/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
ডিজিটেল সংবাদ, শিলচৰ : নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই বুজণ পৰিমাণৰ গাঞ্জা জব্দ কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে। চুবুৰীয়া ৰাজ্যখনৰ ধলাই জিলা আৰক্ষীয়ে পৃথক অভিযান চলাই প্ৰায় ৩০২ কেজি গাঞ্জা জব্দ কৰিছে।
গোপন তথ্যৰ ভিত্তিত কমলপুৰ থানাৰ আৰক্ষীয়ে শ্ৰীৰামপুৰত নাকা চেকিঙ বহুৱাই এখন বাহনৰ গোপন চেম্বাৰৰৰ পৰা ৪০ কেজি গাঞ্জা জব্দ কৰে। গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে বাহনখনৰ চালক আৰু সহ চালকক গ্ৰেপ্তাৰ কৰে।
আনহাতে,আমবাছা আৰক্ষীয়ে বেটবাগানত নাকা চেকিঙ বহুৱাই এখন বাহনৰ গোপন চেম্বাৰৰৰ পৰা ২১৫ কেজি গাঞ্জা জব্দ কৰে। গাঞ্জাৰ সৈতে বাহন খনৰ চালকক গ্ৰেপ্তাৰ কৰা হয়।
গোপন তথ্যৰ ভিত্তিত আমবাছা থানাৰ আৰক্ষীয়ে হৃদয় বস্তিৰ পুৰ্ণ দেৱবাৰ্মাৰ ঘৰত অভিযান চলাই ৪৭ কেজি গাঞ্জা জব্দ কৰে। লগতে গাঞ্জা ব্যৱসায়ী পূৰ্ণ দেৱবাৰ্মাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।