/asomiyapratidin/media/media_files/2025/10/11/486-2025-10-11-18-02-59.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : ৰাজ্যজুৰি বিধানসভা সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন চলি থকাৰ মাজতে ধুবুৰী বিধানসভা সমষ্টিভিত্তিত দেওবাৰে ধুবুৰী ভোলানাথ মহাবিদ্যালয় (স্বায়ত্বশাসিত)ত ধুবুৰী জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। এই সম্পৰ্কত শনিবাৰে এক সংবাদমেলৰ আয়োজন কৰে।
উল্লেখযোগ্য যে, সংবাদমেলযোগে এই কথাৰ সদৰী কৰে ধুবুৰী জিলাৰ অতিৰিক্ত আয়ুক্ত ( স্বাস্থ্য) কাৰ্তিক কলিতাই। আজি ধুবুৰীৰ যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয় চৌহদৰ জিলা স্বাস্থ্য সমিতিৰ সভাকক্ষত আয়োজন কৰা উক্ত সংবাদমেলত জন্মৰ পৰা ১৮ বছৰীয়া শিশু কিশোৰ -কিশোৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লক্ষ্য হিচাপে বাচি লোৱা হৈছে বুলি জানিবলৈ দিয়ে।
উক্ত স্বাস্থ্য শিবিৰত ১৭ জন বিশেষজ্ঞ চিকিৎসকৰ উপৰিও অনান্য চিকিৎসকে চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ৰোগীৰ মাজত বিনামূলীয়া ঔষধ বিতৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে। আজিৰ উক্ত সংবাদমেলত অতিৰিক্ত আয়ুক্ত (স্বাস্থ্য) কাৰ্তিক কলিতা, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা০ জ্যোতি কুমাৰ দাস, অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া ডা০ আলি হুছেইন আহমেদ, ডা০ মুছকুৰা আহমেদকে স্বাস্থ্য বিভাগৰ অন্যান্য কৰ্মকৰ্তাসকল উপস্থিত থাকে।