লংকাত ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত লাগি মৃত্যু এজন লোকৰ

বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হয় লোকজনৰ। দিপাংকৰক লগে লগে জোৰাপুখুৰীস্থিত জিলা অসামৰিক চিকিৎসালয় আৰু পাছলৈ হোজাই হামলৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,লংকাঃ  লংকাৰ জোৰাপুখুৰীত ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত লাগি মৃত্যু দিপাংকৰ দাস নামৰ এজন লোকৰ। প্ৰাপ্ত তথ্য অনুসৰি,পথাৰত ধান কাটিবলৈ যাওতে উলমী থকা বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হয় লোকজনৰ। দিপাংকৰক লগে লগে জোৰাপুখুৰীস্থিত জিলা অসামৰিক চিকিৎসালয় আৰু পাছলৈ হোজাই হামলৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। 

জানিব পৰা মতে, মৃত দিপাংকৰৰ ঘৰ আমপুখুৰীত। ইফালে ঘটনাস্থলীত বিদ্যুৎ বিভাগত কৰ্মৰত কৰ্মচাৰী উপস্থিত হোৱাত ৰাইজে আবদ্ধ কৰে কৰ্মচাৰীজনক। পাছত ঘটনাস্থলীত শংকৰদেৱ নগৰ আৰক্ষী, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক, জিলা উপ আৰক্ষী অধীক্ষক,জিলা অতিৰিক্ত আয়ুক্ত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

উল্লেখ যে,স্থানীয় ৰাইজে পূৰ্বেও পথাৰৰ মাজেৰে যোৱা উচ্চ বিদ্যুৎ পৰিবাহী উক্ত তাঁৰক লৈ লংকা বিদ্যুৎ বিভাগক আবেদন নিবেদন দিছিল যদিও বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয়ৰ।

হোজাই