শোণিতপুৰৰ অকাবস্তী বঙালী গাঁৱত নিৰুদ্দেশ যুৱক

শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত ১৮ মাইলৰ অকাবস্তী বঙালী গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ২৫ বছৰীয়া যুৱক বিগত ৫দিন ধৰি নিৰুদ্দেশ হৈ আছে

author-image
Asomiya Pratidin
New Update
missing web Untitled-1 copy

ডিজিটেল সংবাদ, জামুগুৰিহাটঃশোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত ১৮ মাইলৰ অকাবস্তী বঙালী গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ২৫ বছৰীয়া যুৱক বিগত ৫দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে অকাবস্তী বঙালী গাঁৱৰ আব্দুল আলিৰ পুত্ৰ মুছিবুৰ ৰহমান (২৫) শুকুৰবাৰে দিনৰ ২ মান বজাত ঘৰৰ পৰা ওলাই যোৱাৰ পিচৰে পৰা বৰ্তমানলৈকে সন্ধানহীন হৈ আছে। ইতিমধ্যে পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ-খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে যুৱকজনৰ কোনো সম্ভেদ লাভ কৰা নাই৷ 

দুৰ্ভগীয়া পিতৃয়ে জানিবলৈ দিয়া মতে তেওৰ পুত্ৰই স্কুলৰ নথি পত্ৰ লগত নিছিল৷ যুৱকজন অসাধু চক্ৰৰ কৱলত পৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকসকলে।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে চাৰিদুৱাৰ আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈ আৰক্ষীয়ে নিৰুদ্দেশ হোৱা কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। কোনো সদাশয় লোকে যুৱকজনৰ  কোনো সম্ভেদ পালে ৮৪৭২৯-৭১৭০২/৮০৯৯৭-৭০১৫৯ নম্বৰৰ জৰিয়তে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকসকলে।

sonitpur assam