গুদামঘাটত এছ আৰ সন্দৰ্ভত বৃহৎ সজাগতা সভা

শোণিতপুৰৰ গুদামঘাটৰ আমনি চেণ্টাৰত নেমছু আৰু বিভিন্ন দল সংগঠনৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত এক বৃহৎ সজাগতা সভা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
695

ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰৰ গুদামঘাটৰ আমনি চেণ্টাৰত নেমছু আৰু বিভিন্ন দল সংগঠনৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত এক বৃহৎ সজাগতা সভা অনুষ্ঠিত হয়। বিশেষকৈ এচ,আৰ (SR) মাধ্যমেৰে বৃহৎ সংখ্যক ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ নাম কৰ্তন কৰাক কেন্দ্ৰ কৰি এই সজাগতা সভা অনুষ্ঠিত কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। 

আনহাতে চক্ৰান্তমূলকভাৱে তেওঁলোকৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰি এই চক্ৰান্তকাৰীসকলক কঠোৰ সকিয়নী প্ৰদান কৰে। লগতে তেনে ষড়যন্ত্ৰমূলক কাৰ্য্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে সংগঠনসমূহে। অন্যথা এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰো হুংকাৰ দিয়ে সংগঠনসমূহে।

উল্লেখ্য যে (SR) এছ আৰৰ জৰিয়তে নাম কৰ্তন কৰাক কেন্দ্ৰ কৰি সংখ্যালঘু ৰাইজ যাতে ভিতিগ্ৰস্থ নহয় তাৰ প্ৰতি আহ্বান জনাই এই ক্ষেত্ৰত পৰস্পৰে পৰস্পৰক সহায় সহযোগিতা কৰাটো প্ৰয়োজন আছে বুলি উল্লেখ কৰে। সভাত নেমছুৰ প্ৰতিনিধিৰ লগতে বিভিন্ন দল সংগঠন, স্থানীয়  কেইবাশতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷

সজাগতা সভা