জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকালৈ পত্ৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

সংগীত শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছতে শিল্পীগৰাকীৰ ন্যায়ক লৈ বিভিন্ন মহলে দাবী উত্থাপন কৰি আহিছে। এনে সময়তে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই মন্ত্ৰী পীযুষ হাজৰীকালৈ এক পত্ৰ লিখি জুবিন গাৰ্গৰ ন্যায়ৰ সম্পৰ্কত কেতবোৰ কথা উল্লেখ কৰিছে

author-image
Asomiya Pratidin
New Update
514

ডিজিটেল ডেস্ক : সংগীত শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছতে শিল্পীগৰাকীৰ ন্যায়ক লৈ বিভিন্ন মহলে দাবী উত্থাপন কৰি আহিছে। এনে সময়তে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই মন্ত্ৰী পীযুষ হাজৰীকালৈ এক পত্ৰ লিখি জুবিন গাৰ্গৰ ন্যায়ৰ সম্পৰ্কত কেতবোৰ কথা উল্লেখ কৰিছে। 

দলপতি শইকীয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা পত্ৰখন হুবহু প্ৰকাশ কৰা হ’ল-

“ বিষয় : জলসম্পদ বিভাগৰ কৰ্মচাৰী অনিলেষ গগৈৰ বিদেশ ভ্রমণ, শ্যামকানু মহন্তৰ লগত সম্পর্ক আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সাম্ভৱ্য ভূমিকা সন্দৰ্ভত বিভাগীয় তদন্তৰ দাবী।

মহোদয়,
কিংবদন্তি গায়ক তথা অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ ভোটাতৰা সদৃশ জুবিন গাৰ্গৰ বিতর্কিত অকাল বিয়োগৰ সময়ত, বিৰোধী দলৰ নেতা হিচাপে মই গভীৰ শোক আৰু চিন্তাৰে আপোনালৈ এই পত্র লিখিছোঁ। জুবিন গাৰ্গৰ অকাল মৃত্যুৰ তদন্তত যি নতুন তথ্যসমূহ পোহৰলৈ আহিছে, তাৰ ভিতৰত জলসম্পদ বিভাগৰ কণিষ্ঠ সহায়ক অনিলেষ গগৈৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

অভিযোগ অনুসৰি, অনিলেষ গগৈ লখিমপুৰ জিলাৰ অন্তৰ্গত ঢকুৱাখনাৰ জলসম্পদ বিভাগত কৰ্মৰত হৈও, বিগত কেইবছৰ ধৰি সাম্প্রতিক পৰিৱেশত অসমীয়াৰ জাতীয় শত্রু ৰূপে পৰিগণিত শ্যামকানু মহন্তৰ ব্যক্তিগত অনুষ্ঠান, বিদেশ ভ্রমণ আৰু নিতী নির্ধাৰণ দলৰ কাৰ্যকলাপত সক্রিয়ভাৱে জড়িত। শেহতীয়াকৈ ছিংগাপুৰত অনুষ্ঠিত নর্থ-ইষ্ট ফেস্টিভেলত শ্যামকানুৰ সহচৰ হিচাপে তেওঁ উপস্থিত আছিল, যাৰ বাবে তেওঁ ১৫ ছেপ্তেম্বৰ ২০২৫ৰ পৰা ২৫ ছেপ্তেম্বৰ ২০২৫লৈ ছুটি লৈছিল। কিন্তু এই বিদেশ ভ্রমণৰ বাবে চৰকাৰী অনুমতি লৈছিল নে নাই, সেইয়া এতিয়ালৈকে স্পষ্ট নহয়।

চিআইডিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত APS বিষয়া সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰাৰ পাছতো অনিলেষ গগৈক এতিয়ালৈকে জেৰা কৰা নাই। অথচ, বিভিন্ন উৎস অনুসৰি তেওঁ শ্যামকানু মহন্তৰ বহু গোপন তথ্যৰ আধাৰ হ’ব পাৰে। 

তেওঁ শ্যামকানুৰ পৰিয়ালৰে ব্যক্তিগত সম্পর্ক বজাই ৰখাৰ লগতে আৰু মহন্তৰ কম্পিউটাৰ সম্পর্কীয় কাম-কাজৰ দায়িত্বত আছিল। সেয়েহে এনে এজন ব্যক্তিক সোধ-পোচ কৰাতো অতিকৈ প্রয়োজনীয় ৰূপে সাধাৰণ দৃষ্টিত দেখা দিছে।

এজন চৰকাৰী কৰ্মচাৰী হৈ ব্যক্তিগত গোটৰ সদস্য হিচাপে কাম কৰা, বিদেশ ভ্রমণত অংশ লোৱা আৰু চৰকাৰী অনুমতিৰ অবিহনে বিভাগীয় সম্পদ ব্যৱহাৰ কৰাৰ অভিযোগসমূহে জলসম্পদ বিভাগৰ নৈতিকতা, স্বচ্ছতা আৰু দায়িত্ববোধৰ ওপৰত প্রশ্ন তোলে।

সেয়েহে, আপোনালৈ তলত উল্লেখ কৰা দাবীসমূহ আগবঢ়োৱা হৈছে :

১. অনিলেষ গগৈৰ ছিংগাপুৰ ভ্ৰমণৰ অনুমতি, ভ্রমণ ব্যয় আৰু বিভাগীয় সম্পদ ব্যৱহাৰ সন্দৰ্ভত বিভাগীয় তদন্ত আৰম্ভ কৰা।

২. শ্যামকানু মহন্তৰ লগত তেওঁৰ সম্পৰ্ক আৰু চৰকাৰী দায়িত্বৰ অপব্যৱহাৰ সন্দৰ্ভত বিভাগীয় অনুসন্ধান।

৩. জুবিন গাৰ্গৰ অকাল মৃত্যুৰ তদন্তৰ বাবে চিআইডিক সহায় কৰিবলৈ অনিলেষ গগৈক নির্দেশ প্রদান।

৪. জলসম্পদ বিভাগৰ কৰ্মচাৰীৰ দায়িত্ব আৰু আচৰণৰ মানদণ্ড পুনঃনির্ধাৰণৰ পদক্ষেপ গ্রহণ।

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ ওপৰত জনতাৰ বিশ্বাস অটুট ৰাখিবলৈ এই বিষয়সমূহত তৎপৰতা আৰু স্বচ্ছতা অত্যন্ত প্রয়োজন। আশা কৰোঁ, আপুনি এই বিষয়ত গম্ভীৰভাৱে বিবেচনা কৰি সঠিক পদক্ষেপ গ্রহণ কৰিব।“

জুবিন গাৰ্গ