/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/1198402d-7a9a-416e-965f-29f4ad8a27e2/api.jpg)
Missing girl
ডিজিটেল সংবাদ, চিৰাংঃ বিগত ২৪ দিনে ঘৰৰ পৰা ওলাই গৈ ৰহস্যজনক ভাৱে সন্ধানহীন হোৱা ২০ বছৰীয়া কন্যাৰ সন্ধান বিচাৰি বৃহস্পতিবাৰে চিৰাঙৰ কাজলগাঁৱত এহাল পিতৃ-মাতৃয়ে অভিনৱ পন্থা অৱলম্বন কৰা দেখিবলৈ পোৱা যায় । চিৰাং জিলাৰ আমগুৰী থানাৰ অন্তৰ্গত পলাংশুগুৰী গাঁৱৰ বাসিন্দা জীৱন দাস আৰু পাৰ্বতী দাসে নিজৰ সন্ধানহীন হৈ থকা কন্যা মিনতি দাসৰ ছৱি ডিঙিত আঁৰি লৈ খোজকাঢ়ি কাজলগাঁৱস্থিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয়।
উল্লেখ্য যে ,যোৱা ১৪ আগষ্ট তাৰিখে পলাংশুগুৰী গাঁৱৰ নিজৰ ঘৰৰ পৰা দোকানত কিছু প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ উপৰি নিকট আত্মীয়ৰ ঘৰলৈ যাওঁ বুলি মাক আৰু দেউতাকক জনাই ওলাই যোৱাৰে পৰা সন্ধানহীন হোৱা কন্যা মিনতি দাসৰ পৰিয়ালৰ লোকে পৰৱৰ্ত্তী সময়ত আমগুৰী আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰে । কিন্তু নিৰুদ্দেশ হোৱাৰ ২৪ দিন উকলি যোৱাৰ পিছতো আমগুৰী থানাৰ আৰক্ষীয়ে মিনতি দাসৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহোৱাত পিতৃ-মাতৃ গভীৰ চিন্তাত পৰে।
জানিব পৰা মতে আমগুৰী আৰক্ষী থানাৰ আৰক্ষীয়ে উক্ত যুৱতী গৰাকীৰ সন্ধান উলিয়াবলৈ যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই উপায়ন্তৰ হৈ পিতৃ-মাতৃহালে সন্ধানহীন কন্যাৰ ফটো ডিঙিত আঁৰি লৈ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয় । প্ৰাপ্ত খবৰ অনুসৰি চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাৰ সৈতে সাক্ষাৎকাৰ কৰাৰ সময়ত দম্পতীহালক জনোৱা হয় যে মিনতি দাস খুৱ সম্ভৱ ৰেল যোগে বহিঃৰাজ্যলৈ গৈছে । কাৰণ আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত মিনতি দাস ঘৰৰ পৰা ওলাই যোৱাৰ দিনা নিউ বঙাইগাঁও ৰেলষ্টেচনৰ ক্লজ চাৰ্কিট কেমেৰাত যুৱতী গৰাকীক ৰেলষ্টেচন চৌহদত ঘুৰি ফুৰা দেখিবলৈ পোৱা গৈছিল ।
আৰক্ষীয়ে নিৰুদ্দেশ যুৱতী গৰাকীৰ সন্ধান অব্যাহত ৰাখিছে আৰু খুব কম সময়ৰ ভিতৰত মিনতি দাসৰ সন্ধান উলিয়াবলৈ সক্ষম হ'ব বুলি আশ্বাস প্ৰদান কৰে । দুখীয়া পিতৃ মাতৃৰ আহ্বান ৰক্ষা কৰি চিৰাং আৰক্ষীয়ে শীঘ্ৰেই নিৰুদ্দেশ হৈ থকা যুৱতী গৰাকীৰ সন্ধান উলিয়াব বুলি আশা প্ৰকাশ কৰে বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেচনৰ নেতা মানিক দত্তই।