/asomiyapratidin/media/media_files/2026/01/10/1-2026-01-10-10-25-45.jpg)
ডিজিটেল সংবাদ,ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত যোৱানিশা এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। ৰঙাপৰা ৰেলৱে নিউ কলনীৰ সমীপৰ বাসিন্দা প্ৰভাত দাস নামৰ লোকজনৰ আৱাসগৃহত এই বিধ্বংসী অগ্নিকাণ্ডটো সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত দাউ দাউকৈ জ্বলি উঠা জুয়ে নিমিষতে দাসৰ বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত কৰে।
ঘটনাৰ বিবৰণি অনুসৰি, অকলশৰীয়া প্ৰভাত দাসে শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ ঘৰৰ ভিতৰতে জুই ফুৱাই আছিল। সেই জুইৰ ফিৰিঙতিৰ পৰাই হঠাত্ এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। অগ্নিকাণ্ডটো ইমানেই ভয়াবহ আছিল যে ঘৰৰ কোনো সামগ্ৰীয়েই ৰক্ষা কৰিব পৰা নগ’ল যদিও প্ৰভাত দাসে কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।
ঘটনাৰ খবৰ পোৱাৰ পাছত ঘটনাস্থলীত অগ্নি নিৰ্ব্বাপক বাহিনীৰ গাড়ী উপস্থিত হয়। যদিও দাসৰ ঘৰটো ৰক্ষা কৰিব পৰা নগ’ল, তথাপি অগ্নি নিৰ্ব্বাপক বাহিনীৰ তৎপৰতাত জুইৰ লেলিহান শিখা প্ৰতিবেশী লোকসকলৰ আৱাসগৃহলৈ সম্প্ৰসাৰিত হোৱাৰ পৰা ৰক্ষা পৰে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us