুৰংগৰ দৈঘ্য ৯০ মিটাৰ।
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা কৰিব লগা এলিভেটেড কৰিডৰ সংযোগী কলিয়াবৰ নুমলীগড় ( ৮৫.৬৭৫ কিলোমিটাৰ) চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় ৬৯৬৭ কোটি টকা।
- ইয়াৰে চিভিল খৰছ ৪৮২৯ কোটি টকা।
- ভূমি অধিগ্ৰহণৰ বাবে ধায্য কৰা হৈছে ৬২২ কোটি টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us