/asomiyapratidin/media/media_files/2026/01/06/new-bikhekh-protibedon-1-1-2026-01-06-12-31-13.jpg)
অসমৰ গ্ৰাম্য অৰ্থনীতিৰ এক শক্তিশালী ভেঁটি নিৰ্মাণ কৰি বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত জিনজিয়া অঞ্চলৰ একাংশ উদ্যমী যুৱকে কৃষিখণ্ডত এক বিৰল আদৰ্শ দাঙি ধৰিছে। চাকৰিৰ পাছত দৌৰি সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ শ্ৰম আৰু মেধাৰে জিনজিয়াৰ পথাৰত সোণ বুটলিছে প্ৰায় ২৫ গৰাকীতকৈও অধিক শিক্ষিত যুৱকে। এটা সময়ত কেৱল আনাৰস আৰু পাণ খেতিৰ বাবে পৰিচিত জিনজিয়া এতিয়া এচিয়াৰ ভিতৰতে দ্বিতীয় স্থানত থকা ভাৰতৰ আলু উৎপাদনৰ মানচিত্ৰত এক উজ্জ্বল বিন্দু হৈ পৰিছে। এই সন্দৰ্ভত দিগন্ত শইকীয়াৰ এক বিশেষ প্ৰতিবেদন-
বিহালী বিধান সভা সমষ্টিৰ আলু নগৰী হিচাপে খ্যাত বিস্তৃত অঞ্চলটোৰ প্ৰায় ৬,০০০ বিঘা কৃষিভূমিত বৰ্তমান আলুখেতিৰে সূচনা হৈছে এক সেউজ বিপ্লৱৰ। ধান চপোৱাৰ পাছত যি সময়ত ৰাজ্যৰ বহু পথাৰ ছন পৰি থাকে, সেই সময়ত জিনজিয়াৰ কৃষকসকলে পলকতে পথাৰৰ ৰূপ সলাই পেলাইছে। চৰকাৰী অনুদান বা আঁচনিলৈ অপেক্ষা নকৰি সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে কল্যাণ ৰক্ষিত, দেৱী প্ৰসাদ শৰ্মা, পিকলু মিত্ৰ, সুক্ষেণ নন্দী, সুভাষ সাহা, প্ৰদীপ কুণ্ডু, মদন পাল, পংকজ বৰা আৰু জীৱন শৰ্মাৰ দৰে নিষ্ঠাবান কৃষকসকলে এই কৃষি কৰ্মত ব্ৰতী হৈছে। তেওঁলোকৰ এই উদ্যমে অঞ্চলটোৰ শ -শ নিবনুৱা যুৱকক দেখুৱাইছে স্বাৱলম্বনৰ এক নতুন বাট।
সম্প্ৰতি বিহালী জিনজিয়াৰ এই খেতি কেৱল পেট প্ৰৱৰ্তনৰ বাবে নহয়, ই সম্পূৰ্ণৰূপে ব্যৱসায়িক ভিত্তি উদ্যোগত পৰিণত হৈছে৷ অঞ্চলটোৰ কৃষকসকলে বৰ্তমান কুপ্ৰি-কোকৰাজ, কুপ্ৰি-জ্যোতি, পোখৰাজ, হলেণ্ড আৰু ভূটান-জ্যোতিৰ দৰে অধিক উৎপাদনক্ষম জাতৰ আলুৰ খেতি কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/06/whatsapp-image-2026-01-06-12-25-44.jpeg)
উল্লেখ্য যে,বিগত পাঁচ বছৰত এই কৃষিকৰ্মই এক নতুন মাত্ৰা লাভ কৰিছে। বহুজাতিক কোম্পানী যেনে পেপচি, আই-টি-চি আৰু সিদ্ধিবিনায়ক গ্ৰুপৰ সৈতে চুক্তিবদ্ধ হৈ কৃষকসকলে চিপ্ছ প্ৰস্তুতৰ বাবে উপযোগী বিশেষ জাতৰ আলু উৎপাদন কৰিছে। আই-টি-চিৰ টি-চি-১১, টি-চি-৭৭ আৰু পেপচিৰ এফ-চি-১১ আদি জাতৰ আলুৰ চাহিদা এতিয়া তুংগত। এইসমূহ আলুৰ খেতি চপোৱাৰ ম্যাদ মাত্ৰ ৯০ দিন হোৱাৰ বাবে কৃষকসকলে কম সময়তে অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ ইফালে ঘৰুৱা বজাৰ ব্যৱস্থাত কৃষকৰ মূৰত ভাগি পৰিছে আকাশী চাঙ৷ কৃষিকৰ্মৰে স্বাৱলম্বন পথ প্ৰশস্ত কৰি জীৱন সফলতা আঁজুৰি আনিব বিচৰা অদ্যম সাহসী কৃষকৰ মাজতো ব্যৱসায়িক ক্ষেত্ৰ জটিলতাই গভীৰ চিন্তিত কৰি তুলিছে৷ ইয়াৰ মূল কাৰণ হ’ল আলুৰ ক্ৰমান্বয়ে নিম্নগামী হোৱা বজাৰ মূল্য ৷
বিহালী জিনজিয়াৰ আলু খেতি কৃষক সমাজৰ যিসকল কৃষকে আলু ক্ৰেতা কোম্পানীৰে ব্যাৱসায়িক বুজা-বুজি চুক্তিবদ্ধ হৈছে সেই কৃষকসকলে প্ৰতি কেজিত ১২ টকা নিৰ্ধাৰিত মূল্য লাভ কৰাৰ বিপৰীতে, সাধাৰণ খেতিয়কসকলে মাত্ৰ ৯ টকা দৰ অৰ্থাৎ পানী দৰত আলু বিক্ৰী কৰিবলগীয়া এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'বলগা হৈছে৷ ইপিনে কৃষি কাৰ্যত ব্যৱহৃত সাৰ, বীজ, কীটনাশক আৰু শ্ৰমিকৰ বৰ্ধিত মূল্যৰ তুলনাত শেহতীয়া বজাৰ মূল্যই কৃষকৰ মেৰুদণ্ড ভাঙি দিয়াৰ উপক্ৰম কৰিছে। যদি পৰৱৰ্তী সময়ত এই মূল্য আৰু হ্ৰাস পায়, তেন্তে বহু শিক্ষিত যুৱক পুনৰ ঋণৰ বোজাত ডুব যোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/06/whatsapp-imag-2026-01-06-12-26-00.jpeg)
প্ৰণিধানযোগ্য বিষয়টো হ'ল- বিহালী জিনজিয়া অঞ্চলত ব্যক্তিগত খণ্ডত গঢ়ি উঠা শীতলঘৰসমূহে আলু সংৰক্ষণ ক্ষেত্ৰত কৃষকসকলক যথেষ্ট সকাহ দিছে যদিও উৎপাদিত আলুকে ধৰি খাদ্য শস্য অনুপাতে শীতলঘৰৰো সমস্যাৰে যুঁজিব লগা হৈছে কৃষক সমাজে ৷ উল্লেখযোগ্য যে, বিহালী জিনজিয়াৰ আলু কৃষকসকলে ৰাজ্যৰ চৰকাৰে কৃষৰ দ্বাৰা উৎপাদিত আলুৰ এক নূন্যতম সমৰ্থন মূল্য নিৰ্ধাৰণ,কৃষকসকলৰ বাবে সহজলভ্য কৃষি ঋণ আৰু ৰাজসাহায্যযুক্ত সাৰ-বীজৰ যোগান ব্যৱস্থা ,কৃষি বিভাগৰ বিশেষজ্ঞৰ জৰিয়তে বতৰ আৰু বেমাৰ-আজাৰৰ আগতীয়া জাননী ব্যৱস্থা আৰু আলুৰে জড়িত আন উদ্যোগ স্থাপন ব্যৱস্থা কৰিলে নিশ্চিতভাৱে আলু কৃষিৰে জড়িত কৃষক সমাজ লাভান্বিত হোৱাৰ উপৰিও ৰাজ্যৰ অৰ্থনৈতিক ভেঁটি টনকিয়াল কৰাত বিহালী জিনজিয়াৰ আলু আৰু আলু কৃষক হ'ব অন্যতম সম্পদ৷ ইপিনে বিহালীৰ জিনজিয়াৰ কৃষকসকলৰ এই প্ৰচেষ্টাই প্ৰমাণ কৰে যে সঠিক পৰিকল্পনা আৰু শ্ৰম থাকিলে অসমৰ কৃষি খণ্ডই দেশৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিব পাৰে। কিন্তু এই 'সেউজ বিপ্লৱ'ক জীয়াই ৰাখিবলৈ চৰকাৰী সদিচ্ছা আৰু সঠিক বজাৰ ব্যৱস্থাপনাৰ অত্যন্ত প্ৰয়োজনীয়তা আছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us